Video: ১ জুলাইৰ পৰা ৰাজহুৱা স্থানত নিষিদ্ধ চিগাৰেট সেৱন! ভৰিব লাগিব জৰিমনা
এইবাৰ ফ্ৰান্স চৰকাৰে ৰাজহুৱা স্থানৰ ধূম্ৰপান ৰোধৰ বাবে কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। শিশুৱে যোৱা ৰাজহুৱা স্থানসমূহ, যেনে বাছ ষ্টপ, পাৰ্ক, স্কুল, খেলপথাৰ, আদিত এতিয়া ধূম্ৰপান কৰাৰ অনুমতি নাই। অৱশ্যে কেফেৰ ছাদত ধূমপানৰ অনুমতি দিয়া হৈছে। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ফ্ৰান্সৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰী কেথৰিন ভ’ট্ৰিনে। তেওঁৰ স্পষ্ট কথা, “শিশুসকল য’তেই নাথাকক […]
এইবাৰ ফ্ৰান্স চৰকাৰে ৰাজহুৱা স্থানৰ ধূম্ৰপান ৰোধৰ বাবে কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। শিশুৱে যোৱা ৰাজহুৱা স্থানসমূহ, যেনে বাছ ষ্টপ, পাৰ্ক, স্কুল, খেলপথাৰ, আদিত এতিয়া ধূম্ৰপান কৰাৰ অনুমতি নাই। অৱশ্যে কেফেৰ ছাদত ধূমপানৰ অনুমতি দিয়া হৈছে।
বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ফ্ৰান্সৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰী কেথৰিন ভ’ট্ৰিনে। তেওঁৰ স্পষ্ট কথা, “শিশুসকল য’তেই নাথাকক কিয়, তাত ধঁপাত থাকিব নোৱাৰে। ধূম্ৰপানৰ স্বাধীনতা তাতেই শেষ, য’ত শিশুৰ শুদ্ধ বতাহত উশাহ লোৱাৰ অধিকাৰ আৰম্ভ হয়।”
জানিব পৰা মতে ১ জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব। ৰাজহুৱা স্থানত ধূম্ৰপান সেৱন নিষিদ্ধ যদিও বৰ্তমান ইলেক্ট্ৰনিক চিগাৰেট ৰেহাই দিয়া হৈছে। যদি কোনোবাই ৰাজহুৱা স্থানত ধূমপান কৰি ধৰা পৰে তেন্তে ১৩৫ ইউৰো জৰিমনা ভৰিব লাগিব, যিটো ভাৰতীয় মুদ্ৰাত ১৩ হাজাৰ টকা।