সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম কিয় দিয়া হ’ল অপাৰেচন মহাদেৱ?
মহাদেৱ শৃংগৰ সমীপত সন্ত্ৰাসবাদ দমন অভিযান চলোৱা বাবেই এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। ইয়াৰ পূৰ্বে বৈচাৰণত ভাৰতীয় মহিলাৰ সেন্দূৰ মচি পেলোৱাৰ দুঃসাহস কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম দিয়া হৈছিল অপাৰেচন সেন্দূৰ।
শাওন মাহৰ সোমবাৰ, সকলোৱেই আৰাধনা কৰে সদাশিৱক। এই দিনটোতেই ভাৰতীয় সেনাই দেখুৱালে দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰ ৰূপ। কাশ্মীৰ উপত্যকাৰ লিডৱাস বনাঞ্চলত চলোৱা অভিযানত সেনাই নিধন কৰে পহলগাম আক্ৰমণৰ মাষ্টাৰ মাইণ্ড চুলেইমানী শ্বাহ ওৰফে হাছিম মুছাসহ তিনি হাই ভেল্যু সন্ত্ৰাসবাদীক। এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ।
গভীৰ হাবিত আত্মগোপনত সিদ্ধহস্ত মুছাসহ আন সন্ত্ৰাসবাদী। পাক সেনাৰ স্পেচিয়েল চাৰ্ভিছ গ্ৰুপৰ প্ৰশিক্ষণপ্ৰাপ্ত মুছা। শ্ৰীনগৰৰ উপকণ্ঠৰ ডাচিগাম নেচনেল পাৰ্কৰ সমীপৰ হাৰৱান অঞ্চলত আত্মগোপন কৰিছিল এই সন্ত্ৰাসবাদীয়ে। সেই সময়ত দিশ নিৰ্ণয়ৰ বাবে লগত নাছিল কোনো জিপিএছ চেট। ভাৰতীয় সেনাৰ হাতত ধৰা পৰাৰ ভয়ত আত্মগোপন কৰিছিল মুছাসহ তিনি সন্ত্ৰাসবাদীয়ে। পাক-সেনাৰ প্ৰাক্তন পেৰা-কমাণ্ডো হোৱা সূত্ৰেই কোভাৰ্ট অপাৰেচন তথা আত্মগোপনত সিদ্ধহস্ত মুছা। কিন্তু ওষ্টাদৰ খেল শেষ নিশা।
জুলাই ১১, সেনাৰ চোৰাংচোৱাই ইণ্টাৰচেপ্ট কৰে এটা চীনা ডিভাইচ। লগে লগে নিশ্চিত হয় সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত। এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি সোমবাৰে ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে আৰম্ভ কৰে অপাৰেচন মহাদেৱ। সোমবাৰ, ভগৱান শিৱৰ বাৰ বুলি বিশ্বাস কৰা হয়। সেই সোমবাৰেই অপাৰেচন মহাদেৱ আৰম্ভ কৰে ভাৰতীয় সেনাই।
নাম বাচনিৰ ক্ষেত্ৰত সেনাই পুনৰ এবাৰ প্ৰাধান্য দিলে ভাৰতীয় আৱেগক। যি ঠাইত এই অভিযান চলোৱা হ’ল, সেই ঠাই শ্ৰীনগৰৰ জাবাৰৱান পৰ্বতমালাৰ মহাদেৱ শৃংগৰ সমীপত ঘন জংঘলেৰে আৱৰা। বছৰৰ অধিক কাল বৰফেৰে আবৃত হৈ থাকে এই অঞ্চল। মহাদেৱ শৃংগৰ সমীপত সন্ত্ৰাসবাদ দমন অভিযান চলোৱা বাবেই এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। ইয়াৰ পূৰ্বে বৈচাৰণত ভাৰতীয় মহিলাৰ সেন্দূৰ মচি পেলোৱাৰ দুঃসাহস কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম দিয়া হৈছিল অপাৰেচন সেন্দূৰ।