শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহত চিকিৎসকৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য ডাঃ ছামশ্বীৰৰ…

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত বিমানখনত থকা যাত্ৰীসকলৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীও নিহত হৈছিল।

আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহত চিকিৎসকৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য ডাঃ ছামশ্বীৰৰ…
বিমানখনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jun 2025 20:39 PM

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এয়াৰ ইণ্ডিয়াৰ এই বিমান দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ২৪১ জনে মৃত্যুক সাৱতি লয়। এই দুৰ্ঘটনাত কেৱল বিমানৰ যাত্ৰীসকলৰে মৃত্যু হোৱা নাছিল। মৃত্যুক সাৱতি লৈছিল একাংশ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে। এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ আহমেদাবাদৰ বি.জে মেডিকেল কলেজৰ হোষ্টেল আৰু মেছত বাগৰি পৰিছিল। যাৰ বাবে বহু চিকিৎসক ছাত্ৰ-ছাত্ৰীৰো মৃত্যু হৈছিল।

এই মৰ্মান্তিক ঘটনাত দুখ প্ৰকাশ কৰি UAE ৰ প্ৰখ্যাত চিকিৎসক তথা বুৰ্জীল হোল্ডিংছৰ অধ্যক্ষ ডাঃ ছামশ্বিৰ ভায়ালিলে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায়ৰ বাবে ৬ কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। এই সাহায্যৰ ধন মৃতকৰ পৰিয়াল, গুৰুতৰভাৱে আহত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক বিতৰণ কৰা হ’ব।

যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমান বয়িং ৭৮৭ বিমান কাৰিকৰী বিজুতিৰ বাবে বিজে মেডিকেল কলেজৰ হোষ্টেল আৰু মেছত বাগৰি পৰিছিল। এই দুৰ্ঘটনাত ৪ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰই প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো আহত হৈছিল। মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ এম বি বি এছৰ ছাত্ৰ-ছাত্ৰী। এইসকল ছাত্ৰ-ছাত্ৰী চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক বছৰত আছিল। ইয়াৰ সমান্তৰালকৈ কেম্পাছত বসবাস কৰা চিকিৎসকৰ পৰিয়ালৰ পাঁচজন লোকেও প্ৰাণ হেৰুৱাইছিল।

চিকিৎসা ক্ষেত্ৰৰ হোষ্টেল জীৱনৰ অভিজ্ঞতা লাভ কৰা ডাঃ ছামশ্বীৰে এই ঘটনাক ব্যক্তিগত পৰ্যায়ত অত্যন্ত আৱেগিক বুলি অভিহিত কৰে।  তেওঁ কয় যে, “হোষ্টেল আৰু মেছৰ ছবি দেখিলেই মোৰ ছাত্ৰ অৱস্থাৰ দিনবোৰলৈ মনত পৰে। এই ঘটনাই মোৰ হৃদয়ত আঘাত দিছে।”

চিকিৎসা ক্ষেত্ৰৰ  বাবে জড়িত হোৱাৰ বাবে তেওঁ সেই ছাত্ৰ-ছাত্ৰীৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্যৰ কথা ঘোষণা কৰে। তেওঁ এই দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিয়াললৈ ১ কোটিকৈ টকা,  গুৰুতৰভাৱে আহত পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক ২০ লাখকৈ আৰু চিকিৎসকৰ পৰিয়াললৈ ২০ লাখ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লয়।এই ধনৰাশি বিজে মেডিকেল কলেজৰ জুনিয়ৰ ডাক্তৰ এছ’চিয়েশ্যনৰ সহযোগত ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰা হ’ব।

ইয়াৰ পূৰ্বেও ২০১০ চনৰ মেংগলোৰ বিমান দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে কেইবাটাও দুৰ্যোগত সহায় কৰি আহিছে ড০ ছামশ্বীৰে। তেওঁ কয় যে, এই কাণ্ড তেওঁৰ বাবে ব্যক্তিগত ঘটনাৰ দৰেই আছিল। কিয়নো তেওঁৱো এই একেই পৰিৱেশৰ মাজেৰে জীৱনৰ এটা সময় পাৰ কৰিছিল। এয়া কেৱল আৰ্থিক সাহায্য  নহয়, চিকিৎসা সমাজৰ সংহতি, মমতা আৰু দায়িত্বৰ প্ৰতীক।

 

অন্য খবৰ পঢ়কঃ ঈদ উদযাপনৰ বাবে আহিছিল ভাৰতলৈ! আহমেদাবাদ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জাভেদ আৰু তেওঁৰ পৰিয়াল…