শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি পৰাক্ৰম দিৱস, জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশে পৰাক্ৰম দিৱস পালন কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো এইদৰে পালন কৰা হয়।

আজি পৰাক্ৰম দিৱস, জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব
Barasha Misra
Barasha Misra | Updated On: 23 Jan 2026 13:39 PM

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰজন্ম জয়ন্তী তথা পৰাক্ৰম দিৱস। পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল। ২০২১ চনৰ ২৩ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়।

ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে যে নেতাজীৰ অদম্য আত্মা আৰু ৰাষ্ট্ৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱাক সন্মান আৰু স্মৰণ কৰিবলৈ পৰক্ৰম দিৱস (Parakram Diwas) উদযাপন কৰা হ’ব। ভাৰত চৰকাৰে প্ৰতি বছৰে ২৩ জানুৱাৰীত নেতাজীৰ দৰে প্ৰতিকূল তাৰ প্ৰতিকূলতাৰ সন্মুখীন হ’বলৈ আৰু দেশপ্ৰেমিক উৎসাহৰ চেতনা সৃষ্টি কৰিবলৈ এই দেশৰ লোকসকলক, বিশেষকৈ যুৱসকলক অনুপ্ৰাণিত কৰিবলৈ পৰক্ৰম দিৱস হিচাপে তেওঁৰ জন্মদিন উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে নেতাজীয়ে দেশৰ বাবে কৰা সংগ্ৰাম, বিচাৰাধাৰ আৰু বলিদানৰ কথা।

নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনস্থিত Special Bureau for Indiaৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে “নেতাজী” সম্বোধনেৰে মাতিছিল আৰু বৰ্তমান সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে।

এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক। সামাজিক মাধ্যমত তেওঁৰ ত্যাগ আৰু পৰাক্ৰমৰ কথা কৰিলে উল্লেখ…

দিৱস পালন

পৰক্ৰম দিৱসক এক ৰাষ্ট্ৰীয় অনুষ্ঠান হিচাপে পালন কৰা হয়। অসম, পশ্চিম বংগ, ঝাৰখণ্ড, ত্ৰিপুৰাত এই দিনটো এটা স্বীকৃত বন্ধ পালন কৰা হয়। এই বিশেষ দিনটোত ভাৰত চৰকাৰে নেতাজীক সন্মান জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।