শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Flood: জলমগ্ন গুৱাহাটী! নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ, প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ

Artificial flood in Guwahati: বিপদে লগ নেৰা হৈছে মহানগৰবাসীক। গুৱাহাটীৰ প্ৰায় ভাগ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত । এতিয়াও এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ।

Guwahati Flood: জলমগ্ন গুৱাহাটী! নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ, প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ
জলমগ্ন গুৱাহাটী
barasha-misra
Barasha Misra | Updated On: 30 May 2025 14:53 PM

আকৌ গুৱাহাটীত কৃত্ৰিম বান। আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে মহানগৰীৰ। কালিৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভৰি পৰিছে পানী। এই বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যা ত্ৰমাৎ বৃদ্ধি পাইছে। এতিয়া মহানগৰীৰ অলি-গলি ভৰি পৰিছে পানীৰে।

গুৱাহাটীৰ কৃত্ৰিম বান যেন এতিয়া নিত্য নৈমিত্তিক সমস্যাত পৰিণত হৈছে। বিগত দুদিন ধৰি কৃত্ৰিম বানত বুৰ গৈ আছে গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল। চানমাৰি, হাতীগাওঁ, অনিল নগৰ, নবীন নগৰ, জু-ৰোডকে ধৰি কাহিলীপাৰাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মুষলধাৰ বৰষুণৰ ফলত মহানগৰীত হাহাকাৰ ।

ইয়াৰ মাজতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱাও বন্ধ কৰি দিয়া হৈছে। নেৰানেপেৰা বৰষুণ আৰু বতাহৰ বাবে সাময়িকভাৱে বাতিল ফেৰী সেৱা। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল বন্ধ থাকিব।

মহানগৰ প্ৰশাসনৰ হেল্পলাইন নম্বৰ

কালিৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে মূল ৰাজপথৰ লগতে পদপথ। এই বৰষুণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে। বহুজনে বানৰ বাবে কামলৈও যাব নোৱাৰিলে। কৃত্ৰিম বানকলৈ চিন্তিত হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন। আজি মহানগৰ প্ৰশাসনে মুকলি কৰিছি দুটাকৈ হেল্পলাইন নম্বৰ। সেই নম্বৰ দুটা হৈছে- ০৩৬১১০৭৭ আৰু ৯৩৬৫৪২৯৩১৮। গুৱাহাটীৰ বাসিন্দাসকলৰ বানৰ বাবে উদ্ভৱ হোৱা যিকোনো সমস্যাতে প্ৰশাসনৰ লোকক এই দুটা নম্বৰত ফোন কৰিব পাৰিব।

বতৰ বিজ্ঞানৰ সতৰ্কবাণী

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণকলৈ জিলাই জিলাই জাৰি কৰিছে সতৰ্কবাণী। ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং,বাক্সা, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰিছে ৰঙা সতৰ্কবাণী। ইফালে কমলা সতৰ্কবাণী জাৰি জাৰি কৰিছে, কামৰূপ (গ্ৰাম্য), কামৰূপ(মহানগৰ), নলবাৰী, দৰং, ওদালগুৰি, শোণিতপুৰ,মৰিগাঁও, নগাঁও, গোলাঘাট, হোজাই, ডিমা হাচাও, কাছাৰত। হালধীয়া সতৰ্কবাণী দিছে যোৰহাট, বিশ্বনাথ, আৰু লখিমপুৰত।