Operation Mahadev: কিয় সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নাম দিয়া হ’ল অপাৰেচন মহাদেৱ, নেপথ্যৰ কাহিনী জানক
Operation Mahadev: সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নাম বাচনিৰ ক্ষেত্ৰত সেনাই পুনৰ এবাৰ প্ৰাধান্য দিলে ভাৰতীয় আৱেগক। কাশ্মীৰ উপত্যকাত চলোৱা সন্ত্ৰাবাদ বিৰোধী অভিযানৰ নাম দিয়া হ'ল অপাৰেচন মহাদেৱ। জানো আহক এই নামকৰণৰ আঁৰৰ কাহিনী।

সোমবাৰ, দেশৰ সংসদত অপাৰেচন সেন্দূৰক লৈ আলোচনা চলাৰ কথা। ইতিমধ্যেই চৰকাৰক চেপি ধৰিবলৈ সাজু হৈছিল বিৰোধী। তেনেতেই আহিল এটা খবৰ। জম্মু-কাশ্মীৰৰ পৰা অহা এই খবৰে যেন বহুতৰ মনত জ্বলি থকা ক্ষোভৰ জুইকুৰা নিৰ্বাপন কৰিলে সামান্যভাৱে।
শাওন মাহৰ সোমবাৰ, সকলোৱেই আৰাধনা কৰে সদাশিৱক। এই দিনটোতেই ভাৰতীয় সেনাই দেখুৱালে দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰৰূপ। কাশ্মীৰ উপত্যকাৰ লিডৱাস বনাঞ্চলত চলোৱা অভিযানত সেনাই নিধন কৰে পহলগাম আক্ৰমণৰ মাষ্টাৰ মাইণ্ড চুলেইমানী শ্বাহ ওৰফে হাছিম মুছাসহ তিনি হাই ভেল্যু সন্ত্ৰাসবাদীক। এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ।
গভীৰ হাবিত আত্মগোপনত সিদ্ধহস্ত মুছাসহ আন সন্ত্ৰাসবাদী। পাক সেনাৰ স্পেচিয়েল চাৰ্ভিছ গ্ৰুপৰ প্ৰশিক্ষণপ্ৰাপ্ত মুছা। শ্ৰীনগৰৰ উপকণ্ঠৰ ডাচিগাম নেচনেল পাৰ্কৰ সমীপৰ হাৰৱান অঞ্চলত আত্মগোপন কৰিছিল এই সন্ত্ৰাসবাদীয়ে। সেই সময়ত দিশ নিৰ্ণয়ৰ বাবে লগত নাছিল কোনো জিপিএছ চেট।
ভাৰতীয় সেনাৰ হাতত ধৰা পৰাৰ ভয়ত আত্মগোপন কৰিছিল মুছাসহ তিনি সন্ত্ৰাসবাদীয়ে। পাক-সেনাৰ প্ৰাক্তন পেৰা-কমাণ্ডো হোৱা সূত্ৰেই কোভাৰ্ট অপাৰেচন তথা আত্মগোপনত সিদ্ধহস্ত মুছা। কিন্তু ওষ্টাদৰ খেল শেষ নিশা।
জুলাই ১১, সেনাৰ চোৰাংচোৱাই ইণ্টাৰচেপ্ট কৰে এটা চীনা ডিভাইচ। লগে লগে নিশ্চিত হয় সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত। এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি সোমবাৰে ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে আৰম্ভ কৰে অপাৰেচন মহাদেৱ। সোমবাৰ, ভগৱান শিৱৰ বাৰ বুলি বিশ্বাস কৰা হয়। সেই সোমবাৰেই অপাৰেচন মহাদেৱ আৰম্ভ কৰে ভাৰতীয় সেনাই।
নাম বাচনিৰ ক্ষেত্ৰত সেনাই পুনৰ এবাৰ প্ৰাধান্য দিলে ভাৰতীয় আৱেগক। যি ঠাইত এই অভিযান চলোৱা হ’ল, সেই ঠাই শ্ৰীনগৰৰ জাবাৰৱান পৰ্বতমালাৰ মহাদেৱ শৃংগৰ সমীপত ঘন জংঘলেৰে আৱৰা। বছৰৰ অধিক কাল বৰফেৰে আবৃত হৈ থাকে এই অঞ্চল।
মহাদেৱ শৃংগৰ সমীপত সন্ত্ৰাসবাদ দমন অভিযান চলোৱা বাবেই এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। ইয়াৰ পূৰ্বে বৈচাৰণত ভাৰতীয় মহিলাৰ সেন্দূৰ মচি পেলোৱাৰ দুঃসাহস কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম দিয়া হৈছিল অপাৰেচন সেন্দূৰ।
সেনাৰ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, জম্মু-কিষ্টৱাৰ আৰু কোকেৰনাগৰ বনাঞ্চলত মুঠ ৭০-৮০ টা TRF আৰু জৈছ উগ্ৰপন্থীয়ে আত্মগোপন কৰি থাকিব পাৰে বুলি আশংকা কৰা হৈছে। যদি সেনাই তেনেকৈ ভাবে তেন্তে বৰ্তমানৰ অভিযান তীব্ৰতৰ কৰিব পাৰে।
সংসদত গৃহমন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সেন্দূৰ বন্ধ হোৱা নাই বুলি মন্তব্য কৰাৰ পিছত প্ৰতিৰক্ষা মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে, পুনৰ আৰম্ভ হ’ব নেকি অপাৰেচন সেন্দূৰ? ‘অপাৰেচন মহাদেৱ’ক আৰু পাঁচটা সন্ত্ৰাসবাদ বিৰোধী অভিযান বুলি গণ্য কৰিবলৈ অনিচ্ছুক প্ৰতিৰক্ষা বিশেষজ্ঞসকল।
তেওঁলোকৰ দাবী যে এই অভিযান যিদৰে চলোৱা হৈছিল, সন্ত্ৰাসবাদীৰ মৃতদেহৰ ছবি চালে স্পষ্ট হৈ পৰে যে এই সকলোবোৰ ‘হেডশ্বট’। সন্ত্ৰাসবাদীৰ উপস্থিতি নিৰপেক্ষভাৱে জনাৰ পিছত ‘স্নাইপাৰ’ ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীৰ মূৰৰ ঠিক সোঁমাজত গুলীচালনা কৰা হৈছিল।
সেনাৰ ভিতৰৰ এক সূত্ৰই দাবী কৰিছে যে সেনা বিশেষ বাহিনী চতুৰ্থ পেৰাৰ কামাণ্ডিং অফিচাৰ আৰু কনিষ্ঠ কমিচন অফিচাৰে সফল কৰি তুলিছে অপাৰেচন মহাদেৱক। চতুৰ্থ বিশেষ বাহিনীৰ বিশেষ প্ৰকাৰৰ ‘ডেগাৰ’ বা ছুৰী আছে। হিন্দীত ইয়াক কোৱা হয় খঞ্জৰ। এই ডেগাৰৰ ধাৰা এনেকুৱা যে শত্ৰুৰ পেটত সুমুৱাই দিলে নাড়ী-ভুৰু ওলাই আহিব। সেইবাবেই এই ইয়াক বহুতে ‘উত্তৰ ডেগাৰ’ বুলিও কোৱা হয়।
এই পেৰা ফৰ্চেই নিৰ্মূল কৰিলে সন্ত্ৰাসবাদীক। ৰাষ্ট্ৰীয় ৰাইফলছৰ বেটেলিয়নে পৰ্যাপ্ত সহায় আগবঢ়াইছিল তেওঁলোকক। যৌথ বাহিনীয়ে ঘেৰাও কৰে ৫ টা সন্ত্ৰাসবাদীক। সন্দেহ কৰা হৈছে যে অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল এই সন্ত্ৰাসবাদীয়ে। কিন্তু তাৰ পূৰ্বেই নিধন কৰা হ’ল তিনি সন্ত্ৰাসবাদীক। বহুতে বিশ্বাস কৰিছে যে সেই ধৰ্মীয় আৱেগক মনত ৰাখিয়েই হয়তো এই অভিযানৰ নামকৰণ কৰা হৈছে অপাৰেচন মহাদেৱ নামেৰে।