‘সকলোৰে বাবে AI‘ মন্ত্ৰৰে আগবাঢ়িব দেশ, কেইবাটাও কোম্পানীৰ CEOৰ সৈতে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে যিদৰে ইউপিআই (UPI)-ৰ জৰিয়তে ভাৰতে বিশ্বক ডিজিটেল লেনদেনৰ পথ দেখুৱাইছে, একেদৰে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো ভাৰতে বিশ্বক নেতৃত্ব দিব লাগিব।
দেশৰ কৃত্রিম বুদ্ধিমত্তা বা এআই (AI) প্ৰযুক্তিৰ ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত সন্দৰ্ভত আজি এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গৰ চৰকাৰী বাসভৱনত দেশৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) আৰু বিশেষজ্ঞসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ আলোচনাত অংশ লয়। ভাৰতক কিদৰে AI খণ্ডত বিশ্বমঞ্চত এক স্বনিৰ্ভৰশীল শক্তি হিচাপে গঢ়ি তুলিব পাৰি, সেই বিষয়ত আলোচনাই এই বৈঠকৰ মূল লক্ষ্য আছিল।
আগন্তুক ‘ইণ্ডিয়া AI ইমপেক্ট চামিট’ (India AI Impact Summit)-ৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত প্ৰযুক্তিবিদসকলে ভাৰতক AI প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰী প্ৰচেষ্টাক পূৰ্ণ সমৰ্থন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে যিদৰে ইউপিআই (UPI)-ৰ জৰিয়তে ভাৰতে বিশ্বক ডিজিটেল লেনদেনৰ পথ দেখুৱাইছে, একেদৰে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো ভাৰতে বিশ্বক নেতৃত্ব দিব লাগিব।
বৈচিত্র্য আৰু ডিজিটেল আস্থা
প্ৰধানমন্ত্ৰী মোদীৰ মতে, ভাৰতৰ জনসংখ্যা, বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক পৰিৱেশৰ বাবে সমগ্ৰ বিশ্বই দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত গভীৰ আস্থা ৰাখে। তেওঁ কয় যে কেৱল নতুন উদ্ভাৱনেই নহয়, বৰঞ্চ দেশীয় প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে বিশ্বক অনুপ্ৰাণিত কৰাৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত ইয়াৰ সঠিক প্ৰয়োগ নিশ্চিত কৰিব লাগিব।
নৈতিক ব্যৱহাৰ আৰু তথ্যৰ সুৰক্ষা
প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালভাৱে ইয়াৰ নৈতিক ব্যৱহাৰৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ স্পষ্টকৈ কয় যে AI ইক’চিষ্টেম স্বচ্ছ, নিৰপেক্ষ আৰু সুৰক্ষিত হ’ব লাগে। তথ্যৰ সুৰক্ষা (Data Security) আৰু নৈতিকতাৰ প্ৰশ্নত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি তেওঁ সকীয়াই দিয়ে।
দক্ষতা বৃদ্ধি আৰু জাতীয় মূল্যবোধ
নতুন প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ AI ইক’চিষ্টেমে দেশৰ মৌলিক চৰিত্ৰ আৰু জাতীয় মূল্যবোধক সঠিকভাৱে প্ৰতিফলিত কৰিব লাগিব। ‘AI for All’ মন্ত্ৰক সাৰোগত কৰি দেশক প্ৰযুক্তিগতভাৱে নতুন উচ্চতালৈ লৈ যোৱাই হৈছে চৰকাৰৰ মূল লক্ষ্য।
বৈঠকত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল
এই উচ্চস্তৰীয় বৈঠকত উইপ্ৰো (Wipro), টিচিএছ (TCS), এইচচিএল টেক (HCL Tech), জোহো (Zoho) আৰু জিঅ’ প্লেটফৰ্মৰ দৰে শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ লগতে আইআইটি মাদ্ৰাজ আৰু বোম্বাইৰ বিশেষজ্ঞসকল উপস্থিত আছিল। লগতে কেন্দ্ৰীয় আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদো বৈঠকত উপস্থিত থাকে।