শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেন্দূৰ কাঢ়ি নিয়াৰ পাছতো অভিযানৰ নাম কিয় ‘অপাৰেশ্যন সেন্দূৰ’ ৰখা হৈছিলঃ জয়া বচ্চন

অপাৰেশ্যন সেন্দূৰৰ ওপৰত প্ৰশ্ন উত্থাপন এছ পি সাংসদ জয়া বচ্চনৰ। তেওঁ আপত্তি দৰ্শাই যে পহলগামৰ ঘটনাই সেন্দূৰ কাঢ়ি নিলে, গতিকে অপাৰেশ্যন সেন্দূৰ নাম কিয় ৰখা হ'ল।

সেন্দূৰ কাঢ়ি নিয়াৰ পাছতো অভিযানৰ নাম কিয় ‘অপাৰেশ্যন সেন্দূৰ’ ৰখা হৈছিলঃ জয়া বচ্চন
জয়া বচ্চনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 30 Jul 2025 18:24 PM

ৰাজ্যসভাত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আলোচনা চলি থকাৰ সময়ত এছ পি সাংসদ জয়া বচ্চনে এক ডাঙৰ মন্তব্য প্ৰদান কৰে। পহলগামত সংঘটিত আক্ৰমণৰ পাছতে ভাৰতে চলোৱা অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে তেওঁ। জয়াই এই অভিযানৰ নাম অপাৰেশ্যন সেন্দূৰ কিয় ৰখা হ’ল বুলি আপত্তি দৰ্শাই কয় যে, সেন্দূৰেই কাঢ়ি লোৱা হ’ল গতিকে অভিযানৰ নাম অপাৰেশ্যন সেন্দূৰ কিয় ৰখা হ’ল?

পহলগাম আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত ভাষণ দি জয়াই প্ৰথমে ভুক্তভোগী পৰিয়ালক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত কয় যে, সন্ত্ৰাসবাদী আহি নিৰীহ মানুহক হত্যা কৰিছিল। এই ঘটনা অতি দুখঃজনক। জয়াই কয় যে, আপোনালোকে ডাঙৰ ডাঙৰ নাম লোৱা এনে লেখকক ৰাখিছে। এই সেন্দূৰ নামটো কোনে দিলে? সেন্দূৰেই কাঢ়ি নিলে গতিকে  তাৰ পাছত অপাৰেশ্যন সেন্দূৰ নাম কিয় ৰখা হ’ল?

তেওঁ কয় যে, পহলগামলৈ তেওঁলোক কিয় গৈছিল? ৩৭০ নং অনুচ্ছেদ আঁতৰ কৰাৰ পাছত গৈছিল সন্ত্ৰাসবাদ এতিয়া শেষ হৈছে বুলি আত্মবিশ্বাস লৈ গৈছিল। কাশ্মীৰ আমাৰ বাবে স্বৰ্গ কিন্তু বিনিময়ত তেওঁলোকে কি পালে? এই চৰকাৰখনে তালৈ যোৱা, এই ঘটনাত নিহত হোৱা সেই সকলো মানুহৰ আস্থা ভাঙি পেলাইছে। সেই পৰিয়ালবোৰে আপোনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব।

জয়াই আৰু কয় যে আপুনি সেই পৰিয়ালবোৰৰ ওচৰত ক্ষমা বিচাৰিছিল নেকি? এয়া আমাৰ কৰ্তব্য। আপোনালোকে ক্ষমা বিচাৰিব লাগে। চৰকাৰে সেই পৰিয়ালবোৰৰ ওচৰত ক্ষমা খুজিব লাগে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে সেইদিনা (সোমবাৰে) ডাঙৰ কথা কৈছিল। আমি কামান কিনিলো, আমি গোলাবাৰুদ কিনিলো, আমি এইটো কিনিলো,  আমি সেইটো কিনিলোঁ। সেইটো লৈ আমি কি কৰা উচিত? সেই ২৬ জন লোকৰ জীৱন আমি বচাব পাৰিমনে? গোলাবাৰুদেও একো কৰিব নোৱাৰে। মানৱতা থাকিব লাগে।

এছ পি সাংসদগৰাকীয়ে লগতে কয় যে, আপোনালোক সকলোকে অনুৰোধ জনাও যে অনুগ্ৰহ কৰি নম্ৰ হওক। যি আশা আৰু বিশ্বাসেৰে মানুহে আপোনাক ইয়ালৈ পঠিয়াইছে, তাৰ যত্ন লওক। আপোনাক দিয়া পদটোক ৰক্ষা কৰক।

উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত চলি থকা আলোচনাত কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলে মোদী চৰকাৰক কটাক্ষ কৰি আহিছে। ইয়াৰ বিপৰীতে কালি নৰেন্দ্ৰ মোদীয়ে সদনত ভাষণ প্ৰদান কৰি বিৰোধিৰ প্ৰশ্নৰ উত্তৰ দিয়ে। কংগ্ৰেক কটাক্ষ কৰি মোদীয়ে কৈছিল যে, অপাৰেশ্যন সেন্দূৰৰ ওপৰত ১৯০ খন দেশৰ সমৰ্থন আছিল, কেৱল কংগ্ৰেছৰ নাছিল।

 

অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! সেনাৰ বাহনৰ ওপৰত বাগৰি পৰিল ডাঙৰ পাথৰ, শ্বহীদ জোৱান, আহত বহুতো…