শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২০২৫ত কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই: প্ৰধানমন্ত্ৰী মোদী

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,  "২০১৩–১৪ বৰ্ষৰ আশে-পাশে গঁড় চিকাৰৰ ঘটনা সঘনাই সংঘটিত হৈছিল।" কম সময়ৰ ভিতৰতে একাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰে মোদীয়ে। তেওঁ কয়, "চৰকাৰে সংৰক্ষণ কৌশলৰ নতুন ৰূপ আৰু স্থলভাগত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি এনে প্ৰথাৰ অন্ত পেলাবলৈ দৃঢ় স্থিতি গ্ৰহণ কৰিছে।"

২০২৫ত কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই: প্ৰধানমন্ত্ৰী মোদী
Pm Narendra Modi Assam
Trishna Kalita
Trishna Kalita | Updated On: 18 Jan 2026 14:54 PM

১৮ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপনৰ পিছত কলিয়াবৰত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাষণ প্ৰসংগত ২০২৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই বুলি উল্লেখ কৰে। লগতে এই সাফল্যৰ কাৰণ বিজেপি চৰকাৰে গ্ৰহণ কৰা স্থায়ী আৰু কেন্দ্ৰীভূত সংৰক্ষণ প্ৰচেষ্টাৰ কথা দোহাৰে।

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,  “২০১৩–১৪ বৰ্ষৰ আশে-পাশে গঁড় চিকাৰৰ ঘটনা সঘনাই সংঘটিত হৈছিল।” কম সময়ৰ ভিতৰতে একাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰে মোদীয়ে। তেওঁ কয়, “চৰকাৰে সংৰক্ষণ কৌশলৰ নতুন ৰূপ আৰু স্থলভাগত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি এনে প্ৰথাৰ অন্ত পেলাবলৈ দৃঢ় স্থিতি গ্ৰহণ কৰিছে।”

লগতে স্থানীয় জীৱিকাৰ ওপৰত বন্যপ্ৰাণী সংৰক্ষণৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰি মোদীয়ে কয়, “যেতিয়া প্ৰকৃতি সুৰক্ষিত হয় তেতিয়া ই সুযোগৰো সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, কাজিৰঙা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰ্যটন ব্যৱস্থা যোৱা কিছু বছৰত যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত হোমষ্টে, হস্তশিল্প, ক্ষুদ্ৰ ব্যৱসায়, আৰু পৰ্যটন সম্পৰ্কীয় সেৱা যেনে গাইড আদিৰ জৰিয়তে স্থানীয় জনগোষ্ঠীসমূহ উপকৃত হৈছে।”

বন্যপ্ৰাণী সুৰক্ষা শক্তিশালী আৰু বহনক্ষম পৰ্যটনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ কয়, “সংৰক্ষণৰ প্ৰচেষ্টাই ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য ৰক্ষা কৰাৰ সমান্তৰালভাৱে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাত সহায় কৰিছে। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিশ্বজুৰি বিখ্যাত আৰু অসমৰ পৰিৱেশ পৰ্যটন খণ্ডৰ মূল অৰিহণা যোগাইছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে আঞ্চলিক সংযোগ উন্নত কৰাৰ লগতে নিৰাপদ বন্যপ্ৰাণীৰ চলাচল সুনিশ্চিত কৰাৰ লক্ষ্যৰে এক ল্যাণ্ডমাৰ্ক আন্তঃগাঁথনিমূলক পদক্ষেপ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ ভূমি পূজন সম্পন্ন কৰে। ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰিৱেশ সচেতন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৫ কিলোমিটাৰ উচ্চ বন্যপ্ৰাণী কৰিড’ৰ, ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ ছেকচন, আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ (পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ৩০ কিলোমিটাৰ বহল কৰি দুটা লেনলৈ চাৰিটা লেনলৈ বৃদ্ধি কৰা হৈছে।

এই প্ৰকল্পৰ লক্ষ্য হৈছে উদ্যানখনৰ চহকী জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি আৰু পৰিৱেশ পৰ্যটনক উন্নীত কৰা। বিষয়াসকলে জনোৱা মতে, ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে মধ্য আৰু উজনি অসমৰ সংযোগ উন্নত হ’ব। ইয়াত ঘাইপথৰ কলিয়াবৰ–নুমলীগড় অংশত চাৰিলেনযুক্ত কৰাৰ লগতে আৰু প্ৰায় ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও লগতে জখলাবন্ধা আৰু বোকাখাতত নিৰ্মাণ কৰা হ’ব বাইপাছ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ পৰামৰ্শ অনুসৰি ডিজাইন কৰা এই প্ৰকল্পটোৱে এলিভেটেড কৰিডৰৰ তলত নিৰ্দিষ্ট স্থান প্ৰদান কৰিব যাতে ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলং পাহাৰৰ মাজত বিশেষকৈ বানৰ সময়ত নিৰাপদ পশুৰ চলাচলত সুবিধা হয়।