ঈদ উদযাপনৰ বাবে আহিছিল ভাৰতলৈ! আহমেদাবাদ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জাভেদ আৰু তেওঁৰ পৰিয়াল…
আহমেদাবাদ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বহু লোকে এই ভয়ংকৰ দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাই জাভেদ আৰু তেওঁৰ পৰিয়ালে।

গুজৰাটৰ আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই বিমান দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰে মৃত্যু হয়। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বহু নিৰীহ লোকৰ মৰ্মান্তিক কাহিনী পোহৰলৈ আহিছে। এনে এক কাহিনী চৈয়দ আলী আৰু তেওঁৰ পৰিয়ালৰ। সেই বিমানখনতে আছিল বিদেশী নাগৰিকত্ব লাভ কৰা চৈয়দ আলী, তেওঁৰ পত্নী আৰু দুই সন্তান।
জাভেদৰ ভোপালৰ সৈতে সম্পৰ্ক আছে। তেওঁ ভোপালত থকা খুড়াকৰ ঘৰত প্ৰায় ৮ বছৰ আছিল। চৈয়দ জাভেদ মূলত মুম্বাইৰ বাসিন্দা আছিল। শেহতীয়াকৈ তেওঁ ঈদ উদযাপন কৰিবলৈ পত্নী আৰু সন্তানৰ সৈতে ভাৰতলৈ আহিছিল। ঈদৰ পাছত তেওঁ মুম্বইৰ পৰা আহমেদাবাদলৈ আৰু তাৰ পৰা লণ্ডন যোৱা কথা আছিল। সকলো ঠিকেই চলি আছিল কিন্তু এই দুৰ্ঘটনাত তেওঁৰ পৰিয়ালৰ আটাইকেইজনে প্ৰাণ হেৰুয়ায়। ৩৭ বছৰীয়া জাভেদ চাৰিটা ভাই-ভনীৰ ভিতৰত সবাতোকৈ সৰু আছিল।
জানিব পৰা মতে, জাভেদে ২০১৩ চনত কৰ্মসূত্ৰে লণ্ডনলৈ গৈছিল। হোটেল মেনেজমেন্টৰ প্ৰশিক্ষণপ্ৰাপ্ত জাভেদে লণ্ডনৰ এখন বিখ্যাত হোটেলত কাম কৰিছিল। তেওঁৰ পত্নী মৰিয়মো ব্ৰিটেইনৰ মূল নাগৰিক। তেওঁ এগৰাকী পেচাগত ডিজাইনাৰ আছিল।মৰিয়ামৰ লগত বিয়া হোৱাৰ পাছতে জাভেদে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিছিল।
এই দুৰ্ঘটনাত জাভেদ, তেওঁৰ পত্নী মৰিয়ম, ৫ বছৰীয়া পুত্ৰ জায়ন আৰু ৪ বছৰীয় কন্যা অমানীৰ মৃ্ত্যু হয়। জাভেদৰ আত্মীয়ই কয় যে, জাভেদ আছিল এজন সংগ্ৰামী আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি। কষ্ট কৰি তেওঁ এটা ভাল চাকৰি লাভ কৰিছিল। তেওঁ লণ্ডনলৈ স্থানান্তৰিত হৈছিল আৰু লণ্ডনৰ নাগৰিকত্ব লাভ কৰিছিল।
উল্লেখ্য যে, ১২ জুনত আহমেদাবাদত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল বিমানখনত থকা ২৪২ জনৰ ভিতৰত ২৪১ জনৰ। ইয়াৰোপৰি মৃত্যু হৈছিল কেইবাজনো চিকিৎসা কৰ্মীৰ। এই বিমান দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মৃতদেহ চিনাক্ত কৰিবলৈ ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিবলগীয়া হয়। জানিব পৰা মতে, ডি এন এৰ জৰিয়তে বৰ্তমানলৈ ৩১ জনৰ মৃতেদহ চিনাক্ত কৰা হয় । এই ঘটনই জোকাৰি গৈছে সমগ্ৰ দেশ। এই সমগ্ৰ ঘটনাৰ বৰ্তমান তদন্ত চলি আছে।
অন্য খবৰ পঢ়কঃ মাত্ৰ ১ মিনিটত ধ্বংস সকলো! আহমেদাবাদ বিমান দুৰ্ঘটনাৰ ১৩ টা সবাতোকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ আপডেট…