শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন প্ৰান্তত উলহ-মালহৰে উদযাপন হেঁপাহৰ ভোগালী

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন প্ৰান্তত উলহ-মালহৰে উদযাপন হেঁপাহৰ ভোগালী

Barasha Misra
Barasha Misra | Published: 14 Jan 2026 18:02 PM

মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু। চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে।

ৰাজ্যজুৰি ভোগালীৰ পাৰ ভঙা উছাহ। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা সমূহ অসমীয়াই পালন কৰে বাপতিসাহোন এই মাঘ বিহু। আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন প্ৰান্তত উলহ-মালহৰে উদযাপন হেঁপাহৰ ভোগালী।

মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু। চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে। আশা কৰা বস্তুটো হাতলৈ অহাৰ আনন্দৰ পৰিণতিৰ ফলস্বৰূপেই এই বিহুৰ আয়োজন। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ আন এটা নাম- ভোগালী বিহু। সম্ভৱত: আকালৰ অৱসান ঘটাই আৰু ভোগৰ দিনত অহাৰ বাবেই পৰৱতী সময়ত এই উৎসৱক ‘ভোগালী বিহু’ নামেৰে নামকৰণ কৰা হৈছিল।