শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…

অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত ভাষণ দি তেওঁ কয় যে, পাকিস্তানে আমাৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হৈছিল।

পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…
নৰেন্দ্ৰ মোদীImage Credit source: facebook (narendra modi)
Barasha Sarma
Barasha Sarma | Published: 29 Jul 2025 19:53 PM

সদনত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধবিৰতি কেনেদৰে সংঘটিত হ’ল সেই কথা উল্লেখ কৰে। ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, যুদ্ধবিৰতিৰ বাবে কাতৰ আহ্বান জনাইছিল পাকিস্তানে। যুদ্ধবিৰতিৰ বাবে পাকিস্তানৰ ডিজিএমঅ’ই ফোন কৰি কৈছিল যে, “যুদ্ধ বন্ধ কৰক। বহুত ক্ষতি হৈছে”। আমি পাকিস্তানক আঁঠু ল’বলৈ বাধ্য কৰাইছিলো। 

মোদীয়ে আৰু কয়, বিশ্বৰ কোনো দেশে ভাৰতৰ এই ব্যৱস্থাত বাধা প্ৰদান কৰা নাছিল। পহলগাম আক্ৰমণৰ পিছৰ প্ৰথম দিনাৰ পৰাই আমাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীক নিৰ্মূল কৰা। আমাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আৰু সন্ত্ৰাসবাদীৰ মালিক। পাকিস্তানে নিৰ্লজ্জভাৱে সন্ত্ৰাসবাদীৰ সৈতে থিয় দিছিল। কিন্তু আমাৰ ক্ষেপনাস্ত্ৰই তেওঁলোকৰ চুকে-কোণে আঘাত কৰিছে।

বিশ্বৰ কোনো নেতাই যুদ্ধ বিৰতিৰ আহ্বান কৰা নাছিল

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী সন্দৰ্ভত প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে “বিশ্বৰ কোনো নেতাই যুদ্ধবিৰতি বিচৰা নাছিল। বিশ্বৰ কোনো নেতাই আমাক যুদ্ধবিৰতি কৰিবলৈ কোৱা নাছিল। জে ডি ভ্যান্সে মোক ৩-৪ বাৰ ফোন কৰিছিল। তেওঁ কৈছিল যে পাকিস্তানে ডাঙৰ আক্ৰমণ চলাব। তেতিয়া মই কৈছিলো, যদি এয়াই পাকিস্তানৰ উদ্দেশ্যে তেন্তে তেওঁলোকে মূল্য ভৰিব লাগিব। পাকিস্তানে জানে যে ভাৰতে উচিত প্ৰত্যুত্তৰ দিব”। মোদীয়ে কয়, অপাৰেশ্যন সেন্দূৰ অব্যাহত আছে। পাকিস্তানে যদি আৰু দুঃসাহস কৰে তেন্তে উচিত প্ৰত্যুত্তৰ দিয়া হব

কংগ্ৰেছক আক্ৰমণ

সদনত কংগ্ৰেছক কটাক্ষ কৰি মোদীয় কয় যে, অপাৰেশ্যন সেন্দূৰক বিশ্বৰ ১৯০ খন দেশে সমৰ্থন জনাইছে। কেৱল কংগ্ৰেছৰ সমৰ্থন লাভ নকৰিলে। তেওঁ কয়, পহলগাম আক্ৰমণৰ মাত্ৰ ৩-৪ দিন পাছত কংগ্ৰেছে কোৱা আৰম্ভ কৰি দিছিল যে ক’লৈ গ’ল মোদী? মোদী ব্যৰ্থ হৈছে। তেওঁলোকে এইবোৰ উপভোভ কৰি আছিল। নিৰীহলোকক হত্যা কৰাৰ ক্ষেত্ৰতো তেওঁলোকে ৰাজনীতি বিচাৰি পাইছে।

বিৰোধী দলক কেৱল অজুহাত লাগে বুলি উল্লেখ কৰি মোদীয়ে কয় যে, যেতিয়া পাইলট অভিনন্দন পাকিস্তানত ধৰা পৰিছিল তেতিয়া কংগ্ৰেছ সুখী হৈছিল। কিন্তু আমি তেওঁক সন্মান সহকাৰে ঘূৰাই আনিছিলো। বি এছ এফৰ জোৱান ধৰাতো কংগ্ৰেছ সুখী হৈছিল। কিন্তু তেওঁ মৰ্যদা আৰু গৌৰৱেৰে ঘূৰি আহিব। বিৰোধী দলক প্ৰতিবাদ কৰিবলৈ কেৱল অজুহাত লাগে। কাৰ্গিলৰ বিজয়ো আনকি কংগ্ৰেছে মানি লোৱা নাই। আজি সমগ্ৰ বিশ্বই বিৰোধিক হাঁহিছে। নেতিবাচকতা কংগ্ৰেছৰ এটা পুৰণি অভ্যাস। কংগ্ৰেছে পাকিস্তানক কেৱল ক্লিনশ্বিট দিছে।

 

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছৰ বাহিৰে বিশ্বৰ ১৯০ খন দেশে অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছেঃ সদনত মোদী…