শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাষণত নাৰ্ভাচ, অশোভনীয় শব্দ প্ৰয়োগ…অমিত শ্বাহৰ বিৰুদ্ধে বাক্যবাণ ৰাহুল গান্ধীৰ

সাংবাদিকৰ আগত গান্ধীয়ে কয়, ‘‘তেওঁ (শ্বাহে) ‘অশোভনীয় ভাষা ব্যৱহাৰ কৰিছিল। মানসিকভাৱে তেওঁ হেঁচাত পৰিছে, আৰু সেয়া সংসদত দেখা গ’ল। মই যি সুধিছিলো, তেওঁ কোনো উত্তৰ নিদিলে আৰু কোনো প্ৰমাণ নিদিলে। মই তেওঁক মুকলিকৈ প্ৰত্যাহ্বান জনাইছিলো যে মোৰ সংবাদমেলসমূহৰ ওপৰত আলোচনা কৰক, কিন্তু একো নহ’ল।"

ভাষণত নাৰ্ভাচ, অশোভনীয় শব্দ প্ৰয়োগ…অমিত শ্বাহৰ বিৰুদ্ধে বাক্যবাণ ৰাহুল গান্ধীৰ
অমিত শ্বাহ আৰু ৰাহুল গান্ধীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 11 Dec 2025 16:52 PM

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে পুনৰ কয় যে বুধবাৰে সংসদত নিৰ্বাচন সংশোধন সন্দৰ্ভত ভাষণ দিয়া সময়ত অমিত শ্বাহক ‘নাৰ্ভাছ’ যেন দেখা গৈছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লোকসভাত দিয়া ভাষণৰ সময়ত ‘অশোভনীয় ভাষা’ ব্যৱহাৰ কৰিছিল।

সাংবাদিকৰ আগত গান্ধীয়ে কয়, ‘‘তেওঁ (শ্বাহে) ‘অশোভনীয় ভাষা ব্যৱহাৰ কৰিছিল। মানসিকভাৱে তেওঁ হেঁচাত পৰিছে, আৰু সেয়া সংসদত দেখা গ’ল। মই যি সুধিছিলো, তেওঁ কোনো উত্তৰ নিদিলে আৰু কোনো প্ৰমাণ নিদিলে। মই তেওঁক মুকলিকৈ প্ৰত্যাহ্বান জনাইছিলো যে মোৰ সংবাদমেলসমূহৰ ওপৰত আলোচনা কৰক, কিন্তু একো নহ’ল। এতিয়া সকলোৱে বাস্তৱ বুজি পাইছে।”

ৰাহুলৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত আক্ৰমণাত্মক সুৰত বিজেপিৰ সাংসদ জগদাম্বিকা পালে প্ৰশ্ন কৰে যে গৃহমন্ত্ৰীয়ে ভাষণ দিওঁতে ৰাহুল গান্ধী আৰু বিৰোধী INDIA ব্লক কিয় “পলাই গৈছিল”।

“তেন্তে তেওঁলোক কিয় গুচি গ’ল? খেলপথাৰ পৰিত্যাগ কৰি পলায়ন কৰা মানুহ, দেশে তেওঁলোকক চাই থাকে। দুদিনীয়া আলোচনাৰ সময়ত তেওঁ (শ্বাহ) নিৰ্বাচনী সংস্কাৰ আৰু এছ আই আৰৰ ওপৰত উত্থাপিত সকলো প্ৰশ্নৰ বিৰুদ্ধে দাপোন এখন তুলি ধৰিছিল… যেতিয়া মানুহে এছ আই আৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ গৈছিল, তেতিয়া উচ্চতম ন্যায়ালয়েও কৈছিল যে এছ আই আৰ বন্ধ কৰাৰ কোনো কাৰণ নাই… গতিকে কিমান দিনলৈ তেওঁলোকে পৰাজয়ৰ বাবে নিৰ্বাচন আয়োগ, ভোটাৰ তালিকা, ই ভি এমক দোষাৰোপ কৰি থাকিব?” পালে প্ৰশ্ন কৰে।

অমিত শ্বাহ বনাম ৰাহুল গান্ধী

নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ভাষণৰ সময়ত শ্বাহে ৰাহুল গান্ধীৰ সৈতে বাকযুদ্ধত লিপ্ত হয়। কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগ আৰু শাসকীয় বিজেপি দলৰ বিৰুদ্ধে ভোট চুৰি’ কৰা বুলি বাৰে বাৰে দাবী কৰাক লৈ এই বাকযুদ্ধ চলে।

এই বিষয়ত তিনিখন সংবাদমেল অনুষ্ঠিত কৰা লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে সেই ব্রিফিঙৰ আধাৰত বিতর্কৰ বাবে গৃহমন্ত্রীক প্রত্যাহবান জনাইছে ৷ ইয়াৰ উত্তৰত শ্বাহে মন্তব্য কৰে যে “সদনত তেওঁৰ (গান্ধীৰ) ইচ্ছা অনুসৰি কাম নহ’ব।”

নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত লোকসভাত শ্বাহৰ ভাষণৰ সময়ত গান্ধীয়ে হস্তক্ষেপ কৰাত উত্তপ্ত বাকযুদ্ধৰ সূচনা হয়। নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ বিৰোধীক সমালোচনা কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যুক্তি আগবঢ়ায় যে ৰাহুল গান্ধীৰ তিনিখন সংবাদমেলত উত্থাপিত অভিযোগকে ধৰি তেওঁলোকৰ সকলো অভিযোগৰ উত্তৰ তেওঁৰ হাতত আছে।

”তেওঁৰ সংবাদমেলত এল অ’ পিয়ে দাবী কৰিছিল যে ভোটাৰ তালিকাখন ত্ৰুটিপূৰ্ণ আৰু সংশোধনৰ প্ৰয়োজন। এছ আই আৰ ঠিক সেইটোৱেই- তালিকা সংশোধন কৰাৰ এক প্ৰক্ৰিয়া। তথাপিও তেওঁ ইয়াৰ বিৰোধিতা কৰে। আপোনাৰ পৰাজয় নিশ্চিত; ভোটাৰ তালিকাৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই। গণতন্ত্ৰত দুটা মানদণ্ডই কাম নকৰে। যেতিয়া আপুনি জয়ী হয়, তেতিয়া ই চি মহান হয়; যেতিয়া আপুনি পৰাস্ত হয়, তেতিয়া ই চিয়ে পক্ষপাতিত্ব কৰে। মোৰ হাতত এই সকলোবোৰ অভিযোগৰ উত্তৰ আছে- যিবোৰ সেই তিনিখন সংবাদমেল অন্তৰ্ভুক্ত আছিল,” শ্বাহে মন্তব্য কৰে।

ইয়াৰ পিছত ৰাহুল গান্ধীয়ে বাধা দি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায়। ৰায়ে বৰেলীৰ সাংসদগৰাকীয়ে দৃঢ়তাৰে কয়, ‘‘কালি মই সুধিলোঁ যে নিৰ্বাচন আয়ুক্তসকলক কিয় সম্পূৰ্ণ ৰক্ষাকৱচ দিয়া হ’ল। আমি ইয়াৰ আঁৰৰ যুক্তি বুজিব বিচাৰো। তেওঁ (অমিত শ্বাহে) হাৰিয়ানাৰ কথা উল্লেখ কৰিছিল, কিন্তু ইয়াৰ আন বহু উদাহৰণ আছে— ১৯ লাখ ভুৱা ভোটাৰকে ধৰি।”

শ্বাহে উত্তৰত কয় যে গান্ধীয়ে তেওঁৰ ভাষণৰ ক্ৰম নিৰ্দেশ দিব নোৱাৰে আৰু ধৈৰ্য্য ধৰিব লাগে। ‘‘আপুনি হঠকাৰীতাৰে সংসদ চলাব নোৱাৰে। মই মোৰ ভাষণৰ ক্ৰম নিৰ্ধাৰণ কৰিম। সদন এনেদৰে কাম নকৰে।তেওঁ ধৈৰ্য্য ধৰিব লাগে।মই প্ৰতিটো কথাৰ প্ৰতি সঁহাৰি দিম।‘‘ নিৰ্বাচনী সংস্কাৰৰ আলোচনাত শ্বাহে উত্তৰ দিয়াৰ সময়ত লোকসভাৰ পৰা ওলাই আহিছিল বিৰোধী সাংসদসকল।