শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে? সবিশেষ…

দেওবাৰে নিশা (২৮ ডিচেম্বৰ) গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল গৃহমন্ত্ৰী অমিত শ্বাহ। ঘন কুঁৱলীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ এদিনৰ বাবে পিছুৱাই দিয়া হয়। বিষয়াসকলৰ মতে, দেওবাৰে তেওঁৰ গুৱাহাটীলৈ অহা বিমান বাতিল কৰা হৈছিল, যাৰ বাবে এতিয়া তেওঁৰ আগমনৰ দিন ধাৰ্য কৰা হৈছে আজি অৰ্থাৎ সোমবাৰে পুৱা।

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে? সবিশেষ…
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
trishna-kalita
Trishna Kalita | Updated On: 29 Dec 2025 10:40 AM

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমান বন্দৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বই জনাব আদৰণি। বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।

দেওবাৰে নিশা (২৮ ডিচেম্বৰ) গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল গৃহমন্ত্ৰী অমিত শ্বাহ। ঘন কুঁৱলীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ এদিনৰ বাবে পিছুৱাই দিয়া হয়। বিষয়াসকলৰ মতে, দেওবাৰে তেওঁৰ গুৱাহাটীলৈ অহা বিমান বাতিল কৰা হৈছিল, যাৰ বাবে এতিয়া তেওঁৰ আগমনৰ দিন ধাৰ্য কৰা হৈছে আজি অৰ্থাৎ সোমবাৰে পুৱা।

অমিত শ্বাহে প্ৰথমে দেওবাৰে নিশা গুৱাহাটী উপস্থিত হৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত থকাৰ কথা আছিল যদিও দেওবাৰৰ কোনো আনুষ্ঠানিক অনুষ্ঠানৰ কথা নাছিল। বিমান বাতিল হোৱাৰ পিছতো তেওঁৰ ভ্ৰমণৰ সৈতে জড়িত সকলো নিৰ্ধাৰিত কাৰ্যসূচী অপৰিৱৰ্তিত হৈ আছে, মাত্ৰ আগমনৰ তাৰিখ সলনি কৰা হৈছে।

Amit Shah Assam Visit

গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচী

চৰকাৰী কাৰ্যসূচী মতে, সোমবাৰে পুৱা ১০.৩০  গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ উপস্থিত হোৱাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ ল’ব প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে। সমাৱেশ ঘটিব ভিন্ন প্ৰান্তৰ ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ।  বৃহৎ জনসভাত ভাষণ দিব গৃহমন্ত্ৰীয়ে।

তাৰ পিছত আবেলি ৩ বজাত গুৱাহাটীত উপস্থিত হ’ব। নতুনকৈ নিৰ্মিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ পৰিদৰ্শন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। য’ত তেওঁ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব।

তাৰ পিছত অমিত শ্বাহে নতুন আৰক্ষী আয়ুক্ত ভৱন আৰু মহানগৰীৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে সংহত কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম (আই চি চি এছ) উদ্বোধন কৰিব। তাৰ পিছতে খানাপাৰাত নিৰ্মাণ কৰা ৫ হাজাৰ আসনযুক্ত বিশাল জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স (অডিটৰিয়াম) উদ্বোধন কৰি অসম ভ্ৰমণৰ সামৰণি মাৰিব গৃহমন্ত্ৰীগৰাকীয়ে।