ইখনৰ পিছত আনখন বিমানত বিসংগতি, এয়াৰ ইণ্ডিয়াই ল’লে ডাঙৰ সিদ্ধান্ত
আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰু বিমানসমূহত ধাৰাবাহিকভাৱে কাৰিকৰী ক্ৰুটি ধৰা পৰাৰ পিছত এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় বিমান সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়াৰ ইণ্ডিয়াই ২০ জুনৰ পৰা জুলাই মাহৰ মাজভাগলৈ ১৫ শতাংশ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত ইখনৰ পিছত সিখন বিমানত দেখা গৈছে কাৰিকৰী সমস্যা। শেহতীয়াকৈ সমস্যাৰ সন্মুখীন হৈ আহিছে এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান। বহু বিমান বাতিল কৰিবলগীয়াও হৈছে। আকাশ মাৰ্গতো সমস্যা শেষ হোৱা নাই। একেদিনাই কেইবাখনো বিমান যান্ত্ৰিক সমস্যাৰ সন্মুখীন হৈছে শেহতীয়াকৈ।
দিল্লীৰ পৰা লেহলৈ যোৱা ইণ্ডিগ’ৰ ৬ E ২০০৬ বিমানখন যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। জাহাজখনত আছিল ১৮০ জন যাত্ৰী আৰু ক্ৰু। লেহ অভিমুখে যাত্ৰা কৰিবলৈ ওলোৱাৰ সময়তে বিমানখনৰ যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়। লগে লগে বিমানখন ডাইভাৰ্ট কৰি দিল্লীত জৰুৰীকালীন অৱতৰণ কৰে। কোনো যাত্ৰী আহত হোৱা নাই বুলি জানিব পৰা গৈছে। অৱশ্যে ইণ্ডিগ’ই এই সমস্যা কি আছিল সেয়া এতিয়াও প্ৰকাশ কৰা নাই।
আনহাতে, হায়দৰাবাদৰ পৰা তিৰুপতিলৈ যোৱা স্পাইচজেটৰ এখন বিমানো যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। উৰণৰ ১০ মিনিটৰ ভিতৰতে এই সমস্যা আৰম্ভ হয়। নিৰাপত্তাৰ বাবে বিমানখন হায়দৰাবাদলৈ ডাইভাৰ্ট কৰি পুনৰ অৱতৰণ কৰা হয়। বিমানখনত আছিল ৮০ জন যাত্ৰী।
ইফালে যান্ত্ৰিক সমস্যাৰ বাবে কলকাতা বিমানবন্দৰত উৰণ বাতিল হয় দুখন বিমানৰ। বৃহস্পতিবাৰে পুৱা ৬:৫৫ বজাত কলকাতাৰ পৰা শিলচৰলৈ ১৫৫ জন যাত্ৰী কঢ়িয়াই অনা এখন বিমানে টেক্সিৱেৰ পৰা ৰাণৱেলৈ যোৱাৰ সময়ত সমস্যাৰ সন্মুখীন হয়। পাইলটে যান্ত্ৰিক সমস্যাৰ বিষয়ে অৱগত কৰি বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰে। বিমানখন পুনৰ টেক্সি বে ৪৮ত থকা পাৰ্কিং লটলৈ প্ৰেৰণ কৰা হয়। যান্ত্ৰিক সমস্যা সমাধান হোৱাৰ পিছত বিমানখন শিলচৰলৈ ৰাওনা হয়।
কলকাতাৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগ’ৰ এখন বিমানতো কাৰিকৰী বিজুতি দেখা যায়। ৰাণৱেৰ পৰা উভতি আহে বিমানখন। বৃহস্পতিবাৰে পুৱা কলকাতাৰ পৰা আগৰতলালৈ যোৱা বিমানখনত কাৰিকৰী বিসংগতি দেখা গৈছিল। কলকাতা বিমানবন্দৰৰ ৰাণৱেৰ পৰা উভতি আহিছিল বিমানখন। আগৰতলা অভিমুখী ইণ্ডিগো ফ্লাইট ৬E6068 য়ে যাত্ৰীসহ আগৰতলালৈ উৰা মাৰিবলৈ ৰাণৱেৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত পাইলটে বিমানখনত কাৰিকৰী ক্ৰুটি থকা বুলি এটিচিক জনায়। ফলত বিমানখন বে’লৈ ওভতাই অনা হয়।
আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰু বিমানসমূহত ধাৰাবাহিকভাৱে কাৰিকৰী ক্ৰুটি ধৰা পৰাৰ পিছত এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় বিমান সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়াৰ ইণ্ডিয়াই ২০ জুনৰ পৰা জুলাই মাহৰ মাজভাগলৈ ১৫ শতাংশ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

ট্ৰাম্পৰ সৈতে ব্যৱসায় কৰিবলৈ অধিক আগ্ৰহী নেকি আম্বানী?

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰা হেডিংলি টেষ্টলৈ... চাওক শীৰ্ষ খবৰ

ধূমপান সম্পূৰ্ণ নিষিদ্ধ,বিমানৰ বাথৰুমত কিয় এছট্ৰে ৰখা হয় জানেনে

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন! মাজ আকাশতে খুন্দা চৰাইৰ
