শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগাম আক্ৰমণ

পহলগাম আক্ৰমণ

২২ এপ্ৰিল, ২০২৫ ত পহলগামত সংঘটিত হয় ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত প্ৰায় ২৬ জনলোকে মৃত্যুক সাৱতি লয়।

পহলগাম জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰ্মীয় দিশৰ পৰা এই ঠাইৰ বিশেষ গুৰুত্ব আছে। প্ৰতিবছৰে লাখ লাখ পৰ্যটক পহলগামত উপস্থিত হয়।

স্থানীয় কাশ্মীৰী খাদ্য আৰু হস্তশিল্পৰ সামগ্ৰীও পহলগামত বিখ্যাত। কাশ্মীৰৰ বিখ্যাত চাদৰ, কাশ্মীৰী হস্তশিল্প আৰু মৌ ইত্যাদি ইয়াৰ বজাৰত ক্ৰয় কৰিব পাৰি।  মুঠতে পৰ্যটনৰ ক্ষেত্ৰৰ পৰা পহলগাম অতি চহকী।

কিন্তু বৰ্তমান পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে চৰ্চাত আছে। তদন্তকাৰী সংস্থাসমূহে ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান।

Read More

আমি পাকিস্তানৰ ৫ খন যুঁজাৰু বিমান…অপাৰেশ্যন সেন্দূৰক লৈ ডাঙৰ মন্তব্য বায়ুসেনাৰ মুৰব্বীৰ

বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্শ্বাল এ পি সিঙে নিশ্চিত কৰে যে ভাৰতে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানী বায়ুসেনাৰ ৫খন যুদ্ধ বিমান আৰু ১খন এ ই ডব্লিউ এণ্ড চি এছ বিমান ধ্বংস কৰে। পাকিস্তানৰ লোকচানৰ সংখ্যা সন্দৰ্ভত বায়ুসেনাৰ সৰ্বোচ্চ পদৰ তৰফৰ পৰা এইটোৱেই প্ৰথম নিশ্চিতকৰণ।

সেন্দূৰ কাঢ়ি নিয়াৰ পাছতো অভিযানৰ নাম কিয় ‘অপাৰেশ্যন সেন্দূৰ’ ৰখা হৈছিলঃ জয়া বচ্চন

অপাৰেশ্যন সেন্দূৰৰ ওপৰত প্ৰশ্ন উত্থাপন এছ পি সাংসদ জয়া বচ্চনৰ। তেওঁ আপত্তি দৰ্শাই যে পহলগামৰ ঘটনাই সেন্দূৰ কাঢ়ি নিলে, গতিকে অপাৰেশ্যন সেন্দূৰ নাম কিয় ৰখা হ'ল।

Parliament monsoon session: পহলগাম আক্ৰমণ সন্দৰ্ভত সদনত বিৰোধীৰ ১১ টা ডাঙৰ প্ৰশ্ন, চৰকাৰৰ উত্তৰ কি?

সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে অপাৰেচন সেন্দূৰ, পহলগাম আক্ৰমণ, অপাৰেচন মহাদেৱক লৈ বহু কেইটা প্ৰশ্ন উত্থাপন কৰে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। কি কি প্ৰশ্ন কৰিছিল বিৰোধীয়ে, জানক সবিশেষ-

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম কিয় দিয়া হ’ল অপাৰেচন মহাদেৱ?

মহাদেৱ শৃংগৰ সমীপত সন্ত্ৰাসবাদ দমন অভিযান চলোৱা বাবেই এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। ইয়াৰ পূৰ্বে বৈচাৰণত ভাৰতীয় মহিলাৰ সেন্দূৰ মচি পেলোৱাৰ দুঃসাহস কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম দিয়া হৈছিল অপাৰেচন সেন্দূৰ।

পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…

অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত ভাষণ দি তেওঁ কয় যে, পাকিস্তানে আমাৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হৈছিল।

কংগ্ৰেছৰ বাহিৰে বিশ্বৰ ১৯০ খন দেশে অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছেঃ সদনত মোদী…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰৰ ওপৰত সদনত মত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, কংগ্ৰেছৰ বাহিৰে সমগ্ৰ বিশ্বই অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছে।

আপুনি সেই চকীত বহাৰ যোগ্য নহয়, যদিহে…মোদীক কটাক্ষ কংগ্ৰেছৰ…

সদনত চলি থকা বৰ্ষাকালীন অধিবেশনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে। তেওঁ কয় যে, মোদীৰ ওপৰত মানুহক সাৱটি ধৰিবলৈ সময় আছে কিন্তু ৰাষ্ট্ৰক দিবলৈ সময় নাই।

হিন্দু নে ভাৰতীয় পহলগামকাণ্ডৰ ভুক্তভোগী? প্ৰিয়ংকাৰ ‘ভাৰতীয়’ মন্তব্যত ‘হিন্দু ধ্বনি’ বিজেপিৰ

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা লোকসকলক সংসদত ভাৰতীয় বুলি কয় কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে। সেই সময়তেই বিজেপিৰ বিধায়কসকলে হিন্দু হিন্দু ধ্বনি দিয়ে। এই আক্ৰমণ সন্দৰ্ভত চৰকাৰক তীব্ৰ কটাক্ষ প্ৰিয়ংকা গান্ধীৰ।

Operation Mahadev: ৪ জন মানুহে চিনাক্ত কৰিলে সন্ত্ৰাসবাদীক, পুৱা ৪ বজাত ৬ জন বিজ্ঞানীয়ে ফোন কৰি অমিত শ্বাহক ক’লে…একেই!

সংসদত আজি অপাৰেচন মহাদেৱ সম্পৰ্কে তথ্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে ভাৰতীয় সেনাই পলগাম আক্ৰমণকাৰীক নিধন কৰিছে। পুৱা ৪ বজাত ৬ জন বিজ্ঞানীয়ে ভিডিঅ' কনফাৰেন্সযোগে অমিত শ্বাহক জনাইছে সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰা গুলী আৰু বৈছাৰণত পৰ্যটকৰ ওপৰত চলোৱা গুলীৰ মিল আছে।

Operation Mahadev: কিয় সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নাম দিয়া হ’ল অপাৰেচন মহাদেৱ, নেপথ্যৰ কাহিনী জানক

Operation Mahadev: সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নাম বাচনিৰ ক্ষেত্ৰত সেনাই পুনৰ এবাৰ প্ৰাধান্য দিলে ভাৰতীয় আৱেগক। কাশ্মীৰ উপত্যকাত চলোৱা সন্ত্ৰাবাদ বিৰোধী অভিযানৰ নাম দিয়া হ'ল অপাৰেচন মহাদেৱ। জানো আহক এই নামকৰণৰ আঁৰৰ কাহিনী।

পাকিস্তানৰ আক্ৰমণত অভিভাকত্বহীন হোৱা ২২ শিশুৰ দায়িত্ব ল’লে ৰাহুল গান্ধীয়ে, কৰিলে এই প্ৰতিশ্ৰুতি

অপাৰেচন সেন্দূৰ আৰু ভাৰত-পাক সংঘাতৰ পিছতে ৰাহুল গান্ধীয়ে পুঞ্চ ভ্ৰমণ কৰে। এই ভ্ৰমণত তেওঁ স্থানীয় ৰাইজৰ সৈতে সাক্ষাৎ কৰিছিল। এতিয়া কংগ্ৰেছ নেতাগৰাকীয়ে এই সংঘাতৰ ফলত অভিভাৱকত্বহীন হৈ পৰা ২২টি শিশুৰ দায়িত্ব লোৱাৰ বাবে আগবাঢ়ি আহিছে।

Operation Mahadev: ১১ দিন পূৰ্বেই ধৰা পৰিছিল সন্ত্ৰাসবাদীৰ গতিবিধি, অৱশেষত মৃত্যু উপহাৰ পহলগামকাণ্ডৰ মাষ্টাৰমাইণ্ডক

২৬ নিৰীহৰ কেঁচা তেজেৰে ফাকু খেলা সন্ত্ৰাসবাদীক উচিত শিক্ষা দিলে ভাৰতীয় সেনাই। কাশ্মীৰ উপত্যকাৰ লিডৱাছ বনাঞ্চলত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে তিনি পাক-সন্ত্ৰাসবাদীয়ে। ইয়াৰে এটা সন্ত্ৰাসবাদী হৈছে চুলেইমানী শ্বাহ। পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে চুলেইমানীক অভিযুক্ত কৰা হৈছিল।

ভাৰত-পাক যুদ্ধবিৰতিত ভূমিকা নাছিল আমেৰিকাৰ! ট্ৰাম্পৰ দাবী খাৰিজ কৰিলে জয়শংকৰে

জয়শংকৰে উল্লেখ কৰা মতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ৯ মে’ত প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰিছিল। এই ফোনকলত ভেন্সে মোদীৰ আগত পাকিস্তানে এক ডাঙৰ আক্ৰমণৰ বাবে সাজু হোৱাৰ কথা জনোৱা বুলি জয়শংকৰে কয়।

অপাৰেচন সেন্দূৰ সন্দৰ্ভত সঁচা কথা কওক চৰকাৰে, সাংসদ গৌৰৱ গগৈৰ দাবী

অপাৰেচন সেন্দূৰক লৈ আজি সংসদত চলিছে আলোচনা। সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বেই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত দাবী কৰিছিল যে চৰকাৰে অপাৰেচন সেন্দূৰ সন্দৰ্ভত সঁচা কথা অৱগত কৰিব লাগিব।

Parliament Monsoon session: অপাৰেচন সেন্দূৰ সম্পূৰ্ণ সফল, গুলী-বাৰুদৰ বিৰুদ্ধে সংবিধানৰ জয়, সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ মন্তব্য

Parliament Monsoon session: সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ চৌহদত কয় যে বাৰিষা হৈছে উদ্ভাৱন আৰু পুনৰ সৃষ্টিৰ প্ৰতীক। কৃষিৰ বাবে ই এক উপকাৰী বতৰ। বৰ্ষাকালীন অধিবেশনখন দেশৰ বাবে অতি গৌৰৱৰ অধিৱেশন।