হাগ্ৰামাই দিলে জাতীয়তাবাদৰ সংজ্ঞা! গাৰ লৰিবনে তথাকথিত জাতীয়তাবাদী নেতাসকলৰ?
বৰ্তমান সময়ত অসমত বাতৰিৰ শিৰোনাম দখল কৰি আছে হাগ্ৰামা মহিলাৰীয়ে। শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীৰ এটা ভিডিঅ' সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য'ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ আহ্বান কৰিছে।
জাতীয়তাবাদ কি? জাতীয়তাবাদৰ সংজ্ঞা কি? একাংশ নেতাই জাতীয়তাবাদৰ অৰ্থ বিচাৰি হাবাথুৰি খাই থকাৰ মাজতে এজন জনপ্ৰতিনিধিয়ে যেন দি দিলে ইয়াৰ সংজ্ঞা। আগত কোন আছে, লগত কোন আছে সেয়া খাতিৰ নকৰি জনাই দিলে নিজৰ অস্তিত্বৰ কথা। একাংশৰ মতে, তেওঁ সংবাদ মাধ্যমৰ আগত যি তি কথা কৈ ফুৰে। কিন্তু এইগৰাকী নেতাই এতিয়াও হাজাৰ হাজাৰ তথাকথিত নেতাক দিলে জাতীয়তাবাদৰ সংজ্ঞা। এই নেতাগৰাকীয়ে হৈছে হাগ্ৰামা মহিলাৰী।
যোৱা ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পিছে বৰ্তমান অসমৰ প্ৰেক্ষাপটত মোদীৰ ভ্ৰমণ চৰ্চাৰ বিষয় হৈ থকা নাই। সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৫ বছৰ শাসনৰ পৰা আঁতৰি থাকিলেও শেহতীয়া নিৰ্বাচনত পুনৰ জনাদেশ লৈ ক্ষমতালৈ অহা এই নেতাগৰাকীয়ে একেখনে মঞ্চতে প্ৰধানমন্ত্ৰীক কৰিলে এক বিশেষ অনুৰোধ।
যোৱা ১৭ জানুৱাৰীত সৰুসজাইত অনুষ্ঠিত হৈছিল বাগৰুম্বা দ’হৌ অনুষ্ঠান। য’ত প্ৰায় ১০, ০০০ শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিছিল। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই একেখন মঞ্চতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী মন্ত্ৰী-বিধায়ক। ইফালে দৰ্শক হিচাপে আছিল বিটিচিৰ প্ৰাক্তন প্ৰধান প্ৰমোদ বড়োৰ লগতে বহু নেতা-মন্ত্ৰী আৰু হাজাৰ হাজাৰ জনতা।
এই অনুষ্ঠানতে ব্যক্তব্য প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে অতি সাধাৰণভাৱে প্ৰধানমন্ত্ৰীলৈ এক আহ্বান জনাই কয়- “ছাৰ, ২০০৩ চনত বড়োলেণ্ডৰ চুক্তি, ২০২০ চনত বড়োলেণ্ডত শান্তি চুক্তি কৰা হ’ল। কিন্তু এতিয়াও চুক্তিৰ কিছুমান দিশৰ ৰূপায়ণ কৰিবলৈ বাকী আছে। আশা কৰো আপুনি সেইখিনি কৰি দিব”। এই কথাখিনি মোদীয়ে বৰ আগ্ৰহেৰে শুনে আৰু হাঁহি দিয়ে। অতি বিনম্ৰভাৱে হাজাৰ হাজাৰ দৰ্শকৰ আগত হাগ্ৰামাই কৰা এই আহ্বানে এতিয়া ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।
হাগ্ৰামাৰ মন্তব্য চাই সকলোৱে কেৱৰ এটা কথাই কৈছে- এয়াই হৈছে জাতীয়তাবাদ। হাগ্ৰামা যে ৰাজনীতিৰ বাঘ, সেয়া তেওঁ পুনৰ এবাৰ প্ৰমাণ কৰি দিলে। বিজেপিৰ লগত থাকিও বিজেপিৰ পৰা কিছু আঁতৰত থাকি হাগ্ৰামাই প্ৰমাণ কৰিলে নিজৰ অস্তিত্ব। বহু কষ্ট, ত্যাগৰ বিনিময়ত যোৱা সময়খিনিত বড়ো ভূমিয়ে যথেষ্ঠখিনি পালে। পৃথক ৰাজ্যৰ মৰ্যদা নাপালেও সকলোৰে পৰা পৃথক এই বড়োভূমি। তাৰ পাছতো কিন্তু হাগ্ৰামাই সুযোগ এৰি দিয়া নাই। ৰাইজক সাক্ষী কৰি প্ৰধানমন্ত্ৰীক পুনৰ মনত পেলাই দিলে চুক্তিৰ বাকী ৰোৱা দফা কেইটাৰ কথা।
হাগ্ৰামাই যি কৰিলে সেয়া আজিৰ একাংশ তথাকথিত ৰাজনীতিবিদৰ ওচৰত বিচাৰি পোৱা কঠিন। জ্যেষ্ঠজনে বেয়া পাব, শীৰ্ষ নেতৃত্বই ভুল বুজিব আদি ভাবি থাকোই হেঁৰাই থাকে জাতীয়তাবাদৰ যুঁজখন। এনে একাংশ নেতাৰ বাবে হয়তো আজিৰ সময়ত কেৱল নামত আছে স্থানীয় ৰাজনৈতিক দল। কিন্তু এনে তথাকথিত জাতীয়তাবাদী নেতাসকলক হাগ্ৰামাই পুনৰ এবাৰ দেখুৱাই দিলে কেনেকৈ জাতীয়তাবাদক ধৰি ৰাখিও ৰাজনীতি কৰিব পাৰি।
অন্য খবৰ পঢ়কঃ পাকিস্তানৰ পাৰমাণৱিক শক্তি, ছৌদিৰ ধন,তুৰ্কীৰ অস্ত্ৰ! চুন্নীক লৈ ইছলামিক নাটো গঠনৰ সপোন…