খিলঞ্জীয়াক অস্ত্ৰৰ অনুুজ্ঞাপত্ৰ দিয়া সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ, ক’লে- এয়া চৰকাৰৰ বিফলতা…
খিলঞ্জীয়াক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। এই সিদ্ধান্তক গগৈয়ে তীব্ৰ গৰিহনা দিয়াৰ লগতে এয়া চৰকাৰৰ বিফলতা বুলি কয়।

পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তৰ বিৰোধিতা কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে গগৈয়ে। সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট দি গগৈয়ে অসম চৰকাৰৰ সিদ্ধান্তক গৰিহনা দিয়াৰ লগতে এয়া মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ বিফলতা বুলি কয়।
গগৈয়ে কয় যে, “অসম চৰকাৰৰ সিদ্ধান্তমৰ্মে অসম চৰকাৰৰ যুৱকসকলক মাৰণাস্ত্ৰৰ লাইসেন্স দিয়া হ’ব, বন্দুক দিয়া হ’ব। এয়া অত্যন্ত নিন্দনীয়। এয়া অসম চৰকাৰ, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ বিফলতাৰ প্ৰমাণ। নিৰাপত্তাৰ দায়িত্ব হ’ল বৰ্তমানৰ চৰকাৰৰ। চৰকাৰে উত্তৰ দিব লাগে যে এন আৰ চি ক’ত, অসম চুক্তি ক’ত? কিয় লাইসেন্স দিছে মাৰণাস্ত্ৰৰ? এয়া ৰাজনীতিৰ বাহিৰে আন একো নহয়”।
লগতে তেওঁ কয় যে, “ইয়াৰ অধীনত চৰকাৰে এতিয়া বিজেপি, আৰ এছ এছ, কয়লা-বালি চিণ্ডিকেটকৰ সৈতে জড়িতসকলক মাৰণাস্ত্ৰ প্ৰদান কৰিব। সেইসকলে এতিয়া ব্যক্তিগত স্বাৰ্থত আতংকৰ সৃষ্টি কৰিব। ৰাইজে বন্দুক নিবিচাৰে, ৰাইজে পানী আৰু চাকৰি বিচাৰে। এই সিদ্ধান্তক তীব্ৰ গৰিহনা দিছো”।
উল্লেখ্য যে, কিছুদিন পূৰ্বে অসম চৰকাৰে ৰাজ্য়িক কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সিদ্ধান্ত অনুসৰি চৰকাৰে খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ঘোষণা কৰিছিল। এই অনুজ্ঞাপত্ৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত বাস কৰাসকলক দিয়া হ’ব যাতে জাতি, মাটি আৰু ভেটিসুৰক্ষিত হ’ব পাৰে। চৰকাৰে লগতে এয়াও কৈছিল যে, এনে অঞ্চলত বসবাস কৰা লোকসকলৰ দাবীসমূহ পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও আৰু দক্ষিণ শালমাৰা, মানকাচাৰ, গোৱালপাৰা জিলাত খিলঞ্জীয়াসকল সংখ্যালঘু। লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু হিংসাৰ বাবে তেওঁলোকক লক্ষ্য কৰি লোৱা হয়। অসমতে খিলঞ্জীয়াসকল নিৰাপত্তাহীনতাত ভোগে। গতিকে খিলঞ্জীয়াৰ সুৰক্ষাৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে।
শৰ্মাই কৈছিল যে, অসম আন্দোলনৰ সময়ৰ ইয়াৰ দাবী উত্থাপন হৈ আহিছে। কিন্তু পূৰ্বৰ কোনো চৰকাৰে ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা নাছিল। শৰ্মাই অভিযোগ কৰিছিল যে, পূৰ্বৰ চৰকাৰে খিলঞ্জীয়াক মাৰণাস্ত্ৰ প্ৰদান কৰিলে মাটি বিক্ৰী কৰি পলায়ন নকৰিলহেতেন। ইয়াৰোপৰি শৰ্মাই কয় যে, এই অনুজ্ঞাপত্ৰ কোনো অপৰাধী বা অপৰাধী ভাবমূৰ্তি থকা ব্যক্তিক যাতে দিয়া নহয়। গতিকে এই বিষয়টোৱে এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাই আছে।
অন্য খবৰ পঢ়কঃ “গৌৰৱৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল”- চি এম ভিজিলেন্সত হাজিৰ ৰিপুণ বৰা…