শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজি হেঁপাহৰ মাঘ বিহু, বৰপাৰা খেলপথাৰত মেজি প্ৰজ্বলন সাংসদ ফণীভূষণ চৌধুৰীৰ

আজি হেঁপাহৰ মাঘ বিহু, বৰপাৰা খেলপথাৰত মেজি প্ৰজ্বলন সাংসদ ফণীভূষণ চৌধুৰীৰ

Barasha Sarma
Barasha Sarma | Updated On: 14 Jan 2026 12:37 PM

Magh Bihu 2026: আজি সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। অন্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো এই বিহু পালন কৰা হৈছে। সাংসদ ফণীভূষণ চৌধুৰীয়ে সমূহ অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ উৰুকাৰ পাছতেই আজি সমূহ অসমীয়াই মেজিত অগ্নি দি সমাজৰ কুশল মংগল কামনা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও চহৰতো ভোগালী বিহুত মেজি প্ৰজ্বলনৰ পৰম্পৰা দেখা যায়। প্ৰতি বছৰৰ দৰে এইবাৰো বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত নিৰ্মান কৰা মেজি প্ৰজ্বলন কৰে কন কন শিশু সকলে । সাংসদ ফণীভূষণ চৌধুৰী , বিধায়ক দীপ্তিময়ী চৌধুৰীৰ উপস্থিত থাকে মেজিস্থলিত ।

সমগ্ৰ ৰাজ্যবাসী ভোগালী অলেখ অলেখ শুভ কামনা জ্ঞাপন কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে। সমাজৰ পৰা যাতে সকলো অপায় অমংগল আদি দূৰ হৈ এখন সুন্দৰ সমাজ গঠন হয় তাৰ কামনা কৰে ৷

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…