TV9 ASSAM
এইসময়ত ঘৰৰ বাৰীৰ লগতে বজাৰত সততে উপলব্ধ এবিধ পাচলি হৈছে কুন্দুলী। ঠাণ্ডা প্ৰকৃতিৰ এই পাচলিবিধত বহুতো পুষ্টিকৰ উপাদান আছে।
কুন্দুলীত ভিটামিন চি, পটাছিয়াম, ডায়েটাৰী ফাইবাৰ, আইৰণকে ধৰি বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, গতিকে গ্ৰীষ্মকালত কুন্দুলী দেহৰ বাবে যথেষ্ট উপকাৰী।
কুন্দুলী হৈছে কম গ্লাইচেমিক ইনডেক্সৰ পাচলি। গতিকে এই পাচলিবিধ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। কুন্দুলী খালে ব্লাড চুগাৰ বৃদ্ধি নহয়।
ফাইবাৰ সমৃদ্ধ কুন্দুলী আন্ত্ৰিক স্বাস্থ্য সুস্থ কৰি ৰাখে। ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু আপুনি বদহজম, এচিডিটিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰে।
কুন্দুলীয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। ফাইবাৰ থকাৰ বাবে ইয়াত কেলৰি কম, গতিকে ই আপোনাৰ শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে ওজন হ্ৰাস কৰাতো সহায়ক।
কুন্দুলীয়ে আপোনাৰ যকৃত সুস্থ কৰি ৰখাৰ লগতে বৃক্কৰ স্বাস্থ্যও উন্নত কৰে। তদুপৰি এই পাচলি হৃদযন্ত্ৰৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে।
গ্ৰীষ্মকালত কুন্দুলীয়ে শৰীৰ শীতল কৰি ৰখাৰ লগতে হাইড্ৰেটেড কৰি ৰাখে। সূৰ্যৰ প্ৰখৰ তাপ আৰু গৰমৰ ফলত হোৱা হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰে।
পঢ়িবলৈ ক্লিক কৰক
টোপনিতো পানীৰ পিয়াহ কোনো ৰোগৰ লক্ষণ!