Magh Bihu Wishes: এইদৰে সকলোকে জনাওক মাঘ বিহুৰ শুভকামনা…
উৰুকাৰ নিশা অসমৰ ঠায়ভেদে পৰম্পৰাসমূহ পৃথক যদিও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে মিলি সম্প্ৰীতিৰ এসাঁজ খোৱা। কিছুমানে যদি ভেলাঘৰত গাঁৱৰ ৰাইজৰ সৈতে ভোজৰ আয়োজন কৰে, কিছুমানে পৰিয়ালৰ সৈতে ঘৰতে এসাঁজ খায়। এই বিশেষ দিনত আপুনিও আপোনজনক এইদৰে জনাব পাৰে শুভেচ্ছা...
মাঘ বিহুৰ শুভেচ্ছা
হেঁপাহৰ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয় মাঘ বিহু। মাঘ বিহুৰ আগদিনা পালন কৰা হয় উৰুকা। ভোগালী বিহুৰ উৰুকা অসমীয়াৰ চহকী ঐতিহ্য-পৰম্পৰাৰ অনন্য নিদৰ্শন। ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধক সুদৃঢ় কৰে। এইবাৰ ১২ জানুৱাৰী ২০২৬ মঙলবাৰে ৰাজ্যবাসীয়ে পালন কৰিব হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। ১৩ জানুৱাৰী পালন কৰিব মাঘ বিহু। উৰুকাৰ নিশা প্ৰতি ঘৰ পৰিয়ালে মিলি জুলি এসাঁজ খোৱাৰ আমাৰ অসমীয়া সমাজত এক পৰম্পৰা চলি আহিছে।
উৰুকাৰ নিশা অসমৰ ঠায়ভেদে পৰম্পৰাসমূহ পৃথক যদিও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে মিলি সম্প্ৰীতিৰ এসাঁজ খোৱা। কিছুমানে যদি ভেলাঘৰত গাঁৱৰ ৰাইজৰ সৈতে ভোজৰ আয়োজন কৰে, কিছুমানে পৰিয়ালৰ সৈতে ঘৰতে এসাঁজ খায়। এই বিশেষ দিনত আপুনিও আপোনজনক এইদৰে জনাব পাৰে শুভেচ্ছা…
মাঘ বিহু আৰু উৰুকাৰ শুভেচ্ছাবাৰ্তা
- ভোগেৰে ভৰি পৰক এই ভোগালী! অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা।
- হেঁপাহৰ ভোগালীত এসাঁজ আনন্দ মনেৰে গ্ৰহণ কৰক সকলোৱে, মাঘ বিহুৰ উৰুকাৰ হিয়াভৰা শুভেচ্ছা।
- মেজিৰ জুইৰ উত্তাপে সম্প্ৰীতিৰে প্ৰোজ্বল কৰি তোলাক অসমীয়াৰ জাতীয় জীৱন, আপোনাৰ লগতে পৰিয়াললৈ উৰুকাৰ শুভেচ্ছা যাঁচিলো।
- সকলোৱে মিলি লগে-ভাগে খাওঁক সম্প্ৰীতিৰ এসাঁজ, উৰুকাৰ শুভেচ্ছা।
- ভোগালীৰ এই ক্ষণত সকলোকে আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালী বিহুটি।
- প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী। মেজিৰ জুয়ে নাশ কৰক অপায়, অমংগল ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
- ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ মন। সকলোলৈ উৰুকাৰ হিয়াভৰা ওলগ জনালো।
- ভোগালীৰ ভোগেৰে উপচি পৰক অনাগত দিনবোৰ তাৰেই কামনা উৰুকাৰ অশেষ শুভেচ্ছা।
- ভোগালীৰ এই ক্ষণে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো। মাঘ বিহুৰ শুভেচ্ছা।
- আৰু সুদৃঢ় হওক ভাতৃত্ববোধৰ এনাজৰী। ভোগালীৰ ভোগে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি । সকলোলৈ ভোগালীৰ আন্তৰিক শুভকামনা
- এই প্ৰীতি ভোজ-ভাতে অধিক সুদৃঢ় আৰু আত্মিক কৰক আমাৰ মাজৰ সম্পৰ্কৰ এনাজৰী৷ অসমীয়া জাতীয় জীৱনৰ বিশেষ দিনটোত আটাইলৈ আন্তৰিক শুভেচ্ছা।
- সাতামপুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি লগে-ভাগে এসাঁজ খাই আনন্দ-উলাহৰ মাজেৰে পাৰ হওক উৰুকাৰ নিশা, জীপাল হৈ উঠক প্ৰত্যেক অসমীয়াৰ হিয়া-মন। সকলোলৈ উৰুকাৰ আন্তৰিক শুভকামনা।
- প্ৰাণভৰা উৎসাহ-উদ্দীপনা আৰু ভোগৰ আয়োজনেৰে সকলোৰে বাবে অনাগত দিনবোৰ আনন্দপূৰ্ণ হৈ উঠক , তাৰেই কামনাৰে সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা।