শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Magh Bihu: মাঘ বিহুৰ সময়ত খেলা পৰম্পৰাগত খেলসমূহৰ চমু আভাস

বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়।

Magh Bihu: মাঘ বিহুৰ সময়ত খেলা পৰম্পৰাগত খেলসমূহৰ চমু আভাস
Image Credit source: assamese wikipedia/ Canva
Barasha Misra
Barasha Misra | Published: 11 Jan 2026 09:15 AM

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা।

বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়।

আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে। আজি জানো আহক মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেল ধেমালি…

চৰাইৰ যুঁজ

অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।

ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়। অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়।

ম’হ যুঁজ

মাঘ বিহুৰ সময়ত ম’হ যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল।

মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম’হবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি সাজু কৰোৱা হয়। ম’হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে।

মাঘ বিহুৰ ম’হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম’হে অংশগ্ৰহণ কৰা দেখা যায়- অসমীয়া আৰু আদৰাঙী (mixed origin)। অসমীয়া ম’হৰ শিংযোৰ মেলাহি (wide mouthed), কপাল বহল আৰু অৱয়ব ডাঙৰ। ইহঁতে প্ৰতিপক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো ডাঙি ফেৰ পাতে। গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত সানিবলৈ চেষ্টা কৰে। কিন্তু ইহঁতে বেছি সময় নুযুঁজে।

আনহাতে আদৰাঙী ম’হে বহুসময় যুঁজি থাকিব পাৰে। ইহঁতৰ শিংযোৰ ঘূৰণীয়া। ইহঁতে ইটোৱে সিটোক গলধনত আঘাত হানিবলৈ চেষ্টা কৰে। এই যুঁজক উজনি অসমত ‘কাপ যুঁজ’ বুলি কোৱা হয়। ম’হে যুঁজোতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা ম’হে জাকত চৰোতে পুনৰ অন্য ম’হৰ লগত নুযুঁজে।

কণীযুঁজ

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই। খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।

কড়ি খেল

কড়ি খেল অসম,নেপাল আৰু বাংলাদেশৰ এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল। কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়। কড়ি খেল ধৰ্মীয়কৃত্যৰ লগত জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে অসমীয়া সমাজত গৃহীত। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে। অসমীয়া বিবাহ পৰম্পৰাটো দৰা-কইনাৰ মাজত বিভিন্ন খেল-ধেমালিৰ ভিতৰত কড়ি খেলাৰ প্ৰথা প্ৰচলিত। এই খেলত যিজন জিকে সংসাৰ চলোৱাত তেওঁ অধিক পটু বুলি ভবা হয়। ইয়াৰোপৰি সন্তান জন্মৰ পূৰ্বে ল’ৰা নে ছোৱালী জন্ম হ’ব সেইসম্পৰ্কীয় অনুমানৰ বাবেও কোনো কোনো অঞ্চলত কড়ি খেলাৰ নিয়ম প্ৰচলিত।

নেপালত কড়ি খেলক একপ্ৰকাৰৰ জুৱা খেলৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত চাৰিজন পৃথক খেলুৱৈয়ে ১৬টা কড়ি টছ্ কৰে। এই খেল সাধাৰণতে হিন্দু উৎসৱ তিহাৰ বা দীপাৱলীৰ সময়ত ঘৰ আৰু ৰাজহুৱাভাৱে খেলা হয়। একেটা উৎসৱতে এই কড়িবোৰ দেৱী লক্ষ্মী আৰু সম্পদৰ প্ৰতীক হিচাপেও উপাসনা কৰা হয়।

নাওখেল

প্ৰাচীন কালৰে পৰা যিবোৰ খেল অসমত প্ৰচলিত তাৰ ভিতৰত নাও খেল অন্যতম। অসম এক নদীমাতৃক দেশ সেয়েহে পানীৰ লগত জড়িত খেলসমূহ অতিপুৰণি। ইয়াৰ ভিতৰত নৌকা চালনা মুখ্য। পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশে পাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰৰ অনুদান আৰু সত্ৰীয়া কাকত-দলিলসমূহেও তাকে প্ৰমাণ কৰে। বৰ্তমানেও নাওখেল অত্য়ন্ত জনপ্ৰিয় খেল। বিশেষত বৰ্তমান সংবাদ মাধ্যমৰ প্ৰচাৰৰ ফলত ই বহুলভাৱে প্ৰসাৰ পাইছে। নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। এইখেলে বৰ্তমান এক প্ৰতিযোগিতামোলক সৰ্বজনীন ৰূপ লৈছে। বিহূ আৰু দুৰ্গা পূজা দুয়ো উৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠান পতা হয়। নামনি অসমৰ নৈ-উপনৈসমূহ এক ৰঙীন ৰূপ লয়। এই নাওখেলৰ নাওসমূহ সাধাৰণ নাওতকৈ দীঘল আৰু ভিন্ন প্ৰতীক আৰু ৰংবিশিষ্ট। নাওখেলৰ লগত জড়িত আন এক লোকাচাৰ হৈছে নাওখেলৰ গীতসমূহ। ইয়াকে নাৱৰীয়া গীত বোলে। এই গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। ই অসমৰ লোকসংস্কৃতিৰ এক অন্যতম উপাদান।