শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰফ গলিছে, শুভ্ৰ কাঞ্চনজংঘাৰ শিখৰত জিলিকিছে ক’লা শিলাখণ্ড

চিন্তাত পেলোৱা ধৰণৰ এখন ছবি পোহৰলৈ আহিছে কাঞ্চনজংঘাৰ । হিমালয়ৰ তৃতীয় সু-উচ্চ শৃংগ, যিটো বছৰৰ সকলো সময়তে বৰফাবৃত হৈ থাকে । সেই কাঞ্চনজংঘাত এতিয়া বৰফ নাই, দেখা গৈছে মাত্ৰ ক'লা শিলাখণ্ড ।

বৰফ গলিছে, শুভ্ৰ কাঞ্চনজংঘাৰ শিখৰত জিলিকিছে ক’লা শিলাখণ্ড
কাঞ্চনজংঘাImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Updated On: 30 May 2025 15:21 PM

ব্যস্ততাপূৰ্ণ জীৱনত দুই-তিনিদিনৰ বাবে একেলগে ছুটী পালে আপোনাৰো নিশ্চয় মন যায় ফুৰিবলৈ যাব । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাইলৈ গৈ কিছু মানসিক প্ৰশান্তি লভিবলৈ আপুনিও নিশ্চয় ইচ্ছা কৰে । বহুতেই ভাল পায় পাহাৰীয়া অঞ্চলত ঘূৰি-ফুৰি । কাঞ্চনজংঘাও পৰ্যটকৰ অন্যতম আকৰ্ষণৰ থল ।

“মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰ শিৰ ময়ে অভ্ৰভেদি বীৰ…” মনত আছে নিশ্চয় কবিতাটো । কিন্তু এতিয়া যেন ক্ৰমে হেৰাই গৈছে কাঞ্চনজংঘাৰ সেই তুষাৰ শুভ্ৰ শিৰ । শেহতীয়াকৈ প্ৰকাশিত এখন ছবিয়ে চিন্তাত পেলাইছে সকলোকে । বহুতৰে মনত প্ৰশ্ন উঠিছে এয়া শুভ্ৰ কাঞ্চনজংঘা নে কালাপাহাৰ ।

চিন্তাত পেলোৱা ধৰণৰ এখন ছবিয়েই পোহৰলৈ আহিছে কাঞ্চনজংঘাৰ । হিমালয়ৰ তৃতীয় সু-উচ্চ শৃংগ, যিটো বছৰৰ সকলো সময়তে বৰফাবৃত হৈ থাকে । সেই কাঞ্চনজংঘাত এতিয়া বৰফ নাই, দেখা গৈছে মাত্ৰ ক’লা শিলাখণ্ড ।

শুকুলা কাঞ্চনজংঘাৰ এই ৰূপ বহুতেই সহিব পৰা নাই । পৃথিৱীৰ তৃতীয় সু-উচ্চ শৃংগত কি অভাৱ ঘটিছে বৰফৰ ? ৩০ মে’ত গেংটকৰ পৰা এগৰাকী বিশেষজ্ঞই কেমেৰাত বন্দী কৰা ফটো-ভিডিঅ’ই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । সেই ফটো আৰু ভিডিঅ’ত দেখা গৈছে কাঞ্চনজংঘা শৃংগত বৰফৰ শুকুলা আৱৰণৰ কেইডালমান ৰেখা আছে । বাকী অংশ সম্পূৰ্ণ ক’লা শিলাখণ্ড । কাঞ্চনজংঘাৰ বৰফবোৰ গলি গ’ল নেকি?

বিশেষজ্ঞৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলতেই দ্ৰুতভাৱে গলিছে বৰফ । এইদৰে হৈ থাকিলে পাহাৰীয়া নদীৰ পানীৰ পৰিমাণ হ্ৰাস পাব । উত্তৰ বংগ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পানীৰ অন্যতম উৎস এই নদীসমূহ । পানী কম হৈ গ’লে সমতলৰ মানুহ ব্যাপক সমস্যাত পৰিব ।

গোলকীয় উষ্ণতাক লৈ দীৰ্ঘদিন ধৰি আলোচনা-বিলোচনা চলি থকা দেখা গৈছে । সেয়া কেৱল উদ্বেগতে সীমাবদ্ধ হৈ থকা নাই । যদি কাঞ্চনজংঘাৰ দৰে সুউচ্চ শৃংগত বৰফ গলি যায়, তেন্তে আগন্তুক সময়ত পৰিস্থিতি কিমান ভয়ানক হ’ব ই এক চিন্তাৰ কাৰণ ।