ইংলেণ্ডক ঘৰৰ মাটিতে গৈ সকীয়ালে কৰুণ নায়াৰেঃ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা নহয়, সাজু থকাৰ হুংকাৰ
ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাৰ বাবে ইতিমধ্যে ঘোষিত ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে কৰুণ নায়াৰ। তাৰ পূৰ্বে প্ৰস্তুতি হিচাপে ভাৰত এ দলে ইংলেণ্ড লায়ন্সৰ বিপক্ষে খেলিছে দুখনীয়া মেচৰ এক শৃংখলা। নিজৰ চমকপ্ৰদ ফৰ্মৰ পুনৰ প্ৰমাণ দি কৰুণে চলি থকা এই শৃংখলাৰ প্ৰথমখন মেচখনত এক দৰ্শনীয় দ্বিশতকীয় ইনিংছ খেলিছে।

২০1১৬, চেন্নাইত ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ। এই মেচখন ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে হৈ পৰিল চিৰস্মৰণীয়। বীৰেন্দ্ৰ সেহৱাগৰ পিছত কোনো এগৰাকী ভাৰতীয় বেটছমেনৰ বেটৰ পৰা প্ৰথমবাৰৰ বাবে আহিল এক ত্ৰিশতকীয় ইনিংছ। তাৰ পিছতে খেলুৱৈগৰাকীৰ প্ৰশংসাত পঞ্চমুখ সকলো। কিন্তু এই প্ৰভাৱ বেছিদিনলৈ নাথাকিল। ইয়াৰ পিছৰ বৰ্ষতে দেশৰ জাৰ্চি পিন্ধি অন্তিমবাৰলৈ দেখা গ’ল খেলুৱৈগৰাকীক। তাৰ পিছত বহুসময়লৈ চৰ্চালৈও নাহিল এই খেলুৱৈগৰাকীৰ নাম।
কিন্তু যোৱা প্ৰায় ডেৰ বছৰ সময় ভাৰতীয় ক্ৰিকেটত পুনৰ এবাৰ উচ্চ স্বৰে উচ্চাৰিত হ’ল এই খেলুৱৈগৰাকীৰ নাম। নিজৰ দমনীয় প্ৰদৰ্শনেৰে পুনৰ এবাৰ তেওঁ প্ৰমাণ কৰিলে প্ৰতিভা। আৰু এই প্ৰদৰ্শনৰ সুবাদতে জাতীয় দললৈ পুনৰ উভতিছে এই খেলুৱৈজন। নাম তেওঁৰ কৰুণ নায়াৰ। সুদীৰ্ঘ প্ৰায় ৮ বছৰৰ অন্তত ভাৰতীয় দললৈ নায়াৰৰ ঘটিছে প্ৰত্যাৱৰ্তন। জাতীয় দলৰ জাৰ্চি পুনৰ পৰিধানৰ পূৰ্বে এতিয়া নায়াৰে পুনৰ দেখুৱাইছে চমক।
আই পি এলৰ পিছতে পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় দলে। এই শৃংখলাৰ বাবে ইতিমধ্যে ঘোষিত দলত অন্তৰ্ভুক্ত হৈছে কৰুণ। তাৰ পূৰ্বে প্ৰস্তুতি হিচাপে ভাৰত এ দলে ইংলেণ্ড লায়ন্সৰ বিপক্ষে খেলিছে ৱাৰ্ম আপ মেচ। এই মেচতো ভাৰতীয় এ দলটোৰ অংশ কৰুণ। নিজৰ চমকপ্ৰদ ফৰ্মৰ পুনৰ প্ৰমাণ দি কৰুণে চলি থকা এই মেচখনত এক দৰ্শনীয় দ্বিশতকীয় ইনিংছ খেলিছে।
শুকুৰবাৰৰ পৰা কেণ্টাৰবেৰীত আৰম্ভ হোৱা ইণ্ডিয়া এ আৰু ইংলেণ্ড লায়ন্সৰ প্ৰথমখন মেচত অ’পেনাৰদ্বয় অভিমন্যু ইশ্বৰন আৰু যশস্বী জয়ছোৱালৰ আগতীয়া বিদায়ৰ পিছত দলৰ ইনিংছ চম্ভালি লয় কৰুণ নায়াৰে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকতা প্ৰদৰ্শন কৰা কৰুণে ইংলেণ্ডত এই ধাৰা অব্যাহত ৰাখিব পাৰিব নে নোৱাৰে, সেই লৈ সকলো উৎসুক হৈ আছিল। অনুৰাগীক নিৰাশ নকৰি প্ৰথম দিনাই কৰুণে দৰ্শনীয় শতক অৰ্জন কৰে।
প্ৰথম দিনাৰ খেল সামৰণিৰ পৰলৈ ১৮৬ ৰান সংগ্ৰহ কৰি অপৰাজিত থকা কৰুণ নায়াৰে আজি দ্বিতীয় দিনা দ্বিশতক সম্পূৰ্ণ কৰে। ক্ৰীজত দৃঢ়তাৰে থিয় দি নায়াৰে ২৮১টা বলত ২৬টা চাৰি আৰু ১টা ছয়েৰে নায়াৰে ২০৬ ৰান সংগ্তেৰহ কৰি বিদায় লয়। নায়াৰৰ এনে প্ৰদৰ্শনৰ সুবাদতে ভাৰত এ দলে ৫৫৭ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। উল্লেখ্য যে ৩৩ বছৰীয়া কৰুণ নায়াৰৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ এয়া চতুৰ্থটো দ্বিশতক।
কাকতলীয়াভাৱে ইয়াৰে ৩টা দ্বিশতক তেওঁ ইংলেণ্ড বা দেশখনৰে কোনো এটা দলৰ বিৰুদ্ধে অৰ্জন কৰিছে। ২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে চেন্নাই টেষ্টত তেওঁ ঐতিহাসিক ত্ৰিশতক অৰ্জন কৰিছিল। তাৰ পিছত যোৱা বছৰ ইংলেণ্ডৰ কাউন্টি ক্ৰিকেটত গ্লেমৰ্গানৰ বিৰুদ্ধে নৰ্থাম্পটনশ্বাইৰৰ হৈ দ্বিশতকীয় ইনিংছ খেলিছিল। এতিয়া ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাত নায়াৰে কেনে প্ৰদৰ্শন আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব।