শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপুনি সেই চকীত বহাৰ যোগ্য নহয়, যদিহে…মোদীক কটাক্ষ কংগ্ৰেছৰ…

সদনত চলি থকা বৰ্ষাকালীন অধিবেশনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে। তেওঁ কয় যে, মোদীৰ ওপৰত মানুহক সাৱটি ধৰিবলৈ সময় আছে কিন্তু ৰাষ্ট্ৰক দিবলৈ সময় নাই।

আপুনি সেই চকীত বহাৰ যোগ্য নহয়, যদিহে…মোদীক কটাক্ষ কংগ্ৰেছৰ…
মালিকাৰ্জুন খাৰ্গেImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Jul 2025 16:46 PM

সংসদত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আলোচনা চলি থকাৰ মাজতে কংগ্ৰেছৰ সভাপতি মালিকাৰ্জুন খাৰ্গে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে, অপাৰেশ্যন সেন্দূৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে সৰ্বদলীয় বৈঠকত থাকিব লাগিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত চৰকাৰৰ উদ্দেশ্যক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মোদী চৰকাৰক অহংকাৰী বুলি কোৱাৰ লগতে অভিযোগ উত্থাপন কৰে যে চৰকাৰে বিৰোধিৰ চিঠিৰ উত্তৰ নিদিলে।

কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে কয়, আমি সদায় পাকিস্তান আৰু সন্ত্ৰাসবাদীক দিয়া সমৰ্থনক গৰিহণা দি আহিছো আৰু আগলৈও গৰিহণা দি যাম। কিন্তু, আমি গৰিহণা দিয়াৰ মাজতে মোদীয়ে দাৱতত গৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাৱতি ধৰে। পহলগাম আক্ৰমণৰ ৩ দিন পূৰ্বে মোদীয়ে ভ্ৰমণ বাতিল কৰিছিল। সেই উত্তৰ আমি আগতেও বিচাৰিছিলো যদিও নাপালো।

তেওঁ কয় যে, আজিও মই প্ৰশ্ন কৰিছো যে চৰকাৰে আগতে আক্ৰমণৰ আশংকা কৰিছিল নেকি? যদি হয়, তেন্তে পৰ্যটকক কিয় তালৈ যাবলৈ দিয়া হৈছিল? তেওঁ কয়, গৃহমন্ত্ৰী অমিত শ্বাহ ২০২৪ চনৰ ৭ আৰু ৮ এপ্ৰিলত জম্মু-কাশ্মীৰলৈ গৈছিল। তেওঁ কৈছিল যে মোদী চৰকাৰৰ প্ৰচেষ্টাত ৰাষ্ট্ৰবিৰোধী উপাদানসমূহ নাইকিয়া হৈছে। যদি এনেকুৱাই আছিল তেন্তে পহলগাম আক্ৰমণ কেতিয়াও সংঘটিত নহ’লহেতেন।

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, পহলগাম আক্ৰমণৰ প্ৰথম দিনাৰ পৰাই বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাইছিল। চৰকাৰে কৈ আছিল যে সময় আহিলে সঁহাৰি দিব। আমি প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছিলোঁ, কিন্তু সেই চিঠিৰ কোনো উত্তৰ নাপালো। আমাৰ চিঠিবোৰ ডাষ্টবিনত পেলাই দিয়া হ’ল। ইমান অংহকাৰ হ’লে এদিন আপোনাৰ অহংকাৰ ভাঙিবলৈ মানুহ আহিব।

মোদীক কটাক্ষ কৰি খাৰ্গে আৰু কয় যে, প্ৰধানমন্ত্ৰীৰ ওচৰত মানুহক সাৱটি ধৰিবলৈ সময় আছে যদিও বিৰোধী নেতাক উত্তৰ দিবলৈ সময় নাই। আমি সৰ্বদলীয় সভাত অংশ লৈছিলো কিন্তু মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰলৈ গৈছিল। এয়া নেকি আপোনাৰ দেশপ্ৰেম? আজি আপুনি সদনত বহিব লাগিছিল। যদি আপোনাৰ শুনিব পৰা ক্ষমতা নাই তেন্তে সেই চকীখনত বহিবলৈ আপুনি উপযুক্ত নহয়।

উল্লেখ্য যে, চলি আছে লোকসভাৰ বৰ্ষাকালীন অধিবেশন। এই সময়চোৱাত অপাৰেশ্যন সেন্দূৰকত লৈ হোৱা আলোচনাত বিৰোধিয়ে চৰকাৰক লক্ষ্য কৰি লৈছে। বিৰোধী উপ-দলপতি গৌৰৱ গগৈকে ধৰি বিভিন্নজনে চৰকাৰৰ স্থিতিৰ ওপৰত প্ৰশ্ন কৰি গৈছে। পহলগামৰ ওপৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ দাবী কৰিছে বিৰোধিয়ে।

 

অন্য খবৰ পঢ়কঃ হেপাটাইটিছ A আৰু E ত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক…