শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বতৰ বিজ্ঞান বিভাগৰ বজ্ৰপাতৰ সতৰ্কবাণী, বানত বুৰিছে ৬ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল, প্ৰায় ১২০০০ লোক প্ৰভাৱিত

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ একাধিক অঞ্চল বানত প্লাৱিত হোৱাৰ তথ্য পোৱা গৈছে । গ্ৰাম্যাঞ্চল আৰু চহৰীয়া অঞ্চল উভয়তে বসবাস কৰা লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । চৰকাৰী সূত্ৰ অনুসৰি ছখন জিলা- ধেমাজি, লখিমপুৰ, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, আৰু কাছাৰত বাঢ়নী পানীৰ ফলত ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে ।

বতৰ বিজ্ঞান বিভাগৰ বজ্ৰপাতৰ সতৰ্কবাণী, বানত বুৰিছে ৬ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল, প্ৰায় ১২০০০ লোক প্ৰভাৱিত
গুৱাহাটীত বানImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 31 May 2025 12:21 PM

নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ লগতে ৰাজ্যৰ আন কেবাটাও অঞ্চলত উদ্ভৱ হৈছে বান পৰিস্থিতিৰ । গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । সমগ্ৰ ৰাজ্যতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰী কৰিছে ৰেড এলাৰ্ট । গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ৰাজপথ সমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত শনিবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হয় ।

কৃত্ৰিম বানৰ কবলত দিশহাৰা হোৱা লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে । দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । এই সতৰ্কবাণী অনুসৰি পুৱা ১০ বজাৰ পৰা ১:০০ বজাৰ ভিতৰত প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, কামৰূপ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমি জিলাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ একাধিক অঞ্চল বানত প্লাৱিত হোৱাৰ তথ্য পোৱা গৈছে । গ্ৰাম্যাঞ্চল আৰু চহৰীয়া অঞ্চল উভয়তে বসবাস কৰা লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । চৰকাৰী সূত্ৰ অনুসৰি ছখন জিলা- ধেমাজি, লখিমপুৰ, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, আৰু কাছাৰত বাঢ়নী পানীৰ ফলত ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে ।

বিগত ২৪ ঘণ্টাত বাঢ়নী পানীত কোনো লোক প্ৰাণহানি হোৱাৰ খবৰ পোৱা নাই । কিন্তু বাঢ়নী পানীয়ে গ্ৰাম্যাঞ্চলত ১৮৫৬ জন ব্যক্তিক স্থানচ্যুত কৰিছে বা প্ৰভাৱিত কৰিছে । আনহাতে চহৰ অঞ্চলত ইয়াৰ প্ৰভাৱ যথেষ্ট বেছি হৈছে, ১০,১৫০ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে ।

দুৰ্ভাগ্যজনকভাৱে কামৰূপ মহানগৰ জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত ৫ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে । অনাগত দিনত অধিক বৰষুণৰ সম্ভাৱনা থকাৰ বাবে স্থানীয় কৰ্তৃপক্ষ আৰু দুৰ্যোগ সঁহাৰি দলসমূহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

সতৰ্কবাণী জাৰী কৰা জিলাসমূহৰ বাসিন্দাসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ, এই সময়চোৱাত ঘৰৰ ভিতৰতে থাকিবলৈ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ লগতে প্ৰতি মুহূৰ্তৰ আপডেট প্ৰদান কৰি বতৰৰ পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণক সতৰ্ক কৰি আহিছে ।