শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিমান দুৰ্ঘটনা

বিমান দুৰ্ঘটনা

কোনো অপ্রত্যাশিত ঘটনা বা বিপদত কোনো ব্যক্তি বা বস্তুৰ বাবে অপূৰ্য্য ক্ষতিৰ কাৰণ হয়, সেয়া দুর্ঘটনা। গুজৰাটৰ আহমেদাবাদত আজি সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় মেঘনী নগৰ অঞ্চলত। বিমানখনৰ পিছফালৰ অংশটোৱে গছত খুন্দা মাৰে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখনে। এনেধৰণৰ বিমান দুৰ্ঘটনা পূৰ্বেও বহু সংঘটিত হৈছে।

Read More

চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য

যোৱা ১২ জুনত সংঘটিত হোৱা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো (AAIB)- এ আহমেদাবাদৰ বিমান দুৰ্ঘটনা সম্পৰ্কে ১৫ পৃষ্ঠাৰ এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰে। চৰাইয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি চৰ্চা চলিছিল। এতিয়া তদন্ত প্ৰতিবেদনত এই বিষয়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে।

আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ানক এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে।

উৰণৰ লগে লগে কিদৰে বন্ধ হৈছিল দুয়োটা ইঞ্জিন! আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্য

আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন এতিয়া পোহৰলৈ পাইছে। এই প্ৰতিবেদনত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। প্ৰতিবেদন অনুসৰি উৰণৰ ঠিক লগে লগে বিমানখনৰ দুয়োটা ইঞ্জিন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণৰ নামত ভাবুকি! এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ এয়াৰ ইণ্ডিয়াই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি, ক্ষতিপূৰণ প্ৰক্ৰিয়াক লৈ ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এয়াৰ ইণ্ডিয়াই।

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ ৩৮ ঘণ্টাৰ পিছতেই বিপদৰ সন্মুখীন হৈছিল এইখন বিমান, কথমপি ৰক্ষা পৰিল বহু যাত্ৰীৰ প্ৰাণ

১৪ জুনৰ নিশা ২:৫৬ বজাত ৰাষ্ট্ৰীয় ৰাজধানীৰ ওপৰেৰে ধুমুহাৰ মাজতে উৰি আছিল বিমানখন। বিমানখনে গ্ৰাউণ্ড প্ৰক্সিমিটি ৱাৰ্নিং চিষ্টেমৰ পৰা দুটা ড’নট ছিংক সতৰ্কবাণী লাভ কৰিছিল, যাৰ ফলত উচ্চতা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ বিষয়ে ক্ৰুসকলক সতৰ্ক কৰি দিয়া হৈছিল।

বিদেশলৈ নপঠিয়ায়, দেশতেই তদন্ত হ’ব আহমেদাবাদত দুৰ্ঘটনাত পতিত বিমানখনৰ ব্লেক বক্সৰ তদন্ত

অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে চলিত মাহৰ আৰম্ভণিতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেক বক্স বিদেশলৈ প্ৰেৰণ কৰা নহয়। বিমানখনৰ ব্লেক বক্সটো ভাৰততে আছে আৰু তদন্ত অব্যাহত ৰাখিছে এএআইবিয়ে।

ইখনৰ পিছত আনখন বিমানত বিসংগতি, এয়াৰ ইণ্ডিয়াই ল’লে ডাঙৰ সিদ্ধান্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰু বিমানসমূহত ধাৰাবাহিকভাৱে কাৰিকৰী ক্ৰুটি ধৰা পৰাৰ পিছত এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় বিমান সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়াৰ ইণ্ডিয়াই ২০ জুনৰ পৰা জুলাই মাহৰ মাজভাগলৈ ১৫ শতাংশ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

১৫% লৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, কাৰণ ক’লে…

আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ১৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই। এই হ্ৰাস ২০ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু ইয়াৰ প্ৰভাৱ ৱাইড-বডীৰ বিমানত পৰিব। যিটো জুলাই মাহৰ শেষলৈকে চলি থাকিব। বিমান সংস্থাসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ লগতে ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব।

বিমানৰ ককপিট কি? সামাজিক মাধ্যমত চৰ্চা চলাৰ দৰে সঁচাকৈয়ে ককপিট হেক কৰিব পাৰে নেকি?

বিমানৰ কথা চৰ্চা হ'লে আমি ককপিট শব্দটো প্ৰায়ে শুনা পাওঁ। ককপিট এখন বিমানৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ককপিট কি? কোনো হেকাৰে ইয়াক হেক কৰিব পাৰে নেকি?

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহত চিকিৎসকৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য ডাঃ ছামশ্বীৰৰ…

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত বিমানখনত থকা যাত্ৰীসকলৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীও নিহত হৈছিল।

উদ্ধাৰ হ’ল অভিশপ্ত AI171 বিমানৰ দ্বিতীয়টো ব্লেক বক্স, তদন্ত অব্যাহত

ককপিটৰ ভইচ ৰেকৰ্ডাৰটো উদ্ধাৰ কৰা হৈছে, লগতে দুৰ্ঘটনাৰ দুদিন পিছত বিমানখনৰ ডাটা ৰেকৰ্ডাৰটোও উদ্ধাৰ কৰা হৈছিল। এইবোৰে তদন্তকাৰী সকলক শোকাৱহ বিমান দুৰ্ঘটনাটোৰ কাৰণ ধৰা পেলোৱাত সহায় কৰিব।

বিমান দুৰ্ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শেষ লোকেচন আছিল দুৰ্ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত

পত্নীয়ে কয়, "তেওঁৰ ফোনটো দুপৰীয়া ১.৪০ বজাত (বিমানখন উৰাৰ এমিনিট পিছত) চুইচ অফ হৈ গ'ল।তেওঁৰ স্কুটি আৰু মোবাইল ফোন দুয়োটা নোহোৱা হৈ গৈছে।এই সকলোবোৰ অস্বাভাৱিক কাৰণ তেওঁ কেতিয়াও সেই পথটো (তেওঁৰ শেষ লোকেচন অনুসৰি) ঘৰলৈ আহিবলৈ ব্যৱহাৰ কৰা নাছিল।বৰ্তমান এয়া পৰীক্ষা কৰিবলৈ আমি ডি এন এৰ নমুনা প্ৰদান কৰিছো যে তেওঁ দুৰ্ঘটনাৰ সময়ত মাটিত মৃত্যু হোৱা লোকসকলৰ ভিতৰত এজন হ'ব পাৰে নেকি?"

ঈদ উদযাপনৰ বাবে আহিছিল ভাৰতলৈ! আহমেদাবাদ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জাভেদ আৰু তেওঁৰ পৰিয়াল…

আহমেদাবাদ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বহু লোকে এই ভয়ংকৰ দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাই জাভেদ আৰু তেওঁৰ পৰিয়ালে।

মই কেতিয়াও বিমানত উঠিব নোৱাৰিম… ভয়, শংকাত দিন কটাইছে বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ানে

আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ নিৰ্মাণ কৰা ১৭ বছৰীয়া আৰিয়ান স্তম্ভিত হৈ পৰিছে। দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য তেওঁ কেমেৰাত বন্দী কৰিছিল, যিয়ে তেওঁক বেয়াকৈ ভয় খুৱাইছে। দুৰ্ঘটনাটোৰ পিছত গোটেই ৰাতিটো টোপনি নোযোৱা বাবে আৰিয়ানে এই পৰিস্থিতিৰ পৰা আৰোগ্য লাভৰ চেষ্টা চলাই আছে।

আহমেদাবাদ বিমান দুৰ্ঘটনাঃ DNA পৰীক্ষাত চিনাক্ত ৩১ জন লোকৰ মৃতদেহ, চৰকাৰে লৈছে এনে পদক্ষেপ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহৰ অংগসমূহ ক্ষত-বিক্ষত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত মৃতদেহ চিনাক্তৰ বাবে DNA পৰীক্ষাৰ সহায় ল’বলগীয়া হৈছিল। এইপৰ্যন্ত DNA পৰীক্ষাত ৩১ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।