TV9 ASSAM
নিশা টোপনিৰ সময়ত বহু লোকৰ পিয়াহ লাগে। এয়া স্বাভাৱিক। পিছে কেইবাদিন ধৰি যদি এনে অৱস্থাই হৈ থাকে, তেতিয়া সাৱধান হোৱাটো প্ৰয়োজন।
দৈনিক এইদৰে টোপনিতো পিয়াহ লাগিলে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সাধাৰণতে টোপনিত পিয়াহৰ সমস্যা দেহত পানীৰ অভাৱৰ বাবে হ’ব পাৰে।
শৰীৰত পানীৰ অভাৱ হ’লে ডিহাইড্ৰেচন হয়। এই সমস্যা হ’লে ব্যক্তিজনে পিছত যিমানেই পানী নাখাওক কিয়, তেওঁৰ পিয়াহ দূৰ নহয়।
যদি কাৰোবাৰ তেজত চেনিৰ পৰিমাণ বাঢ়ে, তেতিয়া প্ৰস্ৰাৱৰ সময়ত ওলাই আহে। সেয়ে তেওঁ সঘনাই প্ৰস্ৰাৱ কৰে।
প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী নিৰ্গত হোৱাৰ বাবে বহুলোকে পিয়াহ অনুভৱ কৰে। গতিকে নিশা হঠাৎ পিয়াহ লগাটো ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।
ৰক্তচাপ বাঢ়িলে শৰীৰৰ পৰা অধিক ঘাম ওলায়। অত্যধিক ঘাম ওলালে শৰীৰত পানীৰ অভাৱ অনুভৱ হয়। এনে অৱস্থাত যিমানেই পানী খালেও পিয়াহ দূৰ নহয়।
পেটৰ যিকোনো সমস্যা বা পাচনতন্ত্ৰৰ সমস্যাৰ বাবে বহু লোকৰ ডিঙি আৰু মুখ শুকাই যায়। শুই থকাৰ সময়ত এই লক্ষণ অধিক ভয়াৱহ হয়।
এই সমস্যাৰ প্ৰতিকাৰৰ বাবে জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক
অত্যাধিক ঘাম ওলোৱা ভাল নে বেয়া