হিন্দু নে ভাৰতীয় পহলগামকাণ্ডৰ ভুক্তভোগী? প্ৰিয়ংকাৰ ‘ভাৰতীয়’ মন্তব্যত ‘হিন্দু ধ্বনি’ বিজেপিৰ
পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা লোকসকলক সংসদত ভাৰতীয় বুলি কয় কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে। সেই সময়তেই বিজেপিৰ বিধায়কসকলে হিন্দু হিন্দু ধ্বনি দিয়ে। এই আক্ৰমণ সন্দৰ্ভত চৰকাৰক তীব্ৰ কটাক্ষ প্ৰিয়ংকা গান্ধীৰ।

আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনত অপাৰেচন সেন্দূৰৰ বিষয়ে আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়া অপাৰেচন মহাদেৱ সন্দৰ্ভত তথ্য দাখিল কৰে সংসদত। ইফালে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।
পহলগামত নিহত হোৱা লোকসকলক তেওঁ ভাৰতীয় বুলি আখ্যা দিয়াৰ সময়তে লোকসভাত শাসকীয় দলৰ সদস্যই হুলস্থুলৰ সৃষ্টি কৰে। বিজেপিৰ সাংসদসকলে হত্যাৰ বলি হোৱা লোকসকল হিন্দু বুলি কৈছিল, যদিও প্ৰিয়ংকাই তেওঁলোকক ভাৰতীয় বুলি বাৰে বাৰে দোহাৰে।
প্ৰিয়ংকা গান্ধীয়ে কয় যে বৈছাৰণ উপত্যকাত ২৫ জন ভাৰতীয়ক হত্যা কৰা হৈছে। তেওঁলোকৰ বাবে কোনো নিৰাপত্তা নাছিল। এই সময়তে বিজেপিৰ সাংসদসকলে বাধা দি কয় যে তেওঁলোক হিন্দু। শাসকীয় দলে হিন্দু-হিন্দু শ্লোগান দিয়াৰ বিপৰীতে বিৰোধীয়ে ভাৰতীয়-ভাৰতীয় শ্লোগান দিয়ে। একে সময়তে প্ৰিয়ংকাই নিহত হোৱা ২৫ জন লোকৰ আটাইকেইজনৰ নাম উল্লেখ কৰে।
কেনেকৈ আৰু কিয় সংঘটিত হ’ল পহলগাম আক্ৰমণ? প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন
তেওঁ কয়, ‘‘মই এই সদনত সেই ২৫ জন ভাৰতীয়ৰ নাম পঢ়িব বিচাৰোঁ, যাতে ইয়াত বহি থকা প্ৰতিজন সদস্যই উপলব্ধি কৰে যে তেওঁলোকো আমাৰ দৰেই মানুহ আছিল। ৰাজনৈতিক দবাৰ পণ্য নাছিল। তেওঁলোকো এই দেশৰ পুত্ৰ আছিল। এই দেশৰ শ্বহীদো। আমাৰ সকলোৰে পৰিয়ালৰ প্ৰতি জবাবদিহিতা আছে, তেওঁলোকৰ সত্য জনাৰ অধিকাৰ আছে।”
কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, ‘‘কালি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ১ ঘণ্টাৰ ভাষণ দিলে, য’ত তেওঁ বহু কথা ক’লে, কিন্তু এটা কথা বাদ পৰিল। ২০২৫ চনৰ ২২ এপ্ৰিলত যেতিয়া ২৬ জন দেশবাসীক মুকলিকৈ হত্যা কৰা হৈছিল, তেতিয়া কেনেকৈ আৰু কিয় এই আক্ৰমণ সংঘটিত হৈছিল? মই সুধিব বিচাৰিছো দেশৰ নাগৰিকৰ সুৰক্ষাৰ বাবে কোন দায়বদ্ধ? এই দেশৰ প্ৰধানমন্ত্ৰী নহয়নে? এই দেশৰ গৃহমন্ত্ৰী নহয়নে? এই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নহয়নে? এই দেশৰ এন এছ এ নহয়নে?”
মোৰ মাৰ চকুলোৰ কথা সদনত চৰ্চা হৈছিল: প্ৰিয়ংকা গান্ধী
প্ৰিয়ংকা গান্ধীয়ে কয়, ‘‘গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে পাকিস্তানৰ আশ্ৰয় লোৱাৰ বাহিৰে আন উপায় নাছিল। প্ৰশ্ন হয় আপুনি কিয় আশ্ৰয় দিলে? আমাৰ দেশলৈ সন্ত্ৰাসবাদী আহি মানুহক হত্যা কৰে আৰু আপুনি তেওঁলোকক আশ্ৰয় দি আছে। আপোনাৰ কোনো ভাষণতে এই কথাৰ উত্তৰ কিয় নিদিলে? আশ্ৰয়ৰ বিষয়টো উত্থাপন হোৱাৰ লগে লগে গৃহমন্ত্ৰীগৰাকী ইতিহাসলৈ উভতি যায়। নেহৰু জী, ইন্দিৰা জীৰ পৰা মোৰ মাৰ চকুলোলৈকে গ’ল, কিন্তু যুদ্ধবিৰতি কিয় হ’ল, যুদ্ধ কিয় বন্ধ হ’ল এই প্ৰশ্নৰ উত্তৰ নিদিলে?”
তেওঁ আৰু কয়, ‘‘সদনত মোৰ মাৰ চকুলোৰ কথা কোৱা হৈছিল, মই এই কথাটোৰ উত্তৰ দিব বিচাৰিছো। মোৰ মাই চকুলো টুকিছিল যেতিয়া তেওঁৰ স্বামী সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হৈছিল, যেতিয়া তেওঁৰ বয়স মাত্ৰ ৪৪ বছৰ আছিল। আজি মই এই সদনত থিয় হৈ সেই ২৬ জন ব্যক্তিৰ কথা কৈছো, কাৰণ মই তেওঁলোকৰ যন্ত্ৰণা জানো আৰু অনুভৱ কৰোঁ।”