শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অমিত শ্বাহ (Amit Shah)

অমিত শ্বাহ (Amit Shah)

১৯৬৪ চনৰ ২২ অক্টোবৰ তাৰিখে মুম্বাই গুজৰাটী বনিয়া পৰিয়ালত অমিত শ্বাহৰ জন্ম হৈছিল। তেওঁৰ আজুককা মনসা ষ্টেটৰ নগৰশেঠ আছিল। পিতৃ অনিল চন্দ্ৰ শ্বাহ গুজৰাটৰ মনসাৰ এগৰাকী পিভিচি প্লাষ্টিক পাইপ ব্যৱসায়ী। অমিত শ্বাহে প্ৰাৰম্ভিক শিক্ষা মেহসনাত গ্ৰহণ কৰাৰ পিছত আহমেদাবাদলৈ উচ্চ শিক্ষাৰ বাবে যায়।

অমিত শ্বাহ ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।

শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খন আসনৰ ভিতৰত ৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

তেওঁৰ নেতৃত্বত ২০১৭ চনৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে। একেবছৰে বিজেপিয়ে মণিপুৰ বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু পঞ্জাবত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।  ২০১৮ চনত বিজেপিয়ে ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশ নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।

অমিত শ্বাহে সোণাল শ্বাহৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১০ চনৰ ৮ জুন তাৰিখে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল।

 

Read More

গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ

উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ’ মুকলি কৰে অমিত শ্বাহে। ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো মহানগৰীৰ খানাপাৰা অঞ্চলৰ ৪৫ বিঘা (১৪.৮৫ একৰ) মাটিত বিস্তৃত।

শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰঃ কিয় বিশেষ এই প্ৰকল্প, জানক সকলো…

Srimanta Sankardev Abirbhav Kshetra: কিছুদিন বছৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি সেই স্থানতে প্ৰাণ পাই উঠিল শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে এই ক্ষেত্ৰ।

অসমৰ লগতে দেশৰ পৰা এটা এটাকৈ বাহিৰ কৰা হ’ব অবৈধ বাংলাদেশী, বৰদোৱাত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি

বৰদোৱাত এক জনসভা সম্বোধন কৰি শ্বাহে কয় যে কেন্দ্ৰই চুবুৰীয়া ৰাজ্যৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াব। কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসমীয়া মানুহৰ সংস্কৃতি, মাটি আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশীক কংগ্ৰেছে ভোটবেংক হিচাপে গণ্য কৰা বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিলে মুখ্যমন্ত্ৰীয়ে, গুৰুজনাৰ জন্মভূমিত উদ্বোধন কৰিব অভিলাসী বটদ্ৰৱা প্ৰকল্প

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Assam Weather Today: ৰাজ্যত শীতৰ প্ৰকোপ, কেনে হ’ব আজিৰ বতৰ? জানক…

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।

অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে? জানক সবিশেষ…

দেওবাৰে নিশা (২৮ ডিচেম্বৰ) গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল গৃহমন্ত্ৰী অমিত শ্বাহ। ঘন কুঁৱলীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ এদিনৰ বাবে পিছুৱাই দিয়া হয়। বিষয়াসকলৰ মতে, দেওবাৰে তেওঁৰ গুৱাহাটীলৈ অহা বিমান বাতিল কৰা হৈছিল, যাৰ বাবে এতিয়া তেওঁৰ আগমনৰ দিন ধাৰ্য কৰা হৈছে আজি অৰ্থাৎ সোমবাৰে পুৱা।

২০২৯ত পুনৰ মোদী চৰকাৰ! দৃঢ় বিশ্বাসী অমিত শ্বাহ, কংগ্ৰেছৰ পৰাজয়ৰ কাৰণো কৰিলে বাখ্যা

অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে সততে তেওঁলোক কিয় বাৰে বাৰে নিৰ্বাচনত পৰাস্ত হয় বুলি এক আজৱ প্ৰশ্ন উত্থাপন কৰে। ৰাহুল গান্ধীৰ এই প্ৰশ্নৰ প্ৰত্যুত্তৰ দি গৃহমন্ত্ৰীগৰাকীয়ে কয়, "মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি ইয়াৰ মূল কাৰণ দুটা বুজি লওক, তেতিয়াহে আপুনি বুজিব যে ৰাইজে আপোনালোকক কিয় প্ৰত্যাখ্যান কৰে।"

তিৱা-ৰাভা-মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতি সন্দৰ্ভত আলোচনাৰ আশ্বাস অমিত শ্বাহৰ

তিনিওটা জনজাতীয় গোটে দীৰ্ঘদিন ধৰি নিজৰ পৰিষদৰ গাঁথনিৰ জৰিয়তে অধিক স্বায়ত্তশাসন আৰু সাংবিধানিক সুৰক্ষা বিচাৰি আহিছে। এজন আলোচক নিযুক্তিয়ে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীৰ সৈতে আনুষ্ঠানিকভাৱে এক প্ৰতিষ্ঠিত প্ৰতিষ্ঠানিক কাঠামোৰ জৰিয়তে জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰে।

২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, অমিত শ্বাহক আদৰিবলৈ সাজু ২০০০ গায়ন বায়ন…

প্রকল্পটো অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই উপলক্ষে নিৰ্মিয়মান প্রকল্পটোৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজ লয়।

নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণে কিদৰে শক্তি বৃদ্ধি কৰিব বিজেপিৰ?

অহা বৰ্ষত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে চলিত মাহৰ শেষৰ ফালে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই দুই নেতাৰ ভ্ৰমণে নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিক বাৰুকৈয়ে শক্তি প্ৰদান কৰিব। পঢ়ক সবিশেষ-

ভাষণত নাৰ্ভাচ, অশোভনীয় শব্দ প্ৰয়োগ…অমিত শ্বাহৰ বিৰুদ্ধে বাক্যবাণ ৰাহুল গান্ধীৰ

সাংবাদিকৰ আগত গান্ধীয়ে কয়, ‘‘তেওঁ (শ্বাহে) ‘অশোভনীয় ভাষা ব্যৱহাৰ কৰিছিল। মানসিকভাৱে তেওঁ হেঁচাত পৰিছে, আৰু সেয়া সংসদত দেখা গ’ল। মই যি সুধিছিলো, তেওঁ কোনো উত্তৰ নিদিলে আৰু কোনো প্ৰমাণ নিদিলে। মই তেওঁক মুকলিকৈ প্ৰত্যাহ্বান জনাইছিলো যে মোৰ সংবাদমেলসমূহৰ ওপৰত আলোচনা কৰক, কিন্তু একো নহ’ল।"

৮৮ মিনিট মুখামুখিকৈ মোদী-শ্বাহ-ৰাহুল, ৰুদ্ধদ্বাৰ বৈঠকত কি বিষয়ৰ আলোচনা কৰিলে তিনিওজনে?

৮৮ মিনিটৰ ৰুদ্ধদ্বাৰ বৈঠক। সমুখা-সমুখিকৈ বহিল তিনিজন পৰিচিত ৰাজনৈতিক নেতা। এই বৈঠক অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি হৈছিল। যেতিয়া সমগ্ৰ বিষয়টো সাংবিধানিক নীতি অনুসৰি কৰা হৈছিল, তেন্তে ইয়াক লৈ ইমান চৰ্চা কিয়? একাংশৰ মতে এই ক্ষেত্ৰত সময় এটা ডাঙৰ কাৰক।

কংগ্ৰেছৰ শাসনকালত ১১ বাৰ কৰা হৈছিল SIR, সংসদত ৰাহুল গান্ধী তথা কংগ্ৰেছক তুলাধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰাহুল গান্ধীক আক্ৰমণ কৰি অমিত শ্বাহে কয়, "নিৰ্বাচন চুৰি হ'ল বুলি চিঞৰিছে। নিৰ্বাচন আয়োগলৈ কিয় নাযায়? আদালতলৈ কিয় নাযায়? ৰাজ্যসভাত ইমানবোৰ অধিবক্তা নিযুক্তি দিছে, গতিকে পৰামৰ্শ বিচৰা নাই কিয়?

বিএছএফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক সোঁৱৰণ প্ৰধানমন্ত্ৰীৰ

১৯৬৫ চনত এই বাহিনীটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হোৱাৰ উপলক্ষে প্ৰতি বছৰে ১ ডিচেম্বৰত বিএছএফৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি বিভিন্ন নেতাই শুভেচ্ছা জ্ঞাপন কৰে।

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাধা আঁতৰিল, ডাঙৰ সঁহাৰি কেন্দ্ৰৰ

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনটোত ডাঙৰ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিছে অনুমতি।