শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

India-EU: ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ ‘মুক্তি বাণিজ্য চুক্তি স্বাক্ষৰ’: সস্তা হ’ব এইসমূহ সামগ্ৰী…

India-EU: ভাৰতৰ আৰু ইউৰোপীয় ইউনিয়নৰ মাজত মাডাৰ অৱ অল ডীল স্বাক্ষৰ হয়। মোদী আৰু উৰ্চুলা ভন ডেৰ লেয়েনৰ মাজত চুক্তি স্বাক্ষৰ হয়।য’ত প্ৰায় ৯০ শতাংশ সামগ্ৰীৰ শুল্ক হ্ৰাস বা নিৰ্মূল কৰা হৈছে।

India-EU: ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ ‘মুক্তি বাণিজ্য চুক্তি স্বাক্ষৰ’: সস্তা হ’ব এইসমূহ সামগ্ৰী…
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত চুক্তিImage Credit source: X (Narendra Modi)
Barasha Sarma
Barasha Sarma | Updated On: 27 Jan 2026 15:36 PM

গণৰাজ্য দিৱসৰ পাছত মঙলবাৰ (২৭ জানুৱাৰী)য়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক বাণিজ্যিক চুক্তি স্বাক্ষৰ হয়। ইয়াক মুক্ত বাণিজ্য চুক্তি (FTA) বা মাডাৰ অৱ অল ডীল বুলিও কোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আতিথ্য প্ৰদান কৰে ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টাক। প্ৰায় দুটা দশক ধৰি চলা আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হয়, যাৰ অধীনত ভাৰতে ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্যৰ বাবে ক্ৰমান্বয়ে নিজৰ বৃহৎ আৰু কটকটীয়া নিয়ন্ত্ৰিত বজাৰখন বহু পৰিমাণে মুকলি কৰিব।

এই বাণিজ্যিক চুক্তিৰ দ্বাৰা ইউৰোপীয় সংঘৰ প্ৰায় ৯০ শতাংশ সামগ্ৰীৰ ওপৰত শুল্ক নিৰ্মূল বা হ্ৰাস কৰা হৈছে। ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশৰ পৰা আমদানি কৰা ৱাইন আৰু বিয়েৰৰ ওপৰত ভাৰতে শুল্ক হ্ৰাস কৰিছে। বিয়েৰৰ ওপৰত কৰ ৫০% , স্পিৰিটৰ ওপৰত কৰ ৪০% হ্ৰাস কৰা হৈছে। ইয়াৰোপৰি ৱাইনৰ ওপৰত কৰ ২০-৩০% শুল্ক হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত ইউৰোপৰ পৰা আমদানি কৰা সুৰা দেশত সস্তীয়া হ’ব।

কৰ আঁতৰোৱা হৈছে

সুৰাৰ বিপৰীতে কিছুমান সামগ্ৰীৰ ওপৰত ভাৰতে শুল্ক আঁতৰ কৰিছে। অলিভ অইল, মাৰ্জাৰিন, ভেজিটেবল অইলৰ কৰ নাইকীয়া কৰিছে। ইয়াৰোপৰি ফলৰ ৰস, প্ৰচেচড খাদ্যৰ ওপৰতো কৰ আঁতৰ কৰা হৈছে। পাস্তা আৰু চকলেটৰ ওপৰত কৰ সম্পূৰ্ণ নিৰ্মূল কৰা হৈছে।

গাড়ী আৰু ঔষধ সস্তীয়া হ’ব

গাড়ীৰ শুল্কৰ ক্ষেত্ৰতো ডাঙৰ বাণিজ্যিক চুক্তি ঘোষণা কৰা হৈছে। ইউৰোপৰ পৰা আমদানি কৰা গাড়ীৰ ওপৰত ভাৰতে কৰ ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰিছে। অৱশ্যে বছৰি ২.৫ লাখ বাহনৰ সীমা বান্ধি দিছে। ইয়াৰোপৰি মেছিনাৰী সামগ্ৰীৰ ওপৰত ৪৪ শতাংশ কৰ অধিকাংশই নিৰ্মূল কৰা হৈছে। ৰাসায়নিক পদাৰ্থৰ ওপৰত ২২% কৰ বেছিভাগ নোহোৱা কৰা হ’ব।ফাৰ্মাচিউটিকেলৰ ওপৰত ১১% কৰ বাতিল কৰা হৈছে। লগতে সকলো বিমান আৰু মহাকাশযানৰ সামগ্ৰীৰ কৰ আঁতৰ কৰা হৈছে।

৪৫০০ কোটি ইউৰোৰ বাজেট লাভ ভাৰতৰ

মুক্ত বাণিজ্য চুক্তিৰ অধীনত ভাৰতে অহা দুবছৰত ইউৰোপীয় ইউনিয়নৰ পৰা ৫০ কোটি ইউৰো (প্ৰায় ৪৫০০ কোটি ইউৰো) লাভ কৰিব, যিয়ে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। ইউৰোপীয় ইউনিয়নৰ ট্ৰেডমাৰ্ক, ডিজাইন, কপিৰাইট, আৰু ট্ৰেড ছিক্ৰেটসমূহে শক্তিশালী আইনী সুৰক্ষা লাভ কৰিব। নিৰাপদ, ন্যায্য, আৰু নিৰ্ভৰযোগ্য অনলাইন বাণিজ্য নিশ্চিত কৰিবলৈ ডিজিটেল বাণিজ্যৰ বাবে এটা বিশেষ অধ্যায় স্থাপন কৰা হ’ব।

বিত্তীয় আৰু সামুদ্ৰিক সেৱাত ইউৰোপীয় ইউনিয়নৰ সেৱা কোম্পানীসমূহে ভাৰতত বিশেষ সুবিধা লাভ কৰিব। নতুন ব্যৱসায় আৰু নিয়োগৰ পথ মুকলি হ’ব। মুঠতে এই চুক্তিৰ ফলত ভাৰত যথেষ্ঠখিনি উপকৃত হ’ব আৰু বাণিজ্যিক দিশটোৱে এক নতুন গতি লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ অসাৰ আমেৰিকাৰ হেঁচা! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে…