শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নৰেন্দ্ৰ মোদী(Narendra Modi)

নৰেন্দ্ৰ মোদী(Narendra Modi)

নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী। তেওঁৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ দামোদৰদাস মোদী। ১৭ ছেপ্তেম্বৰ, ১৯৫০চনত গুজৰাটৰ মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।

মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল। ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছিল। তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। সেই নিৰ্বাচনত বিজেপিয়ে ২৮২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।

মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য। প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতীয়তাবাদী বুলি বৰ্ণনা কৰিছে। তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে। তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি। ২০০২ৰ গুজৰাট দাংগাত হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰিছিল।

Read More

India-EU: ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ ‘মুক্তি বাণিজ্য চুক্তি স্বাক্ষৰ’: সস্তা হ’ব এইসমূহ সামগ্ৰী…

India-EU: ভাৰতৰ আৰু ইউৰোপীয় ইউনিয়নৰ মাজত মাডাৰ অৱ অল ডীল স্বাক্ষৰ হয়। মোদী আৰু উৰ্চুলা ভন ডেৰ লেয়েনৰ মাজত চুক্তি স্বাক্ষৰ হয়।য’ত প্ৰায় ৯০ শতাংশ সামগ্ৰীৰ শুল্ক হ্ৰাস বা নিৰ্মূল কৰা হৈছে।

Pariksha Pe Charcha 2026: ছাত্ৰ-ছাত্ৰীৰ বাবে এক মঞ্চ! পৰীক্ষাৰ পে চৰ্চাত ৬.৭৬ কোটি শিক্ষাৰ্থীৰ অংশগ্ৰহণ…

Pariksha Pe Charcha:"পৰীক্ষা পে চৰ্চা ২০২৬''ৰ এটা চুটি ভিডিঅ' প্ৰকাশ কৰিছে MyGov.in য়ে। যোৱা সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠানে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছে। যাৰ অধীনত দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে।

‘গণতন্ত্ৰত ভোটাৰ হোৱাটোৱেই হৈছে….’, ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ পত্ৰ

প্ৰধানমন্ত্ৰীয়ে লিখিছে যে ভাৰতক পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা হয় আৰু এয়া একেবাৰে সঁচা। 'গণতন্ত্ৰৰ মাতৃ' (Mother of Democracy) হিচাপে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ ইতিহাস অতি প্ৰাচীন আৰু ইয়াক লৈ আমি গৌৰৱ কৰা উচিত বুলি তেওঁ দোহাৰে।

যুৱক-যুৱতীক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ ! ১৮ সংখ্যক ৰোজগাৰ মেলাত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬১ হাজাৰৰো অধিক নতুনকৈ নিযুক্তি পোৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাৰ্চুৱেল ভাষণ দি প্ৰধানমন্ত্ৰীয়ে নিযুক্তি পত্ৰসমূহক “ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ” বুলি অভিহিত কৰে।

আজি পৰাক্ৰম দিৱস, জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশে পৰাক্ৰম দিৱস পালন কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো এইদৰে পালন কৰা হয়।

বাগুৰুম্বাৰ বিশ্বজয়! প্ৰধানমন্ত্ৰী মোদীয়ে চিনাকি কৰাই দিলে সমগ্ৰ বিশ্বক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অসমৰ 'বাগুৰুম্বা দহৌ' অনুষ্ঠানৰ ভিডিঅ’ই জয় কৰিলে দৰ্শকৰ হৃদয়। ২০ কোটিৰো অধিক দৰ্শকে প্ৰধানমন্ত্ৰীৰ পেজত কৰে উপভোগ।

‘মই এজন কৰ্মী, নীতিন মোৰ বছ’… নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ক’লে নৰেন্দ্ৰ মোদীয়ে

নীতিন নবীনক বিজেপিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ সৰ্ববৃহৎ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱাৰ বাবে নবীনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

হাগ্ৰামাই দিলে জাতীয়তাবাদৰ সংজ্ঞা! গাৰ লৰিবনে তথাকথিত জাতীয়তাবাদী নেতাসকলৰ?

বৰ্তমান সময়ত অসমত বাতৰিৰ শিৰোনাম দখল কৰি আছে হাগ্ৰামা মহিলাৰীয়ে। শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীৰ এটা ভিডিঅ' সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য'ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ আহ্বান কৰিছে।

অসমৰ অবৈধ অনুপ্ৰৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক প্ৰত্যাক্ৰমণ কংগ্ৰেছৰ, কেন্দ্ৰক দোষাৰোপ উদিত ৰাজৰ

ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছে অসমত অনুপ্ৰৱেশৰ অনুমতি দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা উদিত ৰাজে দৃঢ়তাৰে কয় যে ২০১৪ চনৰ পৰা সীমান্ত সুৰক্ষা কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছে, যাৰ ফলত অনুপ্ৰৱেশকাৰীৰ যিকোনো প্ৰবাহৰ বাবে বিজেপি একমাত্ৰ জবাবদিহি হৈ পৰিছে।

কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? দৌৰত সবাতোকৈ আগত নীতিন নবীন, ২০ জানুৱাৰীত ফলাফল

বিয়লি ২ৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব নীতিন নবীনে। ইয়াৰ পিছত বিয়লি ৪ৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব, আৰু সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত প্ৰত্যাহাৰ সম্ভৱ হ’ব। অৱশ্যে কাইলৈ ​​অৰ্থাৎ ২০ জানুৱাৰীত মনোনয়নৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

ইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব UAE ৰ ৰাষ্ট্ৰপতি, বিভিন্ন দিশৰ ওপৰত হ’ব আলোচনা…

India-UAE: শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বেখ মহম্মদ বিল জায়েদ আল নাহিয়ানে। এই সময়চোৱাত বিভিন্ন দিশৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ই ভাৰত-UAE ৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

২০২৫ত কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই: প্ৰধানমন্ত্ৰী মোদী

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,  "২০১৩–১৪ বৰ্ষৰ আশে-পাশে গঁড় চিকাৰৰ ঘটনা সঘনাই সংঘটিত হৈছিল।" কম সময়ৰ ভিতৰতে একাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰে মোদীয়ে। তেওঁ কয়, "চৰকাৰে সংৰক্ষণ কৌশলৰ নতুন ৰূপ আৰু স্থলভাগত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি এনে প্ৰথাৰ অন্ত পেলাবলৈ দৃঢ় স্থিতি গ্ৰহণ কৰিছে।"

ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনঃ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে দুই অমৃত ভাৰত ৰে’ল, কংগ্ৰেছক তুলাধুনা

ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ নতুন সংযোজন এই দুই ৰে’ল মুকলি কৰি বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নিজ ভাষণত তেওঁ ৰাজ্যত ৰে’ল যোগাযোগৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ মনোভাৱক তীক্ষ্ণ আক্ৰমণ কৰে।

‘অসমলৈ আহি মোৰ যথেষ্ঠ ভাল লাগে…,’ কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে কাজিৰঙাত পূৰ্বে অহা অভিজ্ঞতাৰ কথা। তেওঁ কয়, "দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলো আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!"

আজি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন, ৰাজ্যবাসীয়ে লাভ কৰিব নতুন উপহাৰ

আজি দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ আটাইতকৈ উল্লেখযোগ্য কাৰ্যসূচী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন। প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব।