শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিজৰ শাসনকাল সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল কংগ্ৰেছে, বিহাৰত অমিত শ্বাহৰ কটাক্ষ

বিহাৰৰ সীতামাঢ়ীত নিৰ্বাচনী সভাত ভাষণ দি শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেচন সেন্দূৰ আৰু বিগত সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে প্ৰশংসা কৰে। কংগ্ৰেছে সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল বুলি কটাক্ষ শ্বাহৰ।

নিজৰ শাসনকাল সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল কংগ্ৰেছে, বিহাৰত অমিত শ্বাহৰ কটাক্ষ
বিহাৰত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 03 Nov 2025 20:28 PM

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে সোমবাৰে কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক আক্ৰমণ চলায় আৰু দাবী কৰে যে দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বিহাৰৰ সীতামাঢ়ীত নিৰ্বাচনী সভাত ভাষণ দি শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেচন সেন্দূৰ আৰু বিগত সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে প্ৰশংসা কৰে।

তেওঁ কয়, “১১ বছৰৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ ক্ষমতাত আছিল, আৰু আগতে দুদিনৰ মূৰে মূৰে সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল। কিন্তু কেতিয়াও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাইছিল।”

তেওঁ লগতে কয়, “যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষমতালৈ আহিছিল, তেতিয়া উৰি হওক, পুলৱামা হওক, পহলগাম হওক, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে এই দেশখনক সুৰক্ষিত কৰিছিল। তেওঁ এই দেশক সমৃদ্ধিশালী কৰি তুলিছিল।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ চলাইছিল। ধৰ্ম সুধি সুধি সন্ত্ৰাসবাদীয়ে পহলগ্ৰামত ২৬ জন পৰ্যটকক হত্যা কৰিছিল। ৭ মে’ত এই আক্ৰমণৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছিল, তাৰ পিছত পাকিস্তানে প্ৰত্যাক্ৰমণ কৰে, আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিৰ বিৰুদ্ধে আক্ৰমণ চলায়। ১০ মে’ত যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে এই সংঘাতৰ অন্ত পৰে।

ইয়াৰ উপৰিও শ্বাহে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক টাৰ্গেট কৰি ষঠ পূজাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। “ৰাহুল গান্ধীয়ে ষঠ মাইয়াক অপমান কৰে। এইটো কৰা উচিত নেকি? ৰাহুল গান্ধী, আপুনি যিমান বিচাৰে প্ৰধানমন্ত্ৰী মোদীক অপমান কৰিব পাৰে; আমাৰ কোনো আপত্তি নাই। কিন্তু আপুনি ষঠ মাইয়াক অপমান কৰিছে, বিহাৰৰ মানুহে এই কথা সদায় মনত ৰাখিব।”

দৰভঙাত লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে বিজেপিয়ে “নাটক” মঞ্চস্থ কৰি ষঠ পূজাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ডুব মাৰিবলৈ সুকীয়া পুখুৰী নিৰ্মাণ কৰা বুলি কোৱাৰ পিছতে এই কটাক্ষ কৰিছে শ্বাহে।

নক্সালবাদৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপক প্ৰশংসা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, “কেন্দ্ৰত কংগ্ৰেছৰ ক্ষমতা আছিল। বিহাৰৰ কেইবাখনো জিলা নক্সাল প্ৰভাৱিত হৈছিল। আগতে বিয়লি ৩ বজাত ভোটদান সমাপ্ত হৈছিল। এতিয়া প্ৰথমবাৰৰ বাবে সমগ্ৰ বিহাৰে বিয়লি ৫ বজালৈকে ভোটদান কৰিবলৈ ওলাইছে, কাৰণ এতিয়া বিহাৰ নক্সালমুক্ত।”

সীতামাঢ়ীত এন ডি এই জে ডি ইউৰ সুনীল কুমাৰ পিণ্টুক আৰজেডিৰ সুনীল কুমাৰৰ বিৰুদ্ধে থিয় কৰাইছে। ২৪৩খন আসনৰ বিহাৰ বিধানসভাৰ বাবে ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।