শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্ৰতিৰক্ষা খণ্ডত অধিক শক্তিশালী হৈছে ভাৰত, ১৫ শতাংশতকৈ অধিক বৃদ্ধি বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন

প্ৰতিৰক্ষা খণ্ডত অধিক শক্তিশালী হৈছে ভাৰত, ১৫ শতাংশতকৈ অধিক বৃদ্ধি বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন

raj-saikia
Raj Saikia | Published: 31 May 2025 20:58 PM

ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত ই সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে । এই পৰিসংখ্যা হৈছে ১ লাখ ৪৬ হাজাৰ কোটি ।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে ভাৰত । শক্তি বাঢ়িছে ভাৰতীয় সেনাৰ । বৃহস্পতিবাৰে বৃহৎ তথ্য দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয় যে ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত ই সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে । এই পৰিসংখ্যা হৈছে ১ লাখ ৪৬ হাজাৰ কোটি । এবছৰৰ আগতে এই পৰি সংখ্যা আছিল ১ লাখ ২৭ হাজাৰ কোটি টকা । কেৱল সেয়াই নহয়, প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ব্যক্তিগত খণ্ডৰ অৱদানৰ ওপৰতো আলোকপাত কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তথ্য অনুসৰি ব্যক্তিগত খণ্ডই মুঠ প্ৰতিৰক্ষা উৎপাদনত প্ৰায় ২২ শতাংশ অৰিহণা যোগায় । সংখ্যাৰ ফালৰ পৰা এয়া ৩২ হাজাৰ কোটিতকৈও অধিক । নতুন দিল্লীত ভাৰতীয় উদ্যোগ সংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি এই তথ্য দাঙি ধৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তথ্য অনুসৰি কেৱল বিগত বিত্তীয় বৰ্ষত ভাৰতে প্ৰতিৰক্ষা ৰপ্তানিৰ পৰা ২৪ হাজাৰ কোটি টকা উপাৰ্জন কৰিছিল । পূৰ্বৰ বছৰৰ তুলনাত এই সংখ্যা ১৪ শতাংশ বৃদ্ধি পাইছে । সেই বছৰ এই পৰিসংখ্যা আছিল ২১,০৮৩ কোটি টকা ।

প্ৰসংগক্ৰমে পাকিস্তানৰ সৈতে শেহতীয়া সংঘাতত ভাৰতে কেইবাটাও অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা সমগ্ৰ বিশ্বই দেখিছে । প্ৰথম বিশ্বৰ কেইটাও প্ৰধান শক্তি আচৰিত হৈ পৰিছে । ভাৰতৰ প্রতিশোধত মষিমূৰ হৈ এতিয়া যেন ক’মাত দিন কটাবলগীয়া হৈছে পাকিস্তান ৷ এনে পৰিস্থিতিত কোৱা বাহুল্য যে এই খবৰ ভাৰতৰ বাবে নতুন অক্সিজেন স্বৰূপ ।