Operation Mahadev: ৪ জন মানুহে চিনাক্ত কৰিলে সন্ত্ৰাসবাদীক, পুৱা ৪ বজাত ৬ জন বিজ্ঞানীয়ে ফোন কৰি অমিত শ্বাহক ক’লে…একেই!
সংসদত আজি অপাৰেচন মহাদেৱ সম্পৰ্কে তথ্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে ভাৰতীয় সেনাই পলগাম আক্ৰমণকাৰীক নিধন কৰিছে। পুৱা ৪ বজাত ৬ জন বিজ্ঞানীয়ে ভিডিঅ' কনফাৰেন্সযোগে অমিত শ্বাহক জনাইছে সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰা গুলী আৰু বৈছাৰণত পৰ্যটকৰ ওপৰত চলোৱা গুলীৰ মিল আছে।

অপাৰেচন সেন্দূৰক লৈ লোকসভাত চলি থকা আলোচনাৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে। তেওঁলোকক নিৰ্মূল কৰিবলৈ যৌথভাৱে আৰম্ভ কৰা হৈছিল ‘অপাৰেচন মহাদেৱ’।
এই অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীৰ নাম চুলেইমানী ওৰফে মুছা, জিব্ৰান আৰু আবু হামজা। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল লস্কৰৰ সন্ত্ৰাসবাদী চুলেমানী। ইয়াৰ বহু প্ৰমাণ কেন্দ্ৰৰ হাতত থকা বুলি কয় অমিত শ্বাহে।
অপাৰেচন মহাদেৱৰ বিষয়ে উল্লেখ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “এটা যৌথ অভিযান ‘অপাৰেচন মহাদেৱ’ত ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে।
এই তিনিটা সন্ত্ৰাসবাদী বৈছাৰণত আছিল আৰু তিনিও নিহত হৈছে। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই নিৰাপত্তা সভা অনুষ্ঠিত কৰা হৈছিল। ২০২৫ চনৰ ২২ মে’ৰ পৰা “অপাৰেচন মহাদেৱ” আৰম্ভ হয়। লগে লগে একচন আৰম্ভ হয়।”
১০৫৫ জন লোকক ৩ হাজাৰ ঘণ্টা ধৰি জেৰা কৰা হয়
অমিত শ্বাহে কয়, ‘‘২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি সিদ্ধান্ত লৈছিলো যে NIA-এ এই গোচৰৰ তদন্ত কৰিব। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৩ এপ্ৰিলত এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে সন্ত্ৰাসবাদীয়ে কোনো মূল্যৰ বিনিময়ত পাকিস্তানলৈ পলায়ন কৰিব নোৱাৰে। তাৰ পিছত আমি এটা দীঘলীয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ।”
“পৰ্যটকৰ পৰিয়ালৰ সদস্য, কেমেৰামেন, খচ্চৰৰ মালিককে ধৰি ১০৫৫ জন লোকক প্ৰায় ৩ হাজাৰ ঘণ্টা ধৰি সোধা-পোছা কৰা হয়। তাৰ পিছত সন্ত্ৰাসবাদীৰ স্কেচ বনোৱা হয়। তাৰ পিছত ২০২৫ চনৰ ২২ জুনত বছিৰ আৰু পাৰভেজক চিনাক্ত কৰা হয়, দুয়ো এতিয়া জিম্মাত আছে। সোধা-পোছাৰ সময়ত দেখা গ’ল যে ২১ এপ্ৰিলৰ নিশা ৮ বজাত বৈছাৰণলৈ ৩ টা সন্ত্ৰাসবাদী আহিছিল আৰু তেওঁলোকৰ হাতত এ কে ৪৭ আৰু এম ৯ কাৰ্বাইন অস্ত্ৰ আছিল। তেওঁলোকে তাত খাদ্য খাই তাৰ পিছত কিছু খাদ্য সামগ্ৰী লৈ গুচি গৈছিল।”
৬ জন বিজ্ঞানীয়েও নিশ্চিত কৰিছে
সন্ত্ৰাসবাদীক ধৰিবলৈ চলোৱা অভিযান সন্দৰ্ভত অমিত শ্বাহে কয়, ‘‘২২ মে’ৰ পৰা ২২ জুলাইলৈকে তেওঁলোকৰ গতিবিধি ধাৰাবাহিকভাৱে অনুসৰণ কৰা হৈছিল। তাৰ পিছত ২২ জুলাইত আমি চেন্সৰৰ জৰিয়তে নিশ্চিত তথ্য পাইছিলোঁ। ইয়াৰ পিছত আমি একেলগে কাম কৰি সন্ত্ৰাসবাদীক ঘেৰি ধৰিছিলো। তাৰ পিছত কালি এই তিনিটা সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী কেইটা আবু হামজা, চুলেমানী, জিব্ৰান। মৃত্যুৰ পিছত ৪জন লোকে চিনাক্ত কৰি কয়, এইকেইটাই সেই সন্ত্ৰাসবাদী আছিল।”
সেই স্থানৰ পৰা পোৱা কাৰ্টিজৰ বাবে এফ এছ এলৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। উদ্ধাৰ হোৱা কাৰ্টিজসমূহ আছিল এ কে-৪৭ আৰু এম-৯ ৰ। যোৱা নিশা তদন্তৰ বাবে চণ্ডীগড়লৈ নমুনা প্ৰেৰণ কৰা হয়। গোটেই ৰাতি পৰীক্ষা চলিল। পুৱা প্ৰায় ৪ বজাত ভিডিঅ’ ফোনযোগে ৬ জন বিজ্ঞানীৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে ক’লে যে এইবোৰ একে গুলী। সকলো বিজ্ঞানীয়ে নিশ্চিত কৰিছে যে এইবোৰ একে গুলী আছিল।”
লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “কালিৰ অভিযানত তিনিওটা সন্ত্ৰাসবাদী (চুলেমান, আফগান আৰু জিব্ৰান) নিহত হয়। যিসকলে তেওঁলোকক খাদ্য যোগান ধৰিছিল তেওঁলোকক ইতিমধ্যে জিম্মাত লোৱা হৈছিল। যেতিয়া এই সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনা হৈছিল, তেতিয়া আমাৰ সংস্থাসমূহে আটক কৰা লোকসকলেও তেওঁলোকক চিনাক্ত কৰিছিল।”