শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা বতৰৰ বতৰালৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা বতৰৰ বতৰালৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 31 May 2025 23:31 PM

প্ৰকৃতিৰ এনে ৰুক্ষ ৰূপৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে ৰেড এলাৰ্ট জাৰী কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। এই সময়চোৱাত সকলো লোককে ঘৰৰ ভিতৰতে থাকিবলৈ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গৈছে গুৱাহাটী মহানগৰ। এই বান পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ একাধিক স্থানত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। গুৱাহাটীৰ খাৰঘূলি, চপাইদাং, কামাখ্যা অঞ্চলত ভূমিস্খলন সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ইফালে কামৰূপ মহানগৰৰ লগতে লখিমপুৰ, কামপুৰ, গোৱালপাৰা, ধেমাজিকে ধৰি কমেও ৬ খন জিলা সম্প্ৰতি বানৰ কবলত পৰিছে। প্ৰথমটো বানৰ ফলত প্ৰায় ১২০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। বহু স্থানত মথাউৰি আৰু ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰো প্ৰকাশ পাইছে।

প্ৰকৃতিৰ এনে ৰুক্ষ ৰূপৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে ৰেড এলাৰ্ট জাৰী কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। এই সময়চোৱাত সকলো লোককে ঘৰৰ ভিতৰতে থাকিবলৈ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

চাওঁ আহক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ….