TV9 ASSAM
আই পি এল ২০২৫ত অভিযান সামৰণি পৰিল গুজৰাট টাইটানছৰ অভিযান। কালি এলিমিনেটৰ মেচত মুম্বাইৰ ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় দলটো।
প্ৰতিযোগিতাৰ পৰা বিদায় ল’লেও এই ছিজনত গুজৰাটে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰে। দলটোৱে পইণ্ট তালিকাৰ তৃতীয় স্থানৰ দল হিচাপে প্লে’ অফত প্ৰৱেশ কৰিছিল।
ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত ছাই সুদৰ্শন প্ৰথম আৰু শুভমন গিল আছে তৃতীয় স্থানত। আনহাতে প্ৰসিধ কৃষ্ণৰ নামত আছে সৰ্বাধিক উইকেট।
পিছে এই সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ ৰছিদ খান এইবাৰ চূড়ান্ত ৰূপে ব্যৰ্থ হয়। প্ৰতিযোগিতাখনত তেওঁ ১৫খন মেচত ৫১৪ ৰান দি মাত্ৰ ৯টা উইকেট দখল কৰে।
এই ছিজনৰ বাবে ৰছিদক ১৮ কোটি টকাৰ বিনিময়ত ৰিটেইন কৰিছিল গুজৰাটে। কিন্তু এই মূল্য পৰিশোধত ব্যৰ্থ হয় ৰছিদ।
ৰছিদ খানৰ নামত এইবাৰ আই পি এল ইতিহাসৰ এক অনাকাংক্ষিত অভিলেখ সংযোজিত হৈছে। এই ছিজনত ৰছিদৰ বলত বিপক্ষৰ বেটাৰে মুঠ ৩৩টা ছয় কোবায়।
এইদৰে আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় খৰচ কৰা বলাৰ হিচাপে পৰিগণিত হয় ৰছিদ। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে মহম্মদ চিৰাজক।
চিৰাজে ২০২২ চনত ৩১টা ছয় খৰচ কৰিছিল। তালিকাত ৱানিন্দু হাছাৰাংগা (৩০টা ছয়), যুজবেন্দ্ৰ চাহাল (৩০টা ছয়) আৰু ডুৱেইন ব্ৰেভ’ৰ (২৯টা ছয়) দৰে বলাৰো আছে।
পঢ়িবলৈ ক্লিক কৰক
অৱসৰ ল’ব নেকি যশপ্ৰীত বুমৰাহে!