শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উৰণৰ লগে লগে কিদৰে বন্ধ হৈছিল দুয়োটা ইঞ্জিন! আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্য

আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন এতিয়া পোহৰলৈ পাইছে। এই প্ৰতিবেদনত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। প্ৰতিবেদন অনুসৰি উৰণৰ ঠিক লগে লগে বিমানখনৰ দুয়োটা ইঞ্জিন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

উৰণৰ লগে লগে কিদৰে বন্ধ হৈছিল দুয়োটা ইঞ্জিন! আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্য
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্যImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 12 Jul 2025 06:34 AM

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই জোকাৰি তুলিছিল সমগ্ৰ দেশ কি কাৰণত এই ঘটনা সংঘটিত , সেয়া জানিবলৈ স্বাভাৱিকতেই উদগ্ৰীৱ দেশৰ প্ৰতিগৰাকী লোক এই দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন এতিয়া পোহৰলৈ পাইছে। এই প্ৰতিবেদনত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। প্ৰতিবেদন অনুসৰি উৰণৰ ঠিক লগে লগে বিমানখনৰ দুয়োটা ইঞ্জিন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

অৱশ্যে বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) এয়া প্ৰাৰম্ভিক প্ৰতিবেদনহে বুলি প্ৰকাশ কৰিছে। সম্প্ৰতি দুৰ্ঘটনাটোৰ বিশদ তদন্ত অব্যাহত আছে বুলিও জানিবলৈ দিয়া হৈছে। AAIB- প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমানখনে পুৱা প্ৰায় ৮:০৮ বজাত সৰ্বোচ্চ নিৰ্দিষ্ট বিমান গতি ১৮০ নট লাভ কৰিছিল। ইয়াৰ পিছত হঠাতে দুয়োটা ইঞ্জিনৰ ইন্ধন কাট অফ চুইচকেইটা স্বয়ংক্ৰিয়ভাৱে ‘ৰাণ’ৰ পৰা কাটঅফ পজিচনলৈ যায়।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই ঘটনা মাত্ৰ ১ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত হৈছে আৰু এই সময়ছোৱাত ইঞ্জিনলৈ ইন্ধন অহা বন্ধ হৈ পৰে। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও প্ৰকাশ পোৱা নাই। AAIB- ৰ তদন্তৰ প্ৰতিবেদনত ককপিটত পাইলটৰ মাজত হোৱা কথা-বতৰাৰ তথ্যও পোহৰলৈ আহিছে।

ককপিটৰ ভইচ ৰেকৰ্ডাৰ (CVR)ৰ মতে, বিমানখনৰ এগৰাকী পাইলটে আনজনক আপুনি ইঞ্জিন কিয় বন্ধ কৰিলে?বুলি প্ৰশ্ন কৰে আৰু এই প্ৰশ্নৰ উত্তৰত আনজন পাইলটে মই একো কৰা নাইবুলি উল্লেখ কৰে। অৰ্থাৎ দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাত কোনো এগৰাকী পাইলটে যে ইচ্ছাকৃতভাৱে ইন্ধন বন্ধ কৰা নাছিল সেয়া স্পষ্ট হৈ পৰিছে।

ইফালে জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমানখনৰ স্বয়ংক্ৰিয় ব্যৱস্থাই নিজকে সহায় কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাম এয়াৰ টাৰ্বাইন (RAT) অৰ্থাৎ জৰুৰীকালীন ফেন আৰু APUৰ দৰে ব্যৱস্থা সক্ৰিয় কৰাৰ পিছতো বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা নপৰিল। তথ্য অনুসৰি বিমানখনৰ বিদ্যুৎ যোগানত সমস্যা হ’লেহে RAT ওলাই আহে।

অৰ্থাৎ ইঞ্জিন বন্ধ হোৱাৰ বাবে বিমানখনৰ মূল শক্তি যোগানো প্ৰভাৱিত হৈছিল। দুয়োটা ইঞ্জিন বা পাৱাৰ চাপ্লাই বন্ধ হ’লে বা হাইড্ৰলিক বিকল হ’লে RAT স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হয়। ই বিমানখনক উচ্চতা বজাই ৰখাত সহায় কৰে আৰু শক্তি উৎপাদনৰ বাবে বায়ুৰ গতিৰ ব্যৱহাৰ কৰে।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ বিমান আহমেদাবাদৰ পৰা লণ্ডন গেটৱিক অভিমুখে উৰা মৰাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ এখন চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেল চৌহদত বাগৰি পৰে এই দুৰ্ঘটনাত বিমানখনত থকা ২৪১ জন লোককে ধৰি হোষ্টেলৰ আৱাসীসহ মুঠ ২৬০ জন লোকৰ মৃত্যু হয়। বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰতে সৌভাগ্যক্ৰমে এজন ব্যক্তি ৰক্ষা পৰে