শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভোগালীৰ উৰুকাৰ পৰম্পৰা: হেঁপাহৰ মাঘ বিহুক আদৰিবলৈ সাজু অসমীয়া…

মাঘৰ বিহু উৰুকাৰ আছে সুকীয়া এক মাদকতা। এই দিনটোত ডেকাসকলে ভেলাঘৰত ভোজভাত খায়। ইয়াৰোপৰি কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত ঘৰৰ বাহিৰত থকাসকল এই সময়ত ঘৰলৈ আহি পৰিয়ালৰ সৈতে উৰুকাৰ ভাত খায়। উৰুকাৰ নিশা লগে ভাগে ভাত ৰান্ধি, জুইৰ উত্তাপ লৈ ভোজভাত খোৱাৰ আনন্দই পৃথক।

ভোগালীৰ উৰুকাৰ পৰম্পৰা: হেঁপাহৰ মাঘ বিহুক আদৰিবলৈ সাজু অসমীয়া…
আজি উৰুকা
Trishna Kalita
Trishna Kalita | Updated On: 13 Jan 2026 12:17 PM

আজি মাঘ বিহুৰ উৰুকা। লগে-লগে হাঁহে-মাহে এসাঁজ খোৱাৰ নিয়ম। হেঁপাহৰ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয় মাঘ বিহু। মাঘ বিহুৰ আগদিনা পালন কৰা হয় উৰুকা। আঘোণৰ ধান চপোৱাৰ পাছত এই সময়খিনি সকলোৰে ভঁৰাল ভৰি থাকে।ভোগালী বিহুৰ উৰুকা অসমীয়াৰ চহকী ঐতিহ্য-পৰম্পৰাৰ অনন্য নিদৰ্শন।

ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই  সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধক সুদৃঢ় কৰে। এইবাৰ ১৩ জানুৱাৰী ২০২৬ত ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। উৰুকাৰ নিশা প্ৰতি ঘৰ পৰিয়ালে মিলি জুলি এসাঁজ খোৱাৰ আমাৰ অসমীয়া সমাজত এক পৰম্পৰা চলি আহিছে। ডেকাহঁতে নৰা কাটি ভেলাঘৰ, মেজি বনাই সম্পূৰ্ণ কৰে আৰু উৰুকাৰ নিশা সকলোৱে মিলি আনন্দৰে এসাঁজ খায়।

এই সময়ছোৱাৰ অসমীয়াৰ কৃষকৰ ভঁৰাল ধানেৰে পৰিপূৰ্ণ হৈ থাকে। সেয়েহে এই বিহুটিত ভোগালী হিচাপে পালন কৰা হয়। মাঘ বিহুৰ বিশেষত্ব হ’ল পৰম্পৰাগত খাদ্য, মেজি আৰু উৰুকা। উৰুকাৰ নিশা অসমৰ ঠায়ভেদে পৰম্পৰাসমূহ পৃথক যদিও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে মিলি সম্প্ৰীতিৰ এসাঁজ খোৱা। কিছুমানে যদি ভেলাঘৰত গাঁৱৰ ৰাইজৰ  সৈতে ভোজৰ আয়োজন কৰে, কিছুমানে পৰিয়ালৰ সৈতে ঘৰতে এসাঁজ খায়।আজি উৰুকাৰ নিশা এই ভেলাঘৰৰ উম লৈ সকলোৱে ভোগৰ এসাঁজ খাই গীত-মাতেৰে আনন্দ কৰিব আৰু কাইলৈ পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজি প্ৰজ্বলন কৰিব।

উৰুকাৰ পৰম্পৰা

মাঘৰ বিহু উৰুকাৰ আছে সুকীয়া এক মাদকতা। এই দিনটোত ডেকাসকলে ভেলাঘৰত ভোজভাত খায়। ইয়াৰোপৰি কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত ঘৰৰ বাহিৰত থকাসকল এই সময়ত ঘৰলৈ আহি পৰিয়ালৰ সৈতে উৰুকাৰ ভাত খায়। উৰুকাৰ নিশা লগে ভাগে ভাত ৰান্ধি, জুইৰ উত্তাপ লৈ ভোজভাত খোৱাৰ আনন্দই পৃথক। প্ৰতিবাৰে উৰুকাৰ নিশাৰ ভাতসাঁজৰ বাবে সকলোৱে সাধ্যানুসাৰে বিবিধ সা- সামগ্ৰীৰে যোগাৰ কৰে। ধনী- দুখীয়া, উচ্চ- নীচ এই সকলো বিশেষণ পৰিহাৰ কৰি সকলোৱে আনন্দ আৰু সুখবোৰ ভগাই লয় নিজৰ নিজৰ ধৰণে।

মাছ অবিহনে উৰুকা অসম্পূৰ্ণ বুলি ধৰা হয়। উৰুকাত মাছ ধৰাৰ এক বিশেষ পৰম্পৰা আছে।  এই সময়খিনিত পুখুৰী, জলাশয় আদি মাছেৰে ভৰি থাকে। সেয়ে উৰুকাৰ পুৱা বিভিন্নজনে মাছ ধৰিবলৈ যায়। কিছুমান ঠাইত আকৌ উৰুকাৰ নিশা চুৰি কৰাৰ পৰম্পৰা আছে। ভেলাঘৰত থকা ডেকাসকলে বিভিন্নজনৰ ঘৰৰ পৰা জেওৰা, ঢেকি, বন্ধাকবি, শাক-পাচলি আদি চুৰি কৰি লৈ যায়। কিন্তু ইয়াকে লৈ আজিৰ দিনটোত গৃহস্থইও খং নকৰে। এয়া যেন এক আনন্দ, সাতামপৰুষীয়া পৰম্পৰা।

গ্ৰামাঞ্চলসমূহত পৰিলক্ষিত হৈছে ভোগালীৰ উৰুকাৰ সুকীয়া মাদকতা। পথাৰত নিৰ্মাণ কৰা ভেলাঘৰসমূহতো ভোজভাত খাব গাঁওবাসীয়ে।ইফালে পৰিয়ালৰ লগত এসাঁজ খাবলৈ দূৰৰ কৰ্মস্থলীৰ পৰা লোকসকল ধাৱমান হৈছে আপোন ঘৰখনলৈ বুলি। ইতিমধ্যে ১২ জানুৱাৰী ২০২৬ৰ সোমবাৰৰ সন্ধিয়াৰ পৰাই চহৰ এৰি গাঁৱলৈ বুলি যাত্ৰা কৰিছে বহু সংখ্যক লোকে। বাছ, ট্ৰেইন আদি সকলোবোৰ বাহনতে ভিৰ কৰি ঢাপলি মেলিছে আপোন গাঁওখনলৈ।

সবিশেষ: মাঘ বিহু কেতিয়া? জানক ভোগালীৰ ইতিহাস, পৰম্পৰা, তাৎপৰ্য আদি সকলো…