শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Magh Bihu Wishes: পৰিয়াল তথা বন্ধুবৰ্গক এনেকৈ দিয়ক মাঘ বিহুৰ শুভেচ্ছা…

মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল-মাখল।অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আপুনিও সহজতে আপোনজনক পঠিয়াব পৰাকৈ মাঘ বিহুৰ বিভিন্ন শুভেচ্ছা বাৰ্তা তলত উল্লেখ কৰা হৈছে

Magh Bihu Wishes: পৰিয়াল তথা বন্ধুবৰ্গক এনেকৈ দিয়ক মাঘ বিহুৰ শুভেচ্ছা…
মাঘ বিহুৰ শুভেচ্ছা
Trishna Kalita
Trishna Kalita | Updated On: 13 Jan 2026 13:00 PM

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয় মাঘ বিহু। মাঘ বিহুৰ আগদিনা পালন কৰা হয় উৰুকা। ভোগালী বিহুৰ উৰুকা অসমীয়াৰ চহকী ঐতিহ্য-পৰম্পৰাৰ অনন্য নিদৰ্শন। ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধক সুদৃঢ় কৰে।

ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। গাঁৱৰ ঘৰে ঘৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ। মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল-মাখল।অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আপুনিও সহজতে আপোনজনক পঠিয়াব পৰাকৈ মাঘ বিহুৰ বিভিন্ন শুভেচ্ছা বাৰ্তা তলত উল্লেখ কৰা হৈছে-

  • ভোগালীৰ ভোগে জীপাল কৰক সকলোৰে মন। ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো।
  • আপোনাৰ লগতে আপানোৰ পৰিয়াললৈ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
  • আপোনাক ভোগালীৰ ওলগ জনালো। মেজিৰ জুইয়ে সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে তাৰেই কামনা।
  • সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।
  • মেজিৰ পবিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো।
  • ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
  • ‘নিয়ৰ সৰা গধূলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী’ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
  • এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অসূয়া-অপ্রীতি। আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভকামনা।
  • অনাগত দিনবোৰ ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে শুভ মাঘ বিহু।
  • আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক তাৰেই কামনা কৰিছো।

লগতে পঢ়ক: এইদৰে সকলোকে জনাওক মাঘ বিহুৰ শুভকামনা…