শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমাজনে আনিছে ইচ্ছা পূৰণৰ লগতে ধন ৰাহিৰ সুযোগ, এই ফোনকেইটাত পাব ‘বাম্পাৰ অফাৰ’

যদি আপুনি নিজৰ বাবে বা আপোনাৰ কোনো আপোনজনক এই গণতন্ত্ৰ দিৱসত এটা উন্নত স্মাৰ্টফোন উপহাৰ দিয়াৰ কথা ভাবিছে, তেন্তে আমাজনে আপোনাৰ হাতলৈ অনা সুযোগ অথলে যাবলৈ নিদিব। চাই লওক এই সুযোগৰ বিষয়ে।

আমাজনে আনিছে ইচ্ছা পূৰণৰ লগতে ধন ৰাহিৰ সুযোগ, এই ফোনকেইটাত পাব ‘বাম্পাৰ অফাৰ’
আমাজনে আনিছে বাম্পাৰ অফাৰImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 13 Jan 2026 11:04 AM

অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণতন্ত্ৰ দিৱস। এই পবিত্ৰ দিনটোৰ আনন্দ দুগুণ কৰিবলৈ আৰু প্ৰতিজন দেশবাসীকে আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিবলৈ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম আমাজনত (Amazon) ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এক বিশাল চেল। আজিৰ যুগত মোবাইল এটা কেৱল বিলাসিতা নহয়, বৰঞ্চ শিক্ষাৰ পৰা অফিচৰ কামলৈকে ই এক অপৰিহাৰ্য প্ৰয়োজনীয়তা। যদি আপুনি নিজৰ বাবে বা আপোনাৰ কোনো আপোনজনক এই গণতন্ত্ৰ দিৱসত এটা উন্নত স্মাৰ্টফোন উপহাৰ দিয়াৰ কথা ভাবিছে, তেন্তে এই সুযোগ অথলে যাবলৈ নিদিব।

এই ‘Amazon Great Republic Day Sale 2026’ৰ সময়ত কেইটামান ফোনত বিশেষ ৰেহাই লাভ কৰিব গ্ৰাহকসকলে। নিশ্চিতভাৱে যথেষ্ট সা-সুবিধাযুক্ত তথা অত্যাধুনিক প্ৰযুক্তিৰ এই মোবাইলকেইটাৰ ৰেহাই আপোনাৰ বাবে হৈ পৰিব উপহাৰ। চাওঁ আহক এই বিষয়ে-

Samsung Galaxy A55 5G: ৫০ মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা আৰু ৫০০০ mAh বেটাৰীযুক্ত এই শক্তিশালী ফোনটোৰ (8GB/128GB) বৰ্তমানৰ মূল্য ২৪,৯৯৯ টকা। কিন্তু আমাজনৰ চেলত আপুনি এই ফোনটো মাত্ৰ ২৩,৯৯৯ টকাত লাভ কৰিব। অৰ্থাৎ পোনপটীয়া ১,০০০ টকাৰ ৰেহাই।

iQOO Z10R 5G: গেমিং আৰু স্পীডৰ বাবে পৰিচিত এই ফোনটোত আছে মিডিয়াটেক ডাইমেনচিটি ৭৪০০ প্ৰচেছৰ। ২০,৯৯৯ টকাৰ এই ফোনটো কুপন অফাৰৰ জৰিয়তে চেলৰ সময়ত মাত্ৰ ১৮,৪৯৯ টকাত পোৱা যাব। ইয়াত আপুনি মুঠ ২,৫০০ টকা ৰাহি কৰিব পাৰিব।

OnePlus 15R: যদি আপুনি এটা প্রিমিয়াম ফোন বিচাৰিছে, তেন্তে স্নেপড্ৰেগন ৮ জেন ৫ প্ৰচেছৰ আৰু ৭৪০০ mAh বেটাৰীযুক্ত এই ওৱানপ্লাছ ফোনটো আপোনাৰ বাবে শ্ৰেষ্ঠ বিবেচিত হ’ব পাৰে। ৪৭,৯৯৮ টকাৰ এই ফোনটো বেংক অফাৰৰ সৈতে মাত্ৰ ৪৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। অৰ্থাৎ একেলগে ২,৯৯৯ টকাৰ লাভ!

অতিৰিক্ত সঞ্চয়ৰ সুযোগ

আমাজনৰ এই বিশেষ চেলত কেৱল মোবাইলৰ ডিচকাউণ্টেই নহয়, আপুনি বেংক অফাৰৰ জৰিয়তেও অধিক টকা ৰাহি কৰিব পাৰিব। যদি আপুনি SBI Credit Card ব্যৱহাৰ কৰি পেমেণ্ট কৰে, তেতিয়া লগে লগে ১০ শতাংশ ৰেহাই লাভ কৰিব। গতিকে আমাজনৰ এই চেল ধন ৰাহি কৰি প্ৰয়োজন পূৰণৰ সুন্দৰ সুযোগ হ’ব।