শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
প্ৰতিৰক্ষা খণ্ডত অধিক শক্তিশালী হৈছে ভাৰত, ১৫ শতাংশতকৈ অধিক বৃদ্ধি বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন

প্ৰতিৰক্ষা খণ্ডত অধিক শক্তিশালী হৈছে ভাৰত, ১৫ শতাংশতকৈ অধিক বৃদ্ধি বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন

Raj Saikia
Raj Saikia | Published: 31 May 2025 20:58 PM

ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত ই সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে । এই পৰিসংখ্যা হৈছে ১ লাখ ৪৬ হাজাৰ কোটি ।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে ভাৰত । শক্তি বাঢ়িছে ভাৰতীয় সেনাৰ । বৃহস্পতিবাৰে বৃহৎ তথ্য দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয় যে ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত ই সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে । এই পৰিসংখ্যা হৈছে ১ লাখ ৪৬ হাজাৰ কোটি । এবছৰৰ আগতে এই পৰি সংখ্যা আছিল ১ লাখ ২৭ হাজাৰ কোটি টকা । কেৱল সেয়াই নহয়, প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ব্যক্তিগত খণ্ডৰ অৱদানৰ ওপৰতো আলোকপাত কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তথ্য অনুসৰি ব্যক্তিগত খণ্ডই মুঠ প্ৰতিৰক্ষা উৎপাদনত প্ৰায় ২২ শতাংশ অৰিহণা যোগায় । সংখ্যাৰ ফালৰ পৰা এয়া ৩২ হাজাৰ কোটিতকৈও অধিক । নতুন দিল্লীত ভাৰতীয় উদ্যোগ সংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি এই তথ্য দাঙি ধৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তথ্য অনুসৰি কেৱল বিগত বিত্তীয় বৰ্ষত ভাৰতে প্ৰতিৰক্ষা ৰপ্তানিৰ পৰা ২৪ হাজাৰ কোটি টকা উপাৰ্জন কৰিছিল । পূৰ্বৰ বছৰৰ তুলনাত এই সংখ্যা ১৪ শতাংশ বৃদ্ধি পাইছে । সেই বছৰ এই পৰিসংখ্যা আছিল ২১,০৮৩ কোটি টকা ।

প্ৰসংগক্ৰমে পাকিস্তানৰ সৈতে শেহতীয়া সংঘাতত ভাৰতে কেইবাটাও অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা সমগ্ৰ বিশ্বই দেখিছে । প্ৰথম বিশ্বৰ কেইটাও প্ৰধান শক্তি আচৰিত হৈ পৰিছে । ভাৰতৰ প্রতিশোধত মষিমূৰ হৈ এতিয়া যেন ক’মাত দিন কটাবলগীয়া হৈছে পাকিস্তান ৷ এনে পৰিস্থিতিত কোৱা বাহুল্য যে এই খবৰ ভাৰতৰ বাবে নতুন অক্সিজেন স্বৰূপ ।