শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান

২৫০ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাত স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

manas-borah
Manas Borah | Published: 30 May 2025 18:51 PM
অসমৰ ডিব্ৰুগড় জিলাত স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান । শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰৰ দিনজানত স্থাপন হ’ব এই প্ৰতিষ্ঠানখন ।

1 / 5
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, ১২০ বিঘা মাটিত ২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান। সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

2 / 5
উন্নত ডায়গ্নষ্টিক পদ্ধতি, ফৰেনছিক বিজ্ঞান আৰু নীতি-সহায়ক গৱেষণাৰ জৰিয়তে এই পদক্ষেপে ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

3 / 5
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্রতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই প্ৰতিষ্ঠানখন স্থাপন কৰাৰ উদ্দেশ্য হৈছে- জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা আৰু অধ্যয়নৰ সুবিধা প্ৰদান কৰা।

4 / 5
এই প্ৰতিষ্ঠানখনে ৰাজ্যখনৰ চহকী জৈৱ বৈচিত্ৰ্য সংৰক্ষণত সহায় কৰাৰ লগতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তৰ বিজ্ঞানী আৰু গৱেষকসকলক গৱেষণা আৰু অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰিব বুলি আশা কৰিছে চৰকাৰে । এই প্ৰতিষ্ঠানখনে বন্যপ্ৰাণী সংকট ব্যৱস্থাপনা আৰু স্থানান্তৰ, বন্যপ্ৰাণী তথ্যবিজ্ঞান, ৰাজহুৱা নীতি আৰু সহযোগিতাৰ ব্যৱস্থাও কৰিব।

5 / 5