আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ানক এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে।

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ানক এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই (AAIB) এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে। AAIB- ৰ এই প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখন GEnx-1B ইঞ্জিনৰ দ্বাৰা চালিত হৈছিল। তদন্তৰ এই প্ৰাৰম্ভিক পৰ্যায়ত বয়িং ৭৮৭-৮ আৰু জিইএনক্স-১বি ইঞ্জিন অপাৰেটৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়া হোৱা নাই।
উল্লেখ্য যে ক্ৰু সদস্যসহ সৰ্বমুঠ ২৪২ জন লোক কঢ়িয়াই নিয়া বিমানখন উৰণৰ প্ৰায় ৩০ ছেকেণ্ডৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয়। প্ৰতিবেদনত কোৱা হৈছে যে ইঞ্জিনটোৰ ইন্ধন নিয়ন্ত্ৰণৰ চুইচসমূহ টেক অফৰ প্ৰায় এক চেকেণ্ডৰ পিছতে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিছিল আৰু ইয়াৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল।
AAIB- এ আহমেদাবাদত সংঘটিত হোৱা এই ভয়ানক বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰীক্ষাগাৰত ইতিমধ্যে বিমানখনত ইন্ধন ভৰোৱাৰ বাবে ব্যৱহাৰ কৰা ব’জাৰ আৰু টেংকৰ পৰা লোৱা ইন্ধনৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। পৰীক্ষাত এই ক্ষেত্ৰত কোনো সমস্যা পোহৰলৈ অহা নাই বুলি প্ৰকাশ পাইছে।
ইফালে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটে MAYDAY কল পঠিয়াইছিল আৰু এই সন্দৰ্ভতো AAIB- এ তদন্ত কৰে। ১৫ পৃষ্ঠাজোৰা তদন্তৰ প্ৰাৰম্ভিক প্ৰতিবেদনত AAIB- এ উল্লেখ কৰা মতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰে (ATCO) কল চাইনটোৰ বিষয়ে অনুসন্ধান কৰিছিল যদিও এই বিষয়ত কোনো তথ্য লাভ নকৰিলে। কিন্তু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা প্ৰত্যক্ষ কৰি ATCO- এ জৰুৰীকালীন সঁহাৰি সক্ৰিয় কৰে।
বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই লগতে দুৰ্ঘটনাস্থলীত বিমানখনৰ ধ্বংসাৱশেষৰ পৰীক্ষা কৰা হৈছে আৰু তাৰ পিছত বিমানখনৰ দুয়োটা ইঞ্জিন বিমানবন্দৰৰ ওচৰৰ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰে। আন কিছুমান গুৰুত্বপূৰ্ণ উপাদান চিনাক্ত কৰি অধিক তদন্তৰ বাবে আঁতৰাই ৰখা হৈছে বুলিও প্ৰকাশ পাইছে প্ৰতিবেদনত।
বিমান দুৰ্ঘটনাৰ সময়ত লাভ কৰা প্ৰাৰম্ভিক সূত্ৰৰ ভিত্তিত অধিক তথ্য সংগ্ৰহৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও AAIB- এ জানিবলৈ দিয়ে। প্ৰতিবেদনত কোৱা হৈছে যে Enhanced Airborne Flight Recorder (EAFR)ৰ পৰা লাভ কৰা তথ্য বিশ্লেষণ কৰা হৈছে আৰু সাক্ষী তথা জীৱিত যাত্ৰীসকলৰ পৰাও বক্তব্য গ্ৰহণ কৰা হৈছে। AAIB- এ লগতে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে।