শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গৌৰৱ গগৈ (Gaurav Gogoi)

গৌৰৱ গগৈ (Gaurav Gogoi)

গৌৰৱ গগৈ এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।

গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শাসনত আছিল। গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।

গগৈ ২০১৪ চনৰ মাৰ্চত চনত কংগ্ৰেছ দলৰ পৰা মনোনীত হয় কলিয়াবৰ (লোকসভা সমষ্টি)ৰ বাবে। তাৰ পিছত তেওঁ লোকসভা নিৰ্বাচনত সৰ্বমুঠ ৪,৪৩,৩১৫ ভোট লাভ কৰি বিজয়ী হয় আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।

গৌৰৱ গগৈৰ পত্নীৰ নাম এলিজাবেথ। এতিয়া দুই পুত্ৰ-কন্যাৰ পিতৃ-মাতৃ গৌৰৱ গগৈ আৰু এলিজাবেথ।

Read More

ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ, ধুবুৰীত গৌৰৱ গগৈৰ অভিযোগ

অসমত হ'বলগীয়া এছ আৰ প্ৰক্ৰিয়াক সমালোচনা গৌৰৱ গগৈৰ। তেওঁ কয় যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যেতিয়া ভোটাৰ তালিকা সম্পৰ্কে কিছু নিৰ্দেশনা লৈ অসমলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা উৎফুল্লিত হৈ পৰিল। তেওঁ গম পাই গৈছে হিমন্তৰ ডুবি থকা নাও মাত্ৰ ভুৱা ভোটাৰ তালিকাৰেহে বচাব পাৰিব।

বিহাৰৰ দৰে গতি অসমত নহয় কংগ্ৰেছৰ, উৎখাত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ…আশাবাদী গৌৰৱ গগৈ

বিহাৰৰ নিৰ্বাচত ভোট চুৰিৰ প্ৰসংগ তুলিলে গৌৰৱ গগৈয়ে। অসমৰ নিৰ্বাচনত বিহাৰৰ ফলাফলে প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰিব বুলিও আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।

মুখ্যমন্ত্ৰীৰ মুখত পুনৰ গৌৰৱ গগৈৰ ‘ISI’ লিংক প্ৰসঙ্গ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

আগবাঢ়িছে দিল্লী বিস্ফোৰণৰ তদন্ত। তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অসমত দিল্লী বিস্ফোৰণ প্ৰসঙ্গত বিতৰ্কিত পোষ্ট দিয়াৰ বাবে অসম আৰক্ষীয়ে ১৫ জনক গ্ৰেপ্তাৰ কৰিছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ শুনা গৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসঙ্গ। থোৰতে চাওঁ আহক দিনটোৰ চৰ্চিত খবৰসমূহ।

“মিঞাৰ সমৰ্থক তিনি গগৈ, বিজেপি নাথাকিলে অসম দখল কৰিব মিঞাই”: মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

বিৰোধীৰ বৈঠকক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বৈঠক লুৰীণজ্যোতি গগৈৰ বিয়াৰ দিন ঠিক কৰিবলৈ আয়োজন কৰা বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। তিনি গগৈক মিঞা সম্প্ৰদায়ৰ সমৰ্থক বুলি কয় ডঃ শৰ্মাই।

২০২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্প বিৰোধী দলৰ…

Gaurav Gogoi: সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি চলাইছে। এইবাৰ নিৰ্বাচনত বিজেপিক ৰুধিবলৈ একত্ৰিত হৈছে বিৰোধী। কেইবাটাও দল লগ গৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত।

বিজেপিক ওফৰাই পেলোৱাৰ লক্ষ্য! ৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ বৈঠক…

সমাগত বিধানসভা নিৰ্বাচন। ইয়াক লৈ প্ৰস্তুতি চলাইছে প্ৰতিটো ৰাজনৈতিক দলে। ইয়াৰ মাজতে আজি ৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন হয়।

হিমন্ত বিশ্ব শৰ্মাৰ ‘পাকিস্তানী এজেণ্ট’ৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ, এয়া মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” আখ্যা

নিজৰ মাজৰ যুঁজ-বাগৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। দুয়োৰে মাজত অব্যাহত আছে তীব্ৰ বাকযুদ্ধ।

জুবিন গাৰ্গৰ ন্যায়ৰ পিছত কি হ’ব গৌৰৱ গগৈৰ! গৌৰৱক পাকিস্তানী এজেণ্ট আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য

ৰাজ্যৰ ৰাজনীতিত কিছুদিন পূৰ্বলৈকে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলিছিল তীব্ৰ বাকবিতণ্ডা। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাগৰাকীৰ পাকিস্তান সংযোগৰ অভিযোগ তোলাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।

হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ চিন্তা-চৰ্চা বিজেপিত, সেয়ে চলিছে অপপ্ৰচাৰ, অভিযোগ গৌৰৱৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনক ব্যৱহাৰ কৰি তদন্ত প্ৰক্ৰিয়াক প্ৰকৃত সত্যৰ পৰা আঁতৰাই “কৰ্মী আৰু সমালোচকক ভাবুকি দিয়া” বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে।

পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবাণ গৌৰৱ গগৈৰ

গৌৰৱ গগৈয়ে কয়, " মুখ্যমন্ত্ৰীয়ে কথা বেকা কৰাত পাৰ্গত। পাকিস্তানৰৰ সৈতে মোৰ সম্পৰ্ক থকা বুলি কৈছিল। ৰাহুল গান্ধীক বডি ডাবল বুলি কৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আস্থা নাই । মিছা অভিযোগ অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।"

Gaurav Gogoi : মুখ্যমন্ত্ৰীয়ে সদায় উল্টা কথাহে বুজে আৰু অসমৰ ৰাইজক কয়, গৌৰৱৰ কটাক্ষ

তেলেংগানা বা হাইদৰাবাদত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰ কংগ্ৰেছ চৰকাৰ থকাৰ বাবে নগ'ল নেকি। মন্ত্ৰীজনে আবেগিক হৈ কিবা এটা ক'লে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ ওলোটাকৈ বুজে। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

“ৰৈ ৰৈ বিনালে” ছবিখনক কৰমুক্ত ঘোষণা কৰাৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

"ৰৈ ৰৈ বিনালে" ৰ কৰ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Morning News: জুবিনক্ষেত্ৰৰ SOPৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ

‘জুবিনক্ষেত্ৰ’ দৰ্শনৰ বাবে সময়সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। এই সিদ্ধান্তৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কেইবাজনো সতীৰ্থসহ যোৱা নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত উপস্থিত হয়।

মুখ্যমন্ত্ৰীৰ সৈতে শ্যামকানু মহন্তৰ সম্পৰ্ক লুকুৱাবলৈ গঠন কৰা হৈছে SIT: গৌৰৱ গগৈ

গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়,  ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা যেন অনুভৱ হৈছে।

ৰাজ্যৰ খবৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চাওক আজি দিনটোৰ চৰ্চিত কেইটামান খবৰ

জুবিন বিহীন এটা মাহ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে আজি সোণাপুৰত থকা তেওঁৰ সমাধিস্থলীত ব্যাপক সংখ্যক লোকৰ সমাগম হয়। গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমাধিস্থলী।