শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণৰ নামত ভাবুকি! এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ এয়াৰ ইণ্ডিয়াই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি, ক্ষতিপূৰণ প্ৰক্ৰিয়াক লৈ ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এয়াৰ ইণ্ডিয়াই।

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণৰ নামত ভাবুকি! এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে অভিযোগImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Jul 2025 13:23 PM

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা হৃদয় বিদাৰক বিমান দুৰ্ঘটনা দেশৰ ইতিহাসৰে এক ভয়ংকৰ দুৰ্ঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব। এই দুৰ্ঘটনাই ক্ষণিকৰ ভিতৰতে প্ৰাণ কাঢ়ি নিয়ে ২৭৪ গৰাকী লোকৰ। এনে এক ঘটনাই স্বাভাৱিকতেই সমগ্ৰ দেশকে শোকস্তব্ধ কৰি তুলিছিল। পিছে এই ঘটনাৰ শেহতীয়া এক স্থিতিয়ে বহুলোককে ক্ষোভিত কৰি তুলিছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ এয়াৰ ইণ্ডিয়াই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি, ক্ষতিপূৰণ প্ৰক্ৰিয়াক লৈ ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এয়াৰ ইণ্ডিয়াই।

বিমান সংস্থাটোৱে দিয়া প্ৰ-পত্ৰত যদি এটাও ভুল হয়, তেতিয়া তেওঁলোকে এক টকাও ক্ষতিপূৰণ নাপাব বুলি ভুক্তভোগী পৰিয়ালক ভাবুকি দিয়াৰ অভিযোগ উঠিছে। এই বিমান দুৰ্ঘটনাত নিহতসকলৰ বহু পৰিয়ালে দাবী কৰা মতে বিমান সংস্থাটোৱে তেওঁলোকক বহু নথি-পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ উপৰিও এই পৰিয়ালসমূহ আৰ্থিকভাৱে কাৰ ওপৰত নিৰ্ভৰশীল, সেই তথ্য প্ৰকাশ কৰিবলৈও বাধ্য কৰাইছে বুলি পৰিয়ালসমূহে অভিযোগ কৰিছে।

তেওঁলোকৰ দাবী, এইদৰে বিমান সংস্থাটোৱে ক্ষতিপূৰণৰ বৃহৎ বোজা হ্ৰাস কৰাৰ বাবে চেষ্টা চলাইছে। প্ৰকাশিত খবৰ অনুসৰি এই দুৰ্ঘটনাত নিহত লোকৰ ৪০টা পৰিয়ালে এনে অভিযোগ দাখিল কৰিছে। বিমান দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালৰ সৈতে এয়াৰ ইণ্ডিয়াৰ দাবী নিষ্পত্তি কৰিবলৈ ইংলেণ্ডৰ ষ্টুৱেৰ্ড নামৰ এটা আইন প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। আহমেদাবাদস্থিত নানাভাই এণ্ড নানাভাই নামৰ প্ৰতিষ্ঠানটোৱেও এয়াৰ ইণ্ডিয়া আৰু বয়িঙকে ধৰি কেইবাটাও পক্ষৰ পৰা ক্ষতিপূৰণ আদায়ৰ বাবে কাম কৰি আছে।

ব্ৰিটিছ আইন সংস্থাটোৱে এক বিবৃতিত উল্লেখ কৰা মতে এয়াৰ ইণ্ডিয়াই বিমান দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়ালক অগ্ৰিম ধনৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিবলৈ বাধ্য কৰাইছে। এই প্ৰ-পত্ৰ কিদৰে পূৰণ কৰিব তথা কি চৰ্ত আছে, সেই বিষয়ে মৃতকৰ পৰিয়ালক অৱগত কৰা হোৱা নাই বুলিও উল্লেখ কৰা হৈছে। বৰঞ্চ যদিহে প্ৰ-পত্ৰ সঠিকভাৱে পূৰণ নকৰে, তেতিয়া ক্ষতিপূৰণৰ এটকাও দিয়া নহ’ব বুলিহে পৰিয়ালসমূহত ভাবুকি দিয়া হৈছে।

অৱশ্যে এয়াৰ ইণ্ডিয়াই এই অভিযোগ সম্পূৰ্ণ ভুৱা বুলি দাবী কৰিছে। ক্ষতিপূৰণ দাবী কৰা লোকসকলৰ সৈতে দুৰ্ঘটনাত নিহত লোকসকলৰ সম্পৰ্ক নিৰ্ণয় কৰাৰ উদ্দেশ্যেহে এই প্ৰ-পত্ৰ পূৰণ কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াই উল্লেখ কৰিছে। সংস্থাটোৱে লগতে নিহত লোকসকলৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ হেঁচা দিয়া নাই বুলি দাবী কৰিছে।