শিৱসাগৰক ধুবুৰী বনোৱাৰ হুংকাৰ! কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?
Gaurav Gogoi: ন কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে শেহতীয়াকৈ এক বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতে এতিয়া ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ সৰকাৰক বিশেষ আহ্বান জনায়।
শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিছে আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে। ইয়াৰ পাছতে সৰকাৰে কৰা এক মন্তব্যক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সৰকাৰে ধুবুৰীক শিৱসাগৰ আৰু শিৱসাগৰক ধুবুৰী বনাব বুলি কৰা মন্তব্যৰ পাছতে বিভিন্নজনে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চলি থকা বিতৰ্কৰ মাজতে এতিয়া বিষয়টোত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
মৰিগাঁৱত অনুষ্ঠিত বিশাল যোগদান আৰু ৰাজহুৱা সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ ৰাজহুৱা মঞ্চত কথা কওঁতে সাৱধান হ’বৰ বাবে সৰকাৰক আহ্বান জনায়। গগৈয়ে কয় যে বৰ অসম গঢ়াৰ কথা ক’বলৈ যাওতে তেওঁৰ শব্দৰ প্ৰয়োগ আৰু কথাখিনিৰ অৰ্থ সলনি হৈছে। ভৱিষ্যতে এনেধৰণে ৰাজহুৱা বক্তব্য ৰাখোতে সাৱধান হ’বৰ বাবে তেওঁক অনুৰোধ জনাই গগৈয়ে।
আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো ৰেজাউল কৰিম সৰকাৰৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰকাৰক ভৱিষ্যতে এনেধৰণৰ বক্তব্য নিদিবলৈ আহ্বান জনায়। ইপিনে ৰেজাউল কৰিম সৰকাৰেও কালিৰ উক্ত মন্তব্যক লৈ দুখ প্ৰকাশ কৰে। একাংশই তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মোৰ লক্ষ্য হৈছে বৰ অসম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক-ব্ৰহ্মপুত্ৰত প্ৰকৃত উন্নয়নৰ জৰিয়তে সমন্বয়ৰ এখন বৰ অসম গঢ়িব লাগে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰি তোলাটোৱেই হৈছে মোৰ লক্ষ্য।
সৰকাৰে আৰু কয়, ”বক্তব্যটো বহুতে বহু ধৰণে লৈছে। শিৱসাগৰ, ধুবৰীৰ দৰেই উন্নয়ন বঙাইগাঁও, বৰপেটা, তিনিচুকীয়া আদিতো হ’ব লাগিব বুলিহে মই কৈছিলো। এনেধৰণৰ সম উন্নয়ন হ’লেহে বৰ অসম সম্ভৱ হ’ব। মই কেতিয়াও শিৱসগাৰখনক ধুবুৰী কৰিব খোজা নাই আৰু ধুবুৰীখনক শিৱসাগৰ কৰিব বিচৰা নাই। মই সকলোৰে মাজত সমন্বয় সৃষ্টিৰ কথাহে কৈছো ।’’
অন্য খবৰ পঢ়কঃ ৰেজাউলৰ ক্ষমা প্ৰাৰ্থনাৰ পৰা ইছৰোৰ নতুন অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ