শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কংগ্ৰেছৰ বাহিৰে বিশ্বৰ ১৯০ খন দেশে অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছেঃ সদনত মোদী…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰৰ ওপৰত সদনত মত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, কংগ্ৰেছৰ বাহিৰে সমগ্ৰ বিশ্বই অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছে।

কংগ্ৰেছৰ বাহিৰে বিশ্বৰ ১৯০ খন দেশে অপাৰেশ্যন সেন্দূৰক সমৰ্থন কৰিছেঃ সদনত মোদী…
নৰেন্দ্ৰ মোদীImage Credit source: facebook (narendra modi)
barasha-sarma
Barasha Sarma | Updated On: 29 Jul 2025 19:29 PM

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত পহলগাম আৰু অপাৰেশ্যন সেন্দূৰ সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত উদাত্ত কণ্ঠৰে মোদীয়ে কয় যে, মই ভাৰতৰ পক্ষ উপস্থাপন কৰিবলৈ আৰু ভাৰতক দেখা নোপোৱাসকলক আইনা দেখুৱাবলৈ থিয় হৈছো। অপাৰেশ্যন সেন্দূৰৰ সময়ত জনতাই যেনেদৰে মোক সমৰ্থন জনাইছিল, আশীৰ্বাদ দিছিল তাৰ বাবে মই চিৰঋণী।২২ এপ্ৰিলৰ আক্ৰমণৰ প্ৰতিশোধ আমি ২২ মিনিটত লৈছো।

মোদীয়ে কয়, ২২ এপ্ৰিলৰ ঘটনা সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাৰ শীৰ্ষ সীমা। যিদৰে ধৰ্ম সুধি মানুহক হত্যা কৰা হৈছিল সেয়া আছিল এক সুনিশ্চিত প্ৰচেষ্টা। এয়া আছিল ভাৰতত সংঘৰ্ষ বিয়পোৱাৰ এক ষড়যন্ত্ৰ। দেশবাসীক ধন্যবাদ যে এই ষড়যন্ত্ৰক সফল হ’ব নিদিলে।

মোদীয়ে কয়, সন্ত্ৰাসবাদীক ধ্বংস কৰাৰ সংকল্প লোৱা বুলি মই ২২ এপ্ৰিলতে কৈছিলো। মই কৈছিলো যে, তেওঁলোকৰ মালিকসকলে শাস্তি পাব, কল্পনা কৰাতকৈ ডাঙৰ শাস্তি লাভ কৰিব। আমাৰ সশস্ত্ৰ বাহিনীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকৰ সাহসত বিশ্বাস আছে। সেয়া সেনাবাহিনীক ফ্ৰি হেণ্ড দিছিলো। আমি গৌৰৱান্বিত যে সন্ত্ৰাসবাদীয়ে শাস্তি পালে। সেই শাস্তিয়ে তেওঁলোকৰ মালিকসকলক শুব দিয়া নাই। গতিকে সেনাবাহিনীৰ সফলতা আৰু ইয়াৰ লগত জড়িত দিশসমূহ মই উপস্থাপন কৰিব বিচাৰিছো-

প্ৰথম পক্ষ- আক্ৰমণৰ পাছত পাকিস্তানী সেনাই অনুমান কৰিছিল যে ভাৰতে কিবা ডাঙৰ ব্যৱস্থা ল’ব। ৬ মে’ৰ নিশা আৰু ৭ মে’ৰ পুৱা ভাৰতে পৰিকল্পনা অনুসৰি পদক্ষেপ ল’লে।২২ এপ্ৰিলৰ প্ৰতিশোধ আমি ২২ মিনিটত ল’লোঁ।

দ্বিতীয় পক্ষ– আমি পাকিস্তানৰ সৈতে বহুবাৰ যুঁজি কৰিছো। কিন্তু প্ৰথমবাৰৰ বাবে পাকিস্তানৰ চুকে-কোণে থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হয়।

তৃতীয় পক্ষ– আমি পাকিস্তানৰ পাৰমাণৱিক ভাবুকি মিছা বুলি প্ৰমাণ কৰিলোঁ। ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে যে ভাৰতে এই ব্লেকমেইলিঙৰ আগত শিৰনত নকৰে।

চতুৰ্থ পক্ষ– ভাৰতে নিজৰ কাৰিকৰী সামৰ্থ প্ৰদৰ্শন কৰি পাকিস্তানক সঠিকভাৱে আঘাত কৰে। পাকিস্তানৰ বিমান ঘাটিসমূহৰ বিস্তৰ ক্ষতিসাধন হয়।

পঞ্চম পক্ষ– ভাৰতৰ আত্মনিৰ্ভৰশীলতাক বিশ্বই স্বীকৃতি দিছে। অপাৰেচন সিন্দুৰত নৌসেনা, সেনা আৰু বায়ুসেনাৰ যৌথ কাৰ্যৰ মাজত হোৱা সহযোগিতাই পাকিস্তানক স্তম্ভিত কৰি তুলিছে। আগতেও দেশত সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হৈছিল যদিও আগতে সন্ত্ৰাসবাদীৰ মাষ্টাৰমাইণ্ডসকল নিৰ্বিকাৰ আছিল। এতিয়া পৰিস্থিতি সলনি হৈছে। এতিয়া তেওঁলোকৰ টোপনি হৰিছে। তেওঁলোকে জানে যে ভাৰত আহিব আৰু মাৰি যাব।

বিশ্বই দেখিছে সকলো

প্ৰধানমন্ত্ৰী মোদীয়ে কয়,  বিশ্বই দেখিছে যে আমি কি কি কৰিছো। পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দূৰৰ পৰা সিন্ধুলৈকে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতে ৩টা নীতি নিৰ্ধাৰণ কৰিছে।

  • প্ৰথম- ভাৰতত যদি সন্ত্ৰাসবাদী আক্ৰমণ হয় তেন্তে আমি নিজৰ ধৰণে, নিজৰ চৰ্তত আৰু নিজৰ সময়ত সঁহাৰি দিব।
  • দ্বিতীয়- কোনো পাৰমাণৱিক ব্লেকমেইলিঙক ভয় নকৰে।
  • তৃতীয়- সন্ত্ৰাসবাদী পৃষ্ঠপোষক চৰকাৰ আৰু সন্ত্ৰাসবাদী মাষ্টৰমাইণ্ডক একে চকুৰে চোৱা হ’ব।

কংগ্ৰেছৰ সমৰ্থন নাপালো

মোদীয়ে কয় যে, বৈদিশিক নীতি সন্দৰ্ভত সদনত বহু কথা কোৱা হৈছে। বিশ্বৰ সমৰ্থনৰ বিষয়েও আমি উল্লেখ কৰিছো। বিশ্বৰ কোনো দেশে ভাৰতে নিজৰ সুৰক্ষা কৰাত বাধা দিয়া নাই। বিশ্বৰ ১৯৩ খন দেশৰ ভিতৰত মাত্ৰ ৩ খনেহে পাকিস্তানৰ সমৰ্থনত মাত মাতিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে, সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিলে কংগ্ৰেছৰ পৰা সমৰ্থন লাভ নকৰিলে।

 

অন্য খবৰ পঢ়কঃ আপুনি সেই চকীত বহাৰ যোগ্য নহয়, যদিহে…মোদীক কটাক্ষ কংগ্ৰেছৰ…