শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Parliament monsoon session: পহলগাম আক্ৰমণ সন্দৰ্ভত সদনত বিৰোধীৰ ১১ টা ডাঙৰ প্ৰশ্ন, চৰকাৰৰ উত্তৰ কি?

সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে অপাৰেচন সেন্দূৰ, পহলগাম আক্ৰমণ, অপাৰেচন মহাদেৱক লৈ বহু কেইটা প্ৰশ্ন উত্থাপন কৰে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। কি কি প্ৰশ্ন কৰিছিল বিৰোধীয়ে, জানক সবিশেষ-

Parliament monsoon session: পহলগাম আক্ৰমণ সন্দৰ্ভত সদনত বিৰোধীৰ ১১ টা ডাঙৰ প্ৰশ্ন, চৰকাৰৰ উত্তৰ কি?
সংসদত প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 30 Jul 2025 11:36 AM

সংসদৰ বৰ্ষাকালীন অধিৱেশনত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰক লৈ যোৱা দুদিন ধৰি চলি আছে আলোচনা। যোৱা সোমবাৰে এই আলোচনা আৰম্ভ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সোমবাৰে প্ৰায় ১২ ঘণ্টা ধৰি আলোচনা কৰা হয়। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে। এই বিষয়ে মঙলবাৰেও আলোচনা চলি থাকে।

মঙলবাৰে সমাজৱাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱ, কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু সদস্যই নিজৰ মতামত দাঙি ধৰে। আলোচনাৰ সময়ত বিৰোধী সাংসদসকলে চৰকাৰক বহু প্ৰশ্ন কৰে। তেওঁলোকে সোধা প্ৰশ্নবোৰৰ বেছিভাগেই সাধাৰণ আছিল। এনে পৰিস্থিতিত অপাৰেচন সেন্দূৰ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধীয়ে সংসদত কি কি প্ৰশ্ন উত্থাপন কৰিছিল, আৰু চৰকাৰে তেওঁলোকক কি উত্তৰ দিলে জানো আহক-

সংসদত এই ১১টা প্ৰশ্ন উত্থাপন হৈছিল

  • পহলগামকাণ্ডৰ বাবে দায়ী কোন?
  • পহলগামলৈ ক’ৰ পৰা আহিল সন্ত্ৰাসবাদী?
  • পহলগাম আক্ৰমণৰ অপৰাধী ক’লৈ গ’ল?
  • কিমান ভাৰতীয় বিমান ধ্বংস কৰা হ’ল?
  • কিয় পদত্যাগ নকৰিলে আই বিৰ মুৰব্বীগৰাকীয়ে?
  • কিয় পদত্যাগ নকৰিলে গৃহমন্ত্ৰীয়ে?
  • পহলগামত কিয় নিৰাপত্তা ব্যৱস্থা নাছিল?
  • সোমবাৰেহে অপাৰেচন মহাদেৱ কিয় চলোৱা হ’ল?
  • কিয় ট্ৰাম্পে যুদ্ধবিৰতিৰ দাবী কৰিলে?
  • সৰ্বদলীয় বৈঠকলৈ কিয় নাহিল প্ৰধানমন্ত্ৰী মোদী?
  • যদি সুযোগ পাইছিল, তেন্তে PoK কিয় লোৱা নাছিল?

ক’ৰ পৰা আহিল সন্ত্ৰাসবাদী আৰু ইয়াৰ বাবে কোন দায়ী?

এইটোৱেই আছিল আটাইতকৈ সাধাৰণ প্ৰশ্ন। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, এআইএমআইএমৰ মুৰব্বী ওৱাইছিকে ধৰি বহু সদস্যই এই প্ৰশ্ন কৰে। অৱশ্যে এই প্ৰশ্নৰ উত্তৰ মঙলবাৰে সংসদত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে দিয়ে। শ্বাহে লোকসভাত কয়, “কালি তেওঁলোকে (কংগ্ৰেছ) আমাক সুধিছিল যে সন্ত্ৰাসবাদী ক’ৰ পৰা আহিল আৰু ইয়াৰ বাবে কোন দায়ী? অৱশ্যে চৰকাৰত থকাৰ বাবেই আমাৰ দায়িত্ব। কালি এই দেশৰ প্রাক্তন গৃহমন্ত্রী চিদাম্বৰম জীয়ে এই প্রশ্ন উত্থাপন কৰাত অত্যন্ত দুখ লাগিল যে এই সন্ত্ৰাসবাদী সকল পাকিস্তানৰ পৰা অহাৰ প্ৰমাণ কি। তেওঁলোকে কি ক’ব বিচাৰে? তেওঁলোকে কাক বচাব বিচাৰে? পাকিস্তানক বচাই কি পাব?”

পহলগামৰ আক্ৰমণকাৰী ক’লৈ গ’ল?

এই প্ৰশ্নটোও সাধাৰণ আছিল। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈকে ধৰি বহু বিৰোধী সাংসদে এই প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰ দিয়ে গৃহমন্ত্ৰীয়ে। তেওঁ কয়, “কালি বিৰোধীয়ে সুধিছিল যে পহলগামৰ আক্ৰমণকাৰী ক’লৈ গ’ল? এতিয়া উল্লেখ কৰা ১০টা নামৰ ভিতৰত ৮টা আছিল চিদাম্বৰম এণ্ড কোম্পানীৰ সময়ত সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰা লোক। এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তেওঁলোকক হত্যা কৰা হৈছে। আপোনালোকৰ সময়ত যিসকলে আত্মগোপন কৰিছিল, তেওঁলোকক আমাৰ সেনাই বাচি বাচি নিৰ্মূল কৰিছে। ভাৰতীয় সেনাই অপাৰেচন মহাদেৱৰ অধীনত পহলগাম আক্ৰমণৰ মাষ্টাৰ মাইণ্ড চুলেমান, জিব্ৰান আৰু আবু হামজাক হত্যা কৰে।”

কিমান ভাৰতীয় বিমান ধ্বংস হ’ল?

বহু বিৰোধী সদস্যই এই প্ৰশ্ন কৰে। লোকসভাত ইয়াৰ উত্তৰ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীয়ে। তেওঁ কয়, “কেতিয়াবাৰে পৰা বিৰোধীয়ে প্ৰশ্ন কৰি আহিছে যে আমাৰ কিমানখন বিমান ধ্বংস কৰা হ’ল, মই ভাবো এই প্ৰশ্নটোৱে আমাৰ দেশৰ জনসাধাৰণৰ আৱেগক সঠিকভাৱে প্ৰতিনিধিত্ব কৰা নাই। আমাৰ বাহিনীয়ে কিমান শত্ৰুৰ বিমান ধ্বংস কৰিলে সেয়া এবাৰো সোধা নাই। তেওঁলোকৰ প্ৰশ্ন হ’ব লাগে ভাৰতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিলে নেকি? উত্তৰ হ’ল হয়। Operation Sindoor সফল হৈছে নেকি, উত্তৰ হ’ল হয়।”

কিয় পদত্যাগ নকৰিলে আই বিৰ মুৰব্বীগৰাকীয়ে?

প্রিয়ংকা গান্ধীয়ে লোকসভাত এই প্রশ্ন কৰিছিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত কোনো স্পষ্ট তথ্য দিয়া নাই। কিন্তু নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে চৰকাৰৰ দায়িত্ব তেওঁ মানি লৈছিল। আক্ৰমণৰ লগে লগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰাপত্তা বাহিনীক সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰা বুলিও তেওঁ কয়। লগতে শ্বাহে কয় যে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কিয় পদত্যাগ নকৰিলে গৃহমন্ত্ৰীয়ে?

এই প্ৰশ্নও মঙলবাৰে লোকসভাত প্ৰিয়ংকা গান্ধীয়ে সুধিছিল। এই সন্দৰ্ভত অমিত শ্বাহে কয়, “আমাৰ সময়ত যি সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছে, সেয়া পাক অনুপ্ৰাণিত আৰু কাশ্মীৰ কেন্দ্ৰিক আছিল, ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দেশৰ আন প্ৰান্তত এটাও সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হোৱা নাই। এয়াই হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। আজি কাশ্মীৰৰ পৰিস্থিতি এনেকুৱা যে তেওঁলোকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী পঠিয়াব লাগিব, এতিয়া আমাৰ কাশ্মীৰত সন্ত্ৰাসবাদী সৃষ্টি হোৱা নাই। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশত ছোনিয়া- মনমোহন সিং চৰকাৰ আছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কাশ্মীৰত ৭২১৭টা সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছিল। ১৭৭০ জন লোকৰ মৃত্যু হয়। ২০১৪ চনৰ পৰা ২০২৫ চনলৈ সংঘটিত হৈছে ২১৫০টা সন্ত্ৰাসবাদী কাণ্ড।”

কেনেকৈ পহলগাম পালেহি সন্ত্ৰাসবাদী, তাত নিৰাপত্তা নাছিল কিয়?

সংসদত এই প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰিয়ংকা গান্ধীয়ে। নিৰাপত্তাৰ অভাৱৰ প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কয় যে আক্ৰমণৰ লগে লগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। সেইদিনা শ্ৰীনগৰ অভিমুখে ৰাওনা হোৱাৰ লগতে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ আৰু ৩০ এপ্ৰিলত চিচিএছৰ বৈঠক আহ্বান কৰে। শ্বাহে লগতে কয় যে অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে অৰ্থাৎ জুন মাহৰ আগতে আক্ৰমণৰ স্থান বৈছাৰণ উপত্যকাত নিৰাপত্তা বাহিনী মোতায়েন কৰা হোৱা নাছিল, যাৰ বাবে তাত তাৎক্ষণিক নিৰাপত্তাৰ ব্যৱস্থাৰ অভাৱ আছিল।

সোমবাৰেই অপাৰেচন মহাদেৱ কিয় হৈছিল?

এই প্রশ্ন লোকসভাত প্রশ্ন কৰিছিল এছ পিৰ ৰাষ্ট্রীয় সভাপতি অখিলেশ যাদৱে ৷ লোকসভাত মঙলবাৰে এই প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, “কালি আমাৰ নিৰাপত্তা বাহিনীয়ে অপাৰেচন ‘মহাদেৱ’ চলাই পহলগাম আক্ৰমণৰ তিনিওটা সন্ত্ৰাসবাদীক হত্যা কৰে। কিন্তু কালি ইয়াত সোধা হৈছিল কিয় আজি, অপাৰেচনৰ বাবে বাচি লোৱা দিনটো শাওন মাহৰ সোমবাৰ আছিল। যোৱা কেইবা সপ্তাহ ধৰি প্ৰশ্ন কৰা হৈছিল যে পহলগামৰ সন্ত্ৰাসবাদীৰ কি হ’ল আৰু সন্ত্ৰাসবাদীক যেতিয়া হত্যা কৰা হ’ল, তেতিয়া প্ৰশ্ন কৰা হৈছে, কালি কিয় হ’ল… এই লোকসকলৰ অৱস্থা কি?”

কিয় ট্ৰাম্পে যুদ্ধবিৰতিৰ দাবী কৰিলে?

এই প্ৰশ্ন কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, এ আই এম আই এমৰ মুৰব্বী ওৱাইছি আৰু বহু বিৰোধী সাংসদে সুধিছিল। এই সন্দৰ্ভত সোমবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে স্পষ্টকৈ কয় আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়েও এই সন্দৰ্ভত নিজৰ তথ্য শ্বেয়াৰ কৰিলে। জয়শংকৰে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী খণ্ডন কৰে। তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মধ্যস্থতাকাৰী নাই। একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়েও কয় যে বিশ্বৰ কোনো নেতাই যুদ্ধবিৰতি বিচৰা নাই। পাকিস্তানৰ ডিজিএমঅ’ই যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছিল আৰু আবেদন জনাইছিল।

সৰ্বদলীয় বৈঠকত কিয় উপস্থিত নহ’ল প্ৰধানমন্ত্ৰী মোদী?

এই প্রশ্ন ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই কৰে। ২৪ এপ্ৰিলত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল তেওঁ বুলিও মন্তব্য কৰে। সমগ্ৰ বিৰোধী সভাত আছিল যদিও প্ৰধানমন্ত্ৰী মোদী নাহিল। চৌদি আৰৱৰ পৰা উভতি অহাৰ লগে লগে তেওঁ বিহাৰলৈ গৈছিল ৰেলী কৰিবলৈ। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ গুৰুত্ব এইটোৱেই নেকি? ইয়াৰ উত্তৰ দিছিল জেডিইউৰ সাংসদ লল্লন সিঙে। সোমবাৰে সংসদত তেওঁ কৈছিল যে ২৪ এপ্ৰিলত পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি বছৰে কোনোবা নহয় কোনোবা ৰাজ্য ভ্ৰমণ কৰে। এইবাৰ তেওঁ বিহাৰৰ মধুবনী ভ্ৰমণ কৰিছিল।

যদি সুযোগ আছিল তেন্তে PoK ঘূৰাই লোৱা নাছিল কিয়?

এই প্ৰশ্ন সোমবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সুধিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ইয়াৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে প্ৰশ্ন কৰিছে যে মই কিয় PoK ঘূৰাই লোৱা নাছিলো? প্ৰশ্ন কৰাজনে প্ৰথমে ইয়াৰ উত্তৰ দিব লাগিব। যাৰ চৰকাৰে পাকিস্তানক PoK দখল কৰিবলৈ অনুমতি দিছিল। ১৯৭১ চনত PoK ঘূৰাই ল’ব পৰা গ’লহেঁতেন। কিন্তু নল’লে।”