আজি উৰুকা, ৰাজ্যৰ প্ৰতিখন বজাৰত উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰীৰে। অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় ।
আজি পুৱাই ভোগালীৰ উৰুকাত আটাইতকৈ ডাঙৰ মাছটো কিনিবলৈ হেতাওপৰা লাগে ৰাইজৰ। ভোগালী বিহু বুলি ক’লে সকলোৰে ইচ্ছা বজাৰৰ চকুত লগা মাছটো ক্ৰয় কৰাৰ।
নিশা উদৰ পূৰাই খাবলৈ ৰৌ ভকুৱা, চিতল, আঁৰি আদি ভিন্ন প্ৰজাতিৰ মাছৰ মাজৰ পৰা পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ ৰাইজৰ হেতাওপৰা।
ভোগালী বিহুত ৰাজহুৱাকৈ মাছধৰাও অসমীয়া ৰাইজৰ এক পৰম্পৰা। উৰুকাৰ পুৱাই সকলোৱে ওলাই গৈ নৈ-জলশয় আদিত বিভিন্ন ধৰণৰ হাঁহি-ধেমালি কৰি যিয়ে যেনেকৈ পাৰে মাছ ধৰে। বিভিন্ন স্থানত গাঁৱৰ ৰাইজে তেনেকৈ ভোজভাত খায়।
উৰুকাৰ নিশা গাওঁৰ ডেকাসকলে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি তাত ভোজভাত খায় আৰু পুৱা সকলোৱে গা ধুই মেজি জ্বলায়।