শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উদ্ধাৰ হ’ল অভিশপ্ত AI171 বিমানৰ দ্বিতীয়টো ব্লেক বক্স, তদন্ত অব্যাহত

ককপিটৰ ভইচ ৰেকৰ্ডাৰটো উদ্ধাৰ কৰা হৈছে, লগতে দুৰ্ঘটনাৰ দুদিন পিছত বিমানখনৰ ডাটা ৰেকৰ্ডাৰটোও উদ্ধাৰ কৰা হৈছিল। এইবোৰে তদন্তকাৰী সকলক শোকাৱহ বিমান দুৰ্ঘটনাটোৰ কাৰণ ধৰা পেলোৱাত সহায় কৰিব।

উদ্ধাৰ হ’ল অভিশপ্ত AI171 বিমানৰ দ্বিতীয়টো ব্লেক বক্স, তদন্ত অব্যাহত
দুৰ্ঘটনাগ্ৰস্ত বিমানখনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 16 Jun 2025 11:07 AM

যোৱা ১২ জুনত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ AI171 বিমানখনৰ দ্বিতীয়টো ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। এই শোকাৱহ বিমা দুৰ্ঘটনাৰ তদন্তকাৰী বিষয়াসকলে জনোৱা তথ্য অনুসৰি এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা পিটিআয়ে।

ককপিটৰ ভইচ ৰেকৰ্ডাৰটো উদ্ধাৰ কৰা হৈছে, লগতে দুৰ্ঘটনাৰ দুদিন পিছত বিমানখনৰ ডাটা ৰেকৰ্ডাৰটোও উদ্ধাৰ কৰা হৈছিল। এইবোৰে তদন্তকাৰী সকলক শোকাৱহ বিমান দুৰ্ঘটনাটোৰ কাৰণ ধৰা পেলোৱাত সহায় কৰিব। বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনকে ধৰি প্ৰায় ২৭০ জন লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব পি কে মিশ্ৰক ব্লেক বক্স উদ্ধাৰ হোৱা বুলি বিষয়াসকলে জনাইছে। দেওবাৰে মিশ্ৰই আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। লগতে আহতসকল চিকিৎসাধীন হৈ থকা অসামৰিক চিকিৎসালয়লৈও যায় তেওঁ।

বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এএআইবি) আৰু ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতিত কয়, “চাৰ্কিট হাউচত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি, ডঃ মিশ্ৰই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, এএআইবি, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলৰ সহযোগত চলি থকা সাহায্য, উদ্ধাৰ আৰু তদন্তৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে।”

ইয়াত লগতে কোৱা হৈছে যে, “বিষয়াসকলে ডঃ মিশ্ৰক নিশ্চিত কৰিছে যে ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফডিআৰ) আৰু ককপিট ভইচ ৰেকৰ্ডাৰ (চিভিআৰ)ৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।”

বিবৃতিটোত কোৱা হৈছে যে এএআইবিয়ে বিশদ তদন্ত আৰম্ভ কৰিছে, আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় প্ৰট’কলৰ অধীনত সমান্তৰাল তদন্ত চলাই আছে, কিয়নো বিমানখন আমেৰিকাত নিৰ্মিত।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত মিশ্ৰই কয়, “এই শোকাৱহ দুৰ্ঘটনাত মই অতিশয় কষ্ট পাইছো। সকলোৱে দুখী। শোক প্ৰকাশ কৰি ভুক্তভোগীৰ প্ৰতি আমাৰ সহানুভূতি প্ৰকাশ কৰাটো আমাৰ কৰ্তব্য।”